ডিজিটেল ডেস্ক: অনিদ্ৰা বা টোপনিৰ অভাৱ আজিকালি অতি সচৰাচৰ সমস্যা হৈ পৰিছে। এই সমস্যা যিকোনো ব্যক্তিৰ ক্ষেত্ৰত হ'ব পাৰে যদিও পুৰুষৰ তুলনাত মহিলাৰ ক্ষেত্ৰত ই অধিক হয়।শেহতীয়া এক অধ্যয়ন অনুসৰি, মহিলাৰ অনিদ্ৰাৰ হাৰ পুৰুষৰ তুলনাত ৫৮ শতাংশ অধিক আৰু এই সমস্যাৰ তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত।
মহিলাৰ টোপনিৰ সমস্যাৰ মুখ্য কাৰণসমূহ
মহিলাসকলৰ অনিদ্ৰা সমস্যাৰ মুখ্য কাৰণবোৰৰ ভিতৰত আছে চাপ, বৰ্ধিত কামৰ বোজা, কেফেইনৰ অত্যাধিক সেৱন, নিশা দেৰিলৈকে কাম কৰা আৰু জীৱনশৈলীৰ বেয়া অভ্যাস। বিশেষকৈ, কাম আৰু পাৰিবাৰিক দায়িত্বৰ বাবে মহিলাসকলৰ টোপনি প্ৰভাৱিত হয়। এক প্ৰতিবেদন অনুসৰি, প্ৰতি ৩গৰাকী মহিলাৰ ভিতৰত ১গৰাকীয়েহে ৰাতি পৰ্যাপ্ত টোপনি লাভ কৰে।
হৰমনৰ তাৰতম্যৰ প্ৰভাৱ
মহিলাৰ হৰমনৰ পৰিৱৰ্তনে টোপনিত যথেষ্ট প্ৰভাৱ পেলায়। ঋতুস্ৰাৱৰ সময়ত এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰনৰ স্তৰ সলনি হয়, যি মহিলাৰ টোপনিত বিৰূপ প্ৰভাৱ পেলায়। যেতিয়া এই হৰমনবোৰৰ স্তৰ নিম্ন বা উচ্চ হয়, মহিলাসকলে অধিক ভাগৰ অনুভৱ কৰাৰ লগতে তেওঁলোকৰ টোপনিৰ মানদণ্ড অৱনতি হয়। সেইকাৰণে মহিলাসকলৰ বিশেষকৈ ঋতুস্ৰাৱৰ সময়ত টোপনিৰ সমস্যা থাকে।
গৰ্ভধাৰণ আৰু ৰজোনিবৃত্তিৰ প্ৰভাৱ
গৰ্ভধাৰণ আৰু ৰজোনিবৃত্তিৰ সময়ত মহিলাৰ ক্ষেত্ৰত টোপনিৰ সমস্যা আৰু অধিক বৃদ্ধি হয়। গৰ্ভৱতী মহিলাৰ টোপনি যোৱাত সমস্যা হয়, বিশেষকৈ প্ৰথম তিনিমাহত।তদুপৰি, গৰ্ভধাৰণৰ সময়ত শাৰীৰিক পৰিৱৰ্তন আৰু মানসিক চাপৰ ফলতো টোপনি প্ৰভাৱিত হয়। ৰজোনিবৃত্তিৰ সময়ত হৰমনৰ পৰিৱৰ্তনৰ বাবে মহিলাসকলৰ ক্ষেত্ৰত নিশা ঘাম ওলোৱা, গভীৰ টোপনিৰ পৰা হঠাতে সাৰ পোৱা সমস্যা অধিক সচৰাচৰ হয়। এষ্ট্ৰোজেনৰ স্তৰৰ তাৰতম্যৰ ফলত মস্তিষ্কৰ তাপমাত্ৰা নিয়ন্ত্ৰণত ব্যাঘাত হয়। যাৰ ফলত এই সমস্যাবোৰ হয়।
মানসিক স্বাস্থ্য আৰু টোপনি
মহিলাৰ মানসিক স্বাস্থ্যৰ সমস্যাই টোপনিকো প্ৰভাৱিত কৰিব পাৰে। মানসিক চাপ, উদ্বেগ আৰু হতাশা প্ৰায়ে মহিলাৰ ক্ষেত্ৰত দেখা যায়, যিয়ে তেওঁলোকৰ টোপনিৰ সমস্যা বৃদ্ধি কৰিব পাৰে। চাপ আৰু উদ্বেগৰ বাবে মহিলাৰ মন শান্ত নহয়, যাৰ ফলত টোপনি নাযায়।
বেয়া টোপনিৰ অভ্যাস আৰু জীৱনশৈলী
বহুতো মহিলাই নিশা বহু দেৰিলৈকে ম'বাইল বা টিভি ব্যৱহাৰ কৰে, যিয়ে তেওঁলোকৰ টোপনি প্ৰভাৱিত কৰে।ম'বাইলৰ নীলা পোহৰে মগজুত প্ৰভাৱ পেলায় আৰু মেলাটোনিন নামৰ টোপনি হৰমন এটাৰ উৎপাদনত বাধা দিয়ে। ইয়াৰ ফলত ৰাতি টোপনি যোৱাত অসুবিধা হয়।
আহাৰৰ প্ৰভাৱ
খাদ্যাভ্যাসবোৰেও টোপনিত গভীৰ প্ৰভাৱ পেলায়। মহিলাসকলৰ শৰীৰত প্ৰায়ে আইৰণৰ অভাৱ হয়, যাৰ ফলত তেওঁলোক অৱসাদ আৰু টোপনিৰ অভাৱৰ সন্মুখীন হয়।আনহাতে, অধিক কেফেইন, চাহ, আৰু কেফেইনযুক্ত পানীয় সেৱন তথা ৰাতি গধুৰ আহাৰ খোৱাটোৱেও টোপনিত প্ৰভাৱিত কৰে।
এই সকলোবোৰ সমস্যাই মহিলাৰ টোপনিত প্ৰভাৱিত কৰে আৰু ই তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য প্ৰভাৱিত কৰে। হৰমনৰ পৰিৱৰ্তন, মানসিক চাপ, গৰ্ভধাৰণ আৰু ৰজোনিবৃত্তি, লগতে জীৱনশৈলীৰ অভ্যাসৰ ফলত মহিলাসকলৰ বাবে অনিদ্ৰা আৰু টোপনিৰ মানদণ্ডৰ সমস্যা হয়। এই সমস্যাবোৰৰ মোকাবিলা কৰিবলৈ মহিলাসকলে মানসিক আৰু শাৰীৰিক বিশ্ৰাম, সন্তুলিত আহাৰ আৰু টোপনি যোৱাৰ আগতে টিভি ম'বাইলৰ পৰা কিছু সময় আঁতৰত কটোৱাৰ অভ্যাস কৰিব লাগে।
Also Read: উদ্বেগজনকঃ ৯০শতাংশ ভাৰতৰ লোক মানসিক চাপত...