ঘিলামৰা আৰক্ষীৰ তৎপৰতাত ১০ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ

ঘটনাৰ ২৪ ঘণ্টা অতিক্ৰম নৌহওঁতেই ঘিলামৰা থানাৰ অচি বকুল গগৈয়ে মুঠ ১০জন নাম অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । এখন দীঘল অভিযুক্তৰ নাম তালিকা প্ৰস্তুত কৰি আৰক্ষীয়ে চলোৱা অভিযান

author-image
Asomiya Pratidin
New Update
web ap 1 (1)

ডিজিটেল সংবাদ,ঢকুৱাখনা : এটা এটাকৈ আৰক্ষীৰ জালত পৰিছে ঘিলামৰাৰ কৰ্তব্যৰত আৰক্ষীক গণ প্ৰহাৰকাৰী উন্নাসিক ব্যক্তি। উক্ত নির্লজ কাণ্ডৰ সংগৃহীত ভি ডি অ'ৰ জৰিয়তে আক্ৰমণকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ অভিযান অব্যাহত ৰাখিছে ঘিলামৰা আৰক্ষীয়ে ।

Advertisment

ইতিমধ্যে এই ঘটনাৰে জড়িত ১০ জন মূল আক্ৰমণকাৰী ৰঙা ঘৰৰ আলহী হৈছে । ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গা ডাঙৰচুক গাঁৱত এক দম্পত্তিক উদ্ধাৰ কৰিবলৈ যোৱা এটা আৰক্ষীৰ দলৰ দুই আৰক্ষীক প্ৰাণনাশী আক্ৰমণ কৰা, বলপূৰ্বক গাড়ী ভেটি ধৰি চৰকাৰী কৰ্তব্যত বাধা দিয়া ,চোকা অস্ত্ৰৰে মহিলা আৰক্ষীক আঘাত হনা তথা দুষ্কাৰ্যত জড়িত মূল আক্ৰমণকাৰীসকলক চিনাক্ত কৰি ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ঘিলামৰা আৰক্ষীয়ে ।

ঘটনাৰ ২৪ ঘণ্টা অতিক্ৰম নৌহওঁতেই ঘিলামৰা থানাৰ অচি বকুল গগৈয়ে মুঠ ১০জন নাম অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । এখন দীঘল অভিযুক্তৰ নাম তালিকা প্ৰস্তুত কৰি আৰক্ষীয়ে চলোৱা অভিযান কালত গ্ৰেপ্তাৰ হোৱা সকল হ'ল ক্ৰমে গা ডাঙৰচুক গাঁওৰ  হৰি কৃষ্ণ দলে, ভদ্ৰ কান্ত দলে, অৰ্জুন দলে, ভীষ্ম পাতিৰ ,প্রিয় নাথ দলে,ৰমেশ পাতিৰ,এবেল দলে, জুনিয়ৰ পাতিৰ, বাণী কান্ত পাতিৰ আৰু ৰাম চন্দ্ৰ পাতিৰ।

ঘিলামৰা থানাত পঞ্জীভূত গোচৰ নম্বৰ 21/2025ৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতা-২০২৩ৰ 191 (2) / 126(2) / 132 / 117(2) / 118(2) / 351(2) / 109 ধাৰাত গ্ৰেপ্তাৰ হোৱা এই ১০ জনক শুক্ৰবাৰে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই লখিমপুৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।  ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গগৈৰ তৎপৰতাৰ বাবে ঘটনাৰ পিছ মুহূৰ্ততে ১০ টাকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হোৱাত সচেতন মহল সন্তুষ্ট হৈছে ।

অচিৰেই অন্য সকল অভিযুক্ত আৰক্ষীৰ জালত পৰিব বুলি অচি গগৈয়ে জানিবলৈ দি এনেদৰে আইন হাতত তুলি আৰক্ষীক নিৰ্মম প্ৰহাৰ কৰা এজনো বাছি নাযাব বুলি সকীয়াই দিয়ে ।

ঢকুৱাখনা ঢকুৱাখনা আৰক্ষী