ভাতৰ মাৰৰ আশ্চৰ্যজনক উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাতনে ?

ভাতৰ মাৰৰ আশ্চৰ্যজনক উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাতনে ?

ডিজিটেল ডেস্ক: পিতৃ-মাতৃসকল শিশুৰ স্বাস্থ্যৰ প্ৰতি খুবেই সচেতন, যিটো একেবাৰে স্বাভাৱিক।শিশুৰ খাদ্য আৰু পানীয়ৰ প্ৰতি অভিভাৱকসকলে সদায়েই বিশেষ মনোযোগ দিয়া উচিত।বিশেষকৈ যেতিয়া আপোনাৰ শিশুটি ৬ মাহতকৈ সৰু হয়। তেওঁলোকক সদায়ে পুষ্টিসমৃদ্ধ আহাৰ প্ৰদান কৰিব লাগে।ইয়াৰ বাবে সকলোয়ে শিশুৰ আহাৰৰ তালিকাত মগু দাইল, খিচিৰি, চুজি আদি অন্তৰ্ভূক্ত কৰে। কিন্তু আন এবিধ এনে খাদ্য আছে, যিয়ে শিশুৰ স্বাস্থ্য ৰক্ষাত অমৃতৰ দৰে কাম কৰে। হয়, ভাতৰ মাৰ শিশুৰ বাবে খুবেই উপকাৰী। আজি ভাতৰ মাৰৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

শক্তিৰ উৎস

শিশুক ভাতৰ মাৰ খুৱালে শৰীৰলৈ শক্তি আহে।ভাতৰ মাৰত প্ৰ'টিন, খনিজ, কাৰ্বোহাইড্ৰেট আৰু এমিনো এচিডৰ দৰে উপাদান থাকে।সেয়েহে ভাতৰ মাৰক শিশুৰ বাবে অতি উপকাৰী বুলি বিবেচনা কৰা হয়।

ডিহাইড্ৰেচন প্ৰতিৰোধ কৰে

যেতিয়া শিশুটোৱে খাদ্য খোৱা আৰম্ভ কৰে, তেওঁলোকৰ শৰীৰত পৰ্যাপ্ত পানী থকাটোও প্ৰয়োজনীয়। বহুসময়ত শিশুৱে পানী খাবলৈ অনিচ্ছুক হয়। এনে পৰিস্থিতিত আপুনি শিশুটোক ভাতৰ মাৰ খাবলৈ দিব পাৰে।ইয়াৰ ফলত শিশুৰ ‘ডিহাইড্ৰেচন’ৰ সমস্যা নহয়।

ডায়েৰিয়াৰ পৰা সুৰক্ষা দিয়ে

শিশুৰ প্ৰায়ে পেটৰ বিষ আৰু ডায়েৰিয়াৰ সমস্যা হয়। শিশুৰ শৰীৰত পানীৰ অভাৱ নোহোৱাটো নিশ্চিত কৰিবলৈ আপুনি শিশুটোক ভাতৰ মাৰ খুৱাব পাৰে। ই ডায়েৰিয়া প্ৰতিৰোধ কৰাৰ লগতে পেটৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে।

ভাতৰ মাৰ কিদৰে প্ৰস্তুত কৰিব

ভাতৰ মাৰ তৈয়াৰ কৰিবলৈ আপুনি এটা পাত্ৰত অলপ পানী লৈ উতলাব। পানীখিনি উতলিলে তাত চাউল দি ৰান্ধি থাকিব। চাউলখিনি সিজি উঠিলে পানীখিনি চাউলৰ পৰা পৃথক কৰি এটা পাত্ৰত ভালদৰে ৰাখিব। যেতিয়া ই কুহুমীয়া হয়, ইয়াত নিমখ বা চেনী মিহলি কৰি শিশুটিক খুৱাব পাৰিব।

শিশুক ভাতৰ মাৰ খুওৱাৰ সঠিক সময়

শিশু এটা জন্মৰ পিছত ৬ মাহলৈ কেৱল স্তনপান কৰাব লাগে। ইয়াৰ পিছত তেওঁলোকক স্তনপানৰ লগতে ফৰ্মুলা গাখীৰ দিব পাৰে। শিশুক গোটা খাদ্য খুওৱাৰ আগত ভাতৰ মাৰ খুৱাব পাৰে।যিয়ে তেওঁলোকৰ শৰীৰক কঠিন খাদ্য হজম কৰিবলৈ প্ৰস্তুত কৰে।

ভাতৰ মাৰৰ আশ্চৰ্যজনক উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাতনে ?
এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে দূৰ কৰক শিশুৰ শুকান কাহৰ সমস্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in