ঔষধৰ দৰে কাম কৰে এই কেইবিধ পাচলিয়ে

লিভাৰ বা যকৃত শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। যকৃতে আমাৰ শৰীৰৰ প্ৰায় ৫০০ কাৰ্য সম্পাদন কৰে।সেয়েহে, শৰীৰটোক সুস্থ-সবল কৰি ৰাখিবলৈ যকৃতৰ ভালদৰে যত্ন লোৱাটো খুবেই দৰকাৰ। যকৃতক সুস্থ কৰি ৰাখিবলৈ আপুনি জাংক ফুড, সুৰা, ধূমপান আদিৰ পৰা আঁতৰি থাকিব লাগিব।

author-image
Asomiya Pratidin
New Update
ঔষধৰ দৰে কাম কৰে এই কেইবিধ পাচলিয়ে

ডিজিটেল ডেস্ক: লিভাৰ বা যকৃত শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। যকৃতে আমাৰ শৰীৰৰ প্ৰায় ৫০০ কাৰ্য সম্পাদন কৰে।সেয়েহে, শৰীৰটোক সুস্থ-সবল কৰি ৰাখিবলৈ যকৃতৰ ভালদৰে যত্ন লোৱাটো খুবেই দৰকাৰ। যকৃতক সুস্থ কৰি ৰাখিবলৈ আপুনি জাংক ফুড, সুৰা, ধূমপান আদিৰ পৰা আঁতৰি থাকিব লাগিব।শেহতীয়া এক অধ্যয়নত পোহৰলৈ অহা মতে, ভাৰতৰ প্ৰতি ৫ জনৰ ভিতৰত ১ জন ব্যক্তিয়েই যকৃতৰ সমস্যাত ভুগি আছে।

Advertisment

যকৃত ক্ষতিগ্ৰস্ত হ'লে শৰীৰত কেতবোৰ লক্ষণে দেখা দিয়ে। বমি, কম ভোক, ভাগৰ, ডায়েৰিয়া, জণ্ডিচ, নিৰন্তৰ ওজন হ্ৰাস, শৰীৰত খজুৱতি আদি হৈছে যকৃত বেয়া হোৱাৰ অন্যতম মূখ্য লক্ষণ।যকৃতক মৃত্যু পৰ্যন্তলৈ ভালদৰে ৰাখিবলৈ আপুনি বিশেষ চাৰি বিধ পাচলি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে।যকৃতৰ ঔষধৰ দৰে কাম কৰা এই চাৰিবিধ পাচলি হৈছে- 

বীটৰুট

বীটৰুট যকৃতৰ বাবে অতি উপকাৰী। বহুলোকে বীটৰুটৰ সোৱাদ ভাল নাপায় বাবে ইয়াক নাখায়। কিন্তু ই পুষ্টিৰে পৰিপূৰ্ণ আৰু যকৃতৰ বাবে ঔষধৰ দৰে কাম কৰে।

ব্ৰকলি

যকৃত সম্পৰ্কীয় সমস্যাৰ সমাধানৰ বাবে ব্ৰকলি খোৱাটো খুবেই উপকাৰী।ব্ৰকলিয়ে আমাৰ যকৃত স্বাস্থ্যৱান হৈ থকাত সহায় কৰে। প্ৰতিদিনে ব্ৰকলি খালে ই চৰ্বিযুক্ত যকৃতৰ লগতে যকৃত সম্বন্ধীয় সমস্যাসমূহৰ পৰা আমাক বচাই ৰাখিব পাৰে।

ব্ৰুচেলছ স্প্ৰাউট

এই পাচলিয়ে পাচন তন্ত্ৰ উন্নত কৰাৰ বাবে কাম কৰে আৰু শৰীৰক বহুতো খনিজ পদাৰ্থ প্ৰদান কৰে। ব্ৰুচেলছ স্প্ৰাউটত উদ্ভিদ-আধাৰিত যৌগও থাকে, যিয়ে যকৃতক ভালদৰে কাম কৰাত সহায় কৰে।

সেউজীয়া শাক পাচলি

সেউজীয়া শাক-পাচলি খোৱাটো যকৃতৰ স্বাস্থ্যকে ধৰি সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই পাচলিবোৰ এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ।যাৰ বাবে বিশেষজ্ঞসকলে যিমান পাৰি সেউজীয়া শাক-পাচলি খোৱাৰ পৰামৰ্শ দিয়ে।

Also Read: ওজন কমাবলৈ মন যদি দৈনিক কণী খাওঁক