/asomiyapratidin/media/media_files/2025/03/23/QJAjz8yHFnwCuiUlvW8H.jpg)
কেন্দ্ৰীয় শক্তিমন্ত্ৰীৰ ঘোষণা
ডিজিটেল ডেস্ক: ভাৰতে ২০৩২ চনৰ ভিতৰত প্ৰায় ১.৯১ লাখ কিলোমিটাৰ (চাৰ্কিট কিলোমিটাৰ) ট্ৰেন্সমিছন লাইন আৰু ১২৭৪ জিভিএৰ ৰূপান্তৰ ক্ষমতা সংযোজন কৰাৰ পৰিকল্পনা কৰিছে। বৃহস্পতিবাৰে সন্ধিয়া শক্তি মন্ত্ৰালয়ৰ সদস্যসকলৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ বৈঠকত ভাষণপ্ৰসংগত এই কথা উল্লেখ কৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে। লগতে তেওঁ কয় যে, "২০৪৭ চনৰ ভিতৰত ভাৰত হ'ব শক্তিখণ্ডত উন্নত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এক জটিল উপাদান।"
"ৰাষ্ট্ৰীয় বিদ্যুৎ পৰিকল্পনাত দেশত উৎপাদন ক্ষমতা সংযোজন আৰু দেশত বিদ্যুতৰ চাহিদা বৃদ্ধিৰ সমানুপাতিকভাৱে ২০২৩ চনৰ পৰা ২০৩২ চনলৈকে দেশত সংযোজন কৰিবলগীয়া সংবহন ব্যৱস্থাৰ সবিশেষ প্ৰদান কৰা হৈছে" বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
তেওঁ লগতে কয় যে,"পৰ্যাপ্ত সংবহন ব্যৱস্থাৰ উপলব্ধতাৰ সৈতে উৎপাদন ক্ষমতাৰ অনুকূল ব্যৱহাৰ নিশ্চিত কৰিব পৰা যাব। ইয়াৰ বাবে প্ৰয়োজন হ'ব নিৰ্ভৰযোগ্য শক্তি ব্যৱস্থাৰ। এন ই পি- ট্ৰেন্সমিছন অনুসৰি দহ বছৰৰ সময়ছোৱাত (২০২৩ৰ পৰা ২০৩২লৈ) প্ৰায় ১.৯১ লাখ কে.চি.মি. ট্ৰেন্সমিছন লাইন আৰু ১২৭৪ জিভিএৰ ৰূপান্তৰ ক্ষমতা সংযোজন কৰাৰ পৰিকল্পনা কৰা হ'ব" বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী গৰাকীয়ে।