আপোনাৰো পেটটো ডাঙৰ যদি এই বিষয়ে জানি লওঁক

অস্বাস্থ্যকৰ খাদ্যভাষ তথা ভুল জীৱনশৈলীয়ে বহু শাৰীৰিক সমস্যাক আমন্ত্ৰণ দিয়ে। বহুসময়ত মানুহে পেটৰ গধুৰতা অৰ্থাৎ পেট ফুলাক পেটৰ চৰ্বি বৃদ্ধি বা মেদবহুলতা বুলি ভুল কৰে।

author-image
Asomiya Pratidin
New Update
আপোনাৰো পেটটো ডাঙৰ যদি এই বিষয়ে জানি লওঁক

difference between bloating and obesity

ডিজিটেল ডেস্ক: অস্বাস্থ্যকৰ খাদ্যভাষ তথা ভুল জীৱনশৈলীয়ে বহু শাৰীৰিক সমস্যাক আমন্ত্ৰণ দিয়ে। বহুসময়ত মানুহে পেটৰ গধুৰতা অৰ্থাৎ পেট ফুলাক পেটৰ চৰ্বি বৃদ্ধি বা মেদবহুলতা বুলি ভুল কৰে। প্ৰকৃততে, ফুলা আৰু মেদবহুলতা দুয়োটাই স্বাস্থ্যৰ সমস্যা যদিও দুয়োটাৰে সমস্যা আৰু প্ৰভাৱো পৃথক। আজি এই বিষয়ে জানো আহক-

Advertisment

পেট ফুলা

পেট ফুলা হৈছে এনে এক স্থিতি, য'ত পেটত গেছ ভৰ্তি হোৱাৰ ফলত পেট ফুলি যায়। ইয়াক প্ৰায়ে খোৱাৰ পিছত অনুভৱ কৰা হয়, বিশেষকৈ যেতিয়া গধুৰ আহাৰ গ্ৰহণ কৰা হয়। পেটৰ বিষ, গেছ, ডায়েৰিয়া বা কোষ্ঠকাঠিন্যৰ ফলত সাধাৰণতে পেট ফুলাৰ সমস্যা হয়।

পেট ফুলাৰ কাৰণ 

পেট ফুলাৰ বহুতো কাৰণ থাকিব পাৰে। উচ্চ আঁহযুক্ত আহাৰ খোৱা, খাদ্যৰ সৈতে বায়ু পেটলৈ যোৱা, গেষ্ট্ৰোইনটেষ্টিনেল (জিআই) সমস্যা, লেক্টোজ অসহিষ্ণুতা, ইৰিটেবল বাৱেল চিণ্ড্ৰোম (আই.বি.এছ.), বা হৰমনৰ পৰিৱৰ্তন আদি হৈছে পেট ফুলাৰ অন্যতম কাৰণ।পেট ফুলাৰ সমস্যা অস্থায়ী।ই সাধাৰণতে গুৰুতৰ নহয় যদিও যদি বহুদিন এই সমস্যা শৰীৰত থাকে, ই এক গুৰুতৰ আভ্যন্তৰীণ সমস্যাৰ লক্ষণ হ'ব পাৰে।

মেদবহুলতা

মেদবহুলতা হৈছে এক দীৰ্ঘম্যাদী স্থিতি য'ত শৰীৰত অত্যাধিক চৰ্বি জমা হয়। ইয়াক বডী মাছ ইণ্ডেক্স (বিএমআই)ৰ দ্বাৰা জোখা হয়। যদি বিএমআই ৩০ বা অধিক হয়, তেন্তে এনে ব্যক্তিক মেদবহুল বুলি গণ্য কৰা হয়।  অত্যাধিক ওজন বৃদ্ধিৰ ফলত উশাহ লোৱাত অসুবিধা, ভাগৰ, গাঁঠিৰ বিষ আৰু শৰীৰক সক্ৰিয় কৰি ৰখাত অসুবিধা হয়। 

মেদবহুলতাৰ কাৰণ

মেদবহুলতাৰ কাৰণ বহুতো কাৰণ হ'ব পাৰে। ইয়াৰ ভিতৰত উচ্চ কেলৰি যুক্ত আহাৰ গ্ৰহণ, শাৰীৰিক সক্ৰিয়তাৰ অভাৱ, আনুবংশিক কাৰক, হৰমনৰ ভাৰসাম্যহীনতা তথা অস্বাস্থ্যকৰ জীৱনশৈলী অন্যতম। মেদবহুলতাৰ ফলত হৃদৰোগ, টাইপ ২ ডায়বেটিচ, উচ্চ ৰক্তচাপ, ষ্ট্ৰ’ক, কৰ্কট ৰোগ, অষ্টিওআৰ্থ্ৰাইটিছৰ দৰে বহুতো গুৰুতৰ স্বাস্থ্য সমস্যা হ'ব পাৰে।

পেট ফুলা আৰু মেদবহুলতাৰ কোনটোৰ বিপদাশংকা অধিক ?

মেদবহুলতা ফুলাতকৈ অধিক গুৰুতৰ স্থিতি। ফুলা সাধাৰণতে অস্থায়ী আৰু কম গুৰুতৰ হয়। আনহাতে, মেদবহুলতা হৈছে এক দীৰ্ঘম্যাদী স্বাস্থ্য সমস্যা, যি জীৱনৰ বাবে বিপদজনক হ'ব পাৰে। মেদবহুলতাই বিভিন্ন প্ৰকাৰৰ ৰোগৰ আশংকা বৃদ্ধি কৰাৰ লগতে জীৱনৰ মানদণ্ডৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। সেয়েহে, মেদবহুলতা পৰিহাৰ কৰিবলৈ স্বাস্থ্যকৰ আহাৰ, নিয়মীয়া ব্যায়াম আৰু জীৱনশৈলীৰ উন্নত কৰাটো খুবেই জৰুৰী।আনহাতে, আহাৰত কিছু পৰিৱৰ্তন কৰা আৰু সাম্ভাব্য কাৰণবোৰ চিনাক্ত কৰাটো পেট ফুলা প্ৰতিৰোধ কৰাত সহায়ক হ'ব পাৰে।

Also Read: এইসমূহ ঘৰুৱা প্ৰতিকাৰৰ সহায় লৈ দূৰ কৰক পেটৰ সমস্যা