এইদৰে ঘৰতে কৰক কঁকাল-পিঠিৰ বিষৰ চিকিৎসা, চিৰদনলৈ পাব সকাহ

ভুল জীৱনশৈলীয়েই আমাৰ বহু ৰোগৰ অন্যতম কাৰণ। সকলোকে হাৰাশাস্তি কৰা কঁকাল আৰু পিঠিৰ বিষৰো কাৰণ হৈছে জীৱনশৈলী।এক গৱেষণাত ইতিমধ্যেই প্ৰমাণিত হৈছে যে এই সমস্যা পুৰুষতকৈ অধিক মহিলাৰ ক্ষেত্ৰত হয় আৰু যিকোনো বয়সতে হ'ব পাৰে।

author-image
Asomiya Pratidin
New Update
এইদৰে ঘৰতে কৰক কঁকাল-পিঠিৰ বিষৰ চিকিৎসা, চিৰদনলৈ পাব সকাহ

ডিজিটেল ডেস্ক: ভুল জীৱনশৈলীয়েই আমাৰ বহু ৰোগৰ অন্যতম কাৰণ। সকলোকে হাৰাশাস্তি কৰা কঁকাল আৰু পিঠিৰ বিষৰো কাৰণ হৈছে জীৱনশৈলী।এক গৱেষণাত ইতিমধ্যেই প্ৰমাণিত হৈছে যে এই সমস্যা পুৰুষতকৈ অধিক মহিলাৰ ক্ষেত্ৰত হয় আৰু যিকোনো বয়সতে হ'ব পাৰে। এনে পৰিস্থিতিত, মহিলাসকলে এই বিষৰ পৰা পৰিত্ৰাণ পাবলৈ ঔষধৰ আশ্ৰয় লয়। কিন্তু কেৱল কিছু সময়ৰ বাবেহে ঔষধৰ প্ৰভাৱ থাকে। আপুনি যদি চিৰদিনলৈ কঁকাল তথা পিঠিৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰে, তেন্তে কিছুমান ঘৰুৱা প্ৰতিকাৰ কৰিব পাৰে।যিবোৰ অতি সহজ।আজি সকলোকে যমৰ যাতনা দিয়া এই বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা প্ৰতিকাৰসমূহৰ বিষয়ে জানো আহক-

Advertisment

হালধি গাখীৰ খাব

কেতিয়াবা আঘাত পালে জ্যেষ্ঠসকলে প্ৰায়ে আমাক গাখীৰত হালধি মিহলি কৰি খোৱাৰ পৰামৰ্শ দিয়ে। কিয়নো এনেদৰে সেৱন কৰিলে ভুক্তভোগীয়ে বিষ তথা আঘাতৰ পৰা সোনকালে সকাহ পায়। পিঠি-কঁকালৰ বিষতো হালধী গাখীৰ খোৱাটো খুবেই উপকাৰী।বেছিকৈ বিষ হ’লে আপুনি ঔষধৰ সলনি একাপ গাখীৰত ১ চাহ চামুচ হালধি গুৰি মিহলাই শোৱাৰ আগতে প্ৰতি নিশা খাব। ই আপোনাৰ পিঠিৰ বিষৰ পৰা খুব সোনকালেই সকাহ দিব।

গৰম পানীৰে গা ধুব

ঘৰুৱা কাম কৰাৰ পিছত বা যিকোনো গধুৰ বস্তু উঠোৱাৰ পিছত পিঠি-কঁকাল বিষে খুব কষ্ট দিয়ে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি গৰম পানীৰে গা ধুব। কিন্তু আপুনি শোৱাৰ আগতে এনেদৰে গা ধুব। গৰম পানীয়ে আপোনাৰ শৰীৰত তাপ সৃষ্টি কৰিব আৰু পেশীৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰিব। 

গাৰু অবিহনে শুব

এই বিষ উপশম কৰিবলৈ আপুনি শোৱাৰ সময়ত গাৰুৰ আশ্ৰয় লোৱা বন্ধ কৰক। ই পিছফালৰ হাড়ৰ বিষ হ্ৰাস কৰিব আৰু পেশীবোৰ শিথিল কৰিব। ই ভুল ভংগীৰ ফলত হোৱা শৰীৰৰ সমস্যা হ্ৰাস কৰাতো সহায়ক।

পিঠিৰ বিষৰ কাৰণ 

- পেশীৰ চাপ আৰু ক্ৰেম্প

- অশুদ্ধ ভংগীৰে থকা-শোৱা

- মেৰুদণ্ডৰ ওপৰত অতিৰিক্ত চাপ অনুভৱ কৰা

- মেদবহুলতা বা অত্যাধিক ওজন বৃদ্ধি

সেয়েহে, আমি সকলোয়ে বিশেষকৈ মহিলাসকলে দৈনন্দিন কাম-কাজ কৰোতে কিছু সৰ্তক হোৱাটো খুবেই প্ৰয়োজন।

Also Read: এইদৰে নিমিষতে দূৰ কৰক অসহ্য মূৰৰ বিষ