/asomiyapratidin/media/media_files/2024/12/17/FEO0HvEXH8DnVy8OkJYU.jpg)
ডিজিটেল সংবাদ,শিলচৰ : হিংসাজৰ্জৰ মণিপুৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মণিপুৰ আৰক্ষীয়ে। যোৱা শনিবাৰে কাকছিং জিলাৰ কেইৰাকত দুজন প্ৰব্ৰজিত শ্ৰমিকক গুলিয়াই হত্যা কৰা ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে পৃথক পৃথক স্থানৰ পৰা ১০জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে।
সোমবাৰে কাকচিং জিলাৰ লামখাই অঞ্চলত অভিযান চলাই শ্ৰমিক হত্যাৰ অভিযোগত মণিপুৰ আৰক্ষীয়ে এজন দুৰ্ধৰ্ষ কে চি পি (পি ডব্লিউ জি গোট)ৰ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। ধৃত ইৰেংবাম ৰামেশ্বৰ সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কাকচিং মামাং চিং লাইফাম লোকনুং অঞ্চলত থকা কেচিপি উগ্ৰপন্থী সংগঠনটৰ এটা শিবিৰত তালাচী চলাই আৰু ৭জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে।
লগতে শিবিৰটোৰ পৰা বুজণ পৰিমাণৰ মাৰণাস্ত্ৰও জব্দ কৰে আৰক্ষীয়ে। ধৃত উগ্ৰপন্থী কেইজন হৈছে - এলাংগাবাম হেৰোজিত সিং (৪০), হেইক্ৰুজাম প্ৰেম (২৮), ওক্ৰাম অৰুণ্ডাত্তা (৩০), চেঞ্জাম ৰেবিংছন (২৭),ওক্ৰাম অমৰজিত (৩১), আৰিবাম ঘনেন্দ্ৰজিৎ শৰ্মা (২৫ আৰু চংথাম ৰাজকুমাৰ (২৬)। শিবিৰটোৰ পৰা মেগজিনসহ ১টা চেভেন পইন্ট ছিক্স ফাইভ পিষ্টল, মেগাজিনসহ ১টা দেশত নিৰ্মিত নাইন এম এম পিষ্টল, মেগজিনৰ সৈতে ১টা পইন্ট থ্ৰি টু পিষ্টল, ১টা দেশত নিৰ্মিত ৭.৬২ স্নাইপাৰ ৰাইফল, ২টা ডি বি বি এল বন্দুক, ২টা S B B L বন্দুক, ডিটনেটৰসহ ৩টা গ্ৰেণেড জব্দ কৰে। একেদৰে ১৯টা সজীৱ গুলি, ১০টা মোবাইল ফোন, এখন দুচকীয়া বাহনসহ বহু বিস্ফোৰক আৰু অনান্য সামগ্ৰী জব্দ কৰে।
ইফালে, কাকচিং জিলাৰ চিং কাকফাম অঞ্চলত অভিযান চলাই আৰু দুজন কেচিপি (পিডব্লিউজি)ৰ কেডাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত উগ্ৰপন্থী দুজন লিছাম প্ৰেমানন্দ মেইটেই (৪৫) আৰু জেমছ নিংথৌজাম (৪৪) বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ পৰা তিনিটা মোবাইল ফোন আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us