আইজলত ৰীমালৰ প্ৰভাৱঃ প্ৰবল বৰষুণত শিলৰ কুৱেৰী খহি পৰি নিহত ১০জন

আইজলত ৰীমালৰ প্ৰভাৱঃ প্ৰবল বৰষুণত শিলৰ কুৱেৰী খহি পৰি নিহত ১০জন

author-image
Asomiya Pratidin
New Update
আইজলত ৰীমালৰ প্ৰভাৱঃ প্ৰবল বৰষুণত শিলৰ কুৱেৰী খহি পৰি নিহত ১০জন

ডিজিটেল ডেস্কঃ মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পাহাৰৰ পৰা শিলৰ কুৱেৰী খহি পৰি ১০জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক নিৰুদ্দেশ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Advertisment

মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত বৰষুণৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে, আইজল চহৰৰ দক্ষিণ উপকণ্ঠ অঞ্চলত অৱস্থিত মেলথাম আৰু হ্লিমেনৰ মাজৰ অঞ্চলত পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই ঘটনা।

আৰক্ষী গৰাকী বিষয়াই জনোৱা মতে, কেইবাটাও মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযান ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ঠায়ে ঠায়ে ব্যাহত হৈছে যাতায়ত ব্যৱস্থা। ঘুৰ্ণী বতাহ ৰীমালৰ প্ৰভাৱতে ৰাজ্যখনত ভূমিস্খলনৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

Also Read: মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সতৰ্কবাণীঃ নাযাব মাছ ধৰিবলৈ, কৃষি কৰ্ম কৰিবলৈ...

Aizawl Remal mizoram