জিকা ভাইৰাছৰ লক্ষণ, প্ৰতিৰোধৰ উপায় জানি লৈ সাৱধান হওঁক

জিকা ভাইৰাছৰ লক্ষণ, প্ৰতিৰোধৰ উপায় জানি লৈ সাৱধান হওঁক

ডিজিটেল ডেস্ক: কৰোনাৰ পিছত এইবাৰ আন এটা বিপদজনক ভাইৰাছে সমগ্ৰ দেশজুৰি  আতংকৰ সৃষ্টি কৰিছে।ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধৰা এই ভাইৰাছৰ নাম জিকা ভাইৰাছ। কেৰালাৰ পিছত শেহতীয়াকৈ কৰ্ণাটকৰ চিক্কাবাল্লাপুৰ জিলাত এই ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

এই সন্দৰ্ভত কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী দিনেশ গুণ্ডু ৰাৱে প্ৰকাশ কৰা মতে, ‘আমাৰ বিভাগে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। আমি সংগ্ৰহ কৰা কিছুমান নমুনা জিকা পজিটিভ পোৱা গৈছে। চিক্কাবাল্লাপুৰত জিকা ভাইৰাছ বিয়পোৱা মহ পোৱা গৈছে। আমি প্ৰায় ১০ দিন আগতে প্ৰতিবেদনটো পাইছিলো আৰু তেতিয়াৰ পৰা আমি তাত পৰিস্থিতি নিৰীক্ষণ কৰি আছো। অৱশ্যে সেই অঞ্চলত বৰ্তমানলৈকে কোনো ব্যক্তি সংক্ৰমিত হোৱা নাই। আশা কৰো এই ভাইৰাছটো নিয়ন্ত্ৰণলৈ আহিব।’ আনহাতে, চিক্কাবাল্লাপুৰ জিলাৰ টালকেবেট্টাৰ চাৰিওফালে পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধত সতৰ্কবাণী জাৰি কৰা হৈছে।জিলা স্বাস্থ্য বিষয়া এছ এছ মহেশে এই বিষয়ে জনোৱা মতে, অঞ্চলটোত জ্বৰৰ সকলোবোৰ ঘটনা তথা তীব্ৰ জ্বৰ থকা তিনিজন ৰোগীক নিবিড়ভাৱে বিশ্লেষণ কৰা হৈছে। তেওঁলোকৰ নমুনাবোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। জিলা প্ৰশাসনে এই বিষয়ে সকলো সময়তে সতৰ্ক হৈ আছে।

জিকা ভাইৰাছ কি ?

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এডিছ মহৰ কামোৰৰ ফলত দ্বাৰা জিকা ভাইৰাছ বিয়পে। জিকা ভাইৰাছৰ উৎপত্তি পশ্চিম, মধ্য আফ্ৰিকা আৰু দক্ষিণ-পূব এছিয়াত হৈছিল। যদি এগৰাকী গৰ্ভৱতী মহিলা এই ভাইৰাছৰ সংস্পৰ্শলৈ আহে, তেনেহ'লে তেওঁৰ গৰ্ভত থকা শিশুটোও জিকা ভাইৰাছত সংক্ৰমিত হোৱাৰ আশংকা থাকে। 

জিকা ভাইৰাছত আক্ৰান্ত হোৱাৰ লক্ষণ- 

. শৰীৰত ৰঙা দাগ

. তীব্ৰ জ্বৰ 

. পেশী আৰু গাঁঠিৰ বিষ 

. মূৰৰ বিষ 

এই ভাইৰাছৰ পৰা নিজকে কিদৰে সুৰক্ষিত কৰিব ?

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, জিকা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তি এজনে পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম ল'ব লাগে আৰু একেৰাহে পানী খাব লাগে। পৰ্যাপ্ত পানী খালে শৰীৰ হাইড্ৰেটেড হৈ থাকে।এই ভাইৰাছৰ সংক্ৰমণ আৰু চিকিৎসাৰ বিষয়ে সজাগতাও গুৰুত্বপূৰ্ণ। জিকা ভাইৰাছ মুখ্যতঃ মানৱ শৰীৰত এসপ্তাহৰ বাবে থাকে। এই ভাইৰাছৰ কোনো ভেকছিন বা চিকিৎসা নাই।

জিকা ভাইৰাছৰ লক্ষণ, প্ৰতিৰোধৰ উপায় জানি লৈ সাৱধান হওঁক
সাৱধান হওঁক ! এইসমূহ এক গুৰুতৰ ৰোগৰ লক্ষণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in