এইকেইটা লক্ষণ শৰীৰত দেখিলে ভুলতো উপেক্ষা নকৰিব

পৰিৱৰ্তনশীল বতৰত বিভিন্ন প্ৰকাৰৰ ভাইৰেল সংক্ৰমণ আৰু ফ্লুৰ আশংকা বৃদ্ধি হয়।বিশেষকৈ, বাৰিষাত ভাইৰেল জ্বৰ, চৰ্দি, কফ আদিৰ দৰে সমস্যা সচৰাচৰ দেখা যায়।

author-image
Asomiya Pratidin
New Update
এইকেইটা লক্ষণ শৰীৰত দেখিলে ভুলতো উপেক্ষা নকৰিব

malta fever's symptoms,causes

ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল বতৰত বিভিন্ন প্ৰকাৰৰ ভাইৰেল সংক্ৰমণ আৰু ফ্লুৰ আশংকা বৃদ্ধি হয়।বিশেষকৈ, বাৰিষাত ভাইৰেল জ্বৰ, চৰ্দি, কফ আদিৰ দৰে সমস্যা সচৰাচৰ দেখা যায়। যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল তেওঁলোকৰ এই ভাইৰেল ফ্লুৰ আশংকা অধিক। জিকা ভাইৰাছ, চিকুনগুনিয়াৰ পিছত এতিয়া দেশত মাল্টা জ্বৰৰ আবিৰ্ভাৱ ঘটিছে। এক প্ৰতিবেদন অনুসৰি, গুজৰাটত চান্দিপুৰ ভাইৰাছৰ প্ৰাৰ্দুভাৱৰ পিছত দেশত মাল্টা জ্বৰৰ আশংকা বৃদ্ধি হ'ব পাৰে। সেয়েহে ইয়াৰ লক্ষণবোৰ জানি লৈ সাৱধান হোৱাটো খুবেই দৰকাৰী।

Advertisment

মাল্টা জ্বৰ (ব্ৰুচেলোচিছ) কি?

মাল্টা জ্বৰ, ইয়াক ব্ৰুচেলোচিছ বা অযৌক্তিক জ্বৰ বুলিও কোৱা হয়।ই হৈছে এক সংক্ৰামক ৰোগ। এই ৰোগ ব্ৰুচেলা বেক্টেৰিয়াৰ ফলত হয়। সাধাৰণতে দূষিত গাখীৰ, এনে গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী যেনে চীজ, বাটাৰ গ্ৰহণ কৰিলে বা সংক্ৰমিত জন্তুৰ সৈতে পোনপটীয়া সংস্পৰ্শলৈ আহিলে এই ৰোগ বিয়পে। এই ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে আৰু দীঘলীয়া সময়ৰ বাবে থাকিব পাৰে। সেয়েহে সময়মতে ইয়াৰ লক্ষণবোৰৰ প্ৰতি মনোযোগ দিয়াটো অতি গুৰুত্বপূৰ্ণ।

মাল্টা জ্বৰৰ কাৰণ

-সংক্ৰমিত জন্তুৰ গাখীৰ খোৱা বা সেই গাখীৰৰে তৈয়াৰী খাদ্য সামগ্ৰী খোৱা।

-সংক্ৰমিত জন্তুৰ মাংস কটা, ছাল স্পৰ্শ কৰা বা মলৰ সংস্পৰ্শলৈ অহা।

মাল্টা জ্বৰৰ লক্ষণ

-তৎক্ষণাৎ জ্বৰ উঠা আৰু তৎক্ষণাৎ কমি যোৱা।

-ঠাণ্ডা লাগি জ্বৰ উঠা।

-অত্যাধিক ঘাম ওলোৱা, বিশেষকৈ নিশা।

-নিৰন্তৰ ভাগৰ অনুভৱ কৰা।

-পেশী আৰু গাঁঠিৰ বিষ।

-তীব্ৰ মূৰৰ বিষ।

-ভোক নোহোৱা।

-হঠাতে ওজন হ্ৰাস।

-হতাশা অনুভৱ কৰা।

কিদৰে প্ৰতিৰোধ কৰিব পাৰি মাল্টা জ্বৰ ?

-সদায় পেষ্টুৰাইজড গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী গ্ৰহণ কৰিব। পেষ্টুৰাইজড গাখীৰ হৈছে এনে গাখীৰ, যাক উচ্চ তাপমাত্ৰালৈ গৰম কৰা হয় আৰু তাৰ পিছত লগে লগে ঠাণ্ডা কৰা হয়। এই প্ৰক্ৰিয়াৰ উদ্দেশ্য হৈছে গাখীৰত থকা ক্ষতিকাৰক বেক্টেৰিয়া আৰু বীজাণু বোৰ ধ্বংস কৰা।এনে কৰাৰ ফলত গাখীৰ দীঘলীয়া সময়ৰ বাবে সুৰক্ষিত আৰু সতেজ হৈ থাকে।

-যদি আপুনি আমিষ খাদ্য খায়, ভালদৰে ধুই আৰু ৰান্ধিহে খাব।

-সংক্ৰমিত জন্তুৰ সংস্পৰ্শৰ পৰা দূৰত থাকিব।

-জন্তু স্পৰ্শ কৰাৰ পিছত ভালদৰে চাবোনৰে হাত ধুব।

-খাদ্য আৰু পানীয় পৰিস্কাৰ ঠাইত ৰাখিব আৰু নিজকো পৰিস্কাৰ কৰি ৰাখিব।

আপুনি যদি শৰীৰত এই লক্ষণৰ এটাও দেখা পায়, লগে লগে চিকিৎসকৰ পৰামৰ্শ লওঁক।

বি.দ্ৰ: এই প্ৰবন্ধটো তথ্যৰ ভিত্তিত আধাৰিত। যিকোনো তথ্য অনুসৰণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব।

Also Read: সাৱধান হওঁক ! এইকেইটা হাৰ্ট এটেকৰ লক্ষণ