এই বিষৰ পৰা সকাহ দিবলৈ অভিভাৱকসকলে কি কৰিব লাগে জানি লওঁক

এই বিষৰ পৰা সকাহ দিবলৈ অভিভাৱকসকলে কি কৰিব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: শিশু এটিৰ প্ৰথম দাঁত ওলোৱা সময়খিনি প্ৰতিগৰাকী পিতৃ-মাতৃৰ বাবেই বিশেষ সময়।কিন্তু এই সময়ছোৱাত শিশুসকলৰ স্বভাৱ সলনি হোৱাৰ বিষয়টোয়ে অভিভাৱকক চিন্তাত পেলায়।আচলতে, দাঁত ওলালে হোৱা বিষৰ ফলত শিশুসকল খিংখিঙীয়া হৈ পৰে। এই বিষ ইমানেই বেছি হয় যে, শিশুৰ জ্বৰ পৰ্যন্ত উঠে। শিশুৰ এই অৱস্থা দেখি অভিভাৱকসকল বিমোৰত পৰে। অৱশ্যে, অভিভাৱকসকলে কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি শিশুটোক দাঁতৰ বিষৰ পৰা সকাহ দিব পাৰে। আজি এই বিষয়ে জানো আহক-

বিশেষজ্ঞসকলৰ মতে, শিশুৰ দাঁত গজাৰ সময়ত আলু ফুলিবলৈ আৰম্ভ কৰে। যাৰ ফলত তেওঁলোকে খুব বিষ অনুভৱ কৰে আৰু খিংখিঙীয়া হৈ যায়। এনে পৰিস্থিতিত, এই সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ আপুনি এখন পৰিস্কাৰ ৰুমাল পানীত তিয়াই লৈ জিপলক বেগ এটাত ভৰাই ফ্ৰীজাৰত ৰাখিব। যেতিয়া ৰুমালখন ঠাণ্ডা হয়, তেতিয়া আপোনাৰ হাতত মেৰিয়াই লৈ শিশুটোৰ আলুত পাতলকৈ মালিচ কৰি দিব। ই বিষ হ্ৰাস কৰাৰ লগতে আলু ফুলাৰ সমস্যাও দূৰ কৰিব। 

আনহাতে, যদি শিশুটোৱে বিষত বহুত কান্দি থাকে, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেইটোপালমান পেৰাচিটামল দিব পাৰে। ই তেওঁলোকক বিষৰ পৰা সকাহ দিব আৰু টোপনি যোৱাটো সহায় কৰিব। বহুসময়ত বিষৰ বাবে শিশুসকল শুব নোৱাৰে।যাৰ বাবে, পিছদিনা খিংখিঙীয়া হৈ থাকে। শিশুৰ দাঁতৰ বিষ ৩-৪ সপ্তাহৰ পিছত নিজে-নিজে কমিবলৈ আৰম্ভ কৰে। 

এই সমস্যাবোৰো হ'ব পাৰে, এইকেইটা দিনত বিশেষ মন দিব 

. দাঁত গজাৰ সময়ত শিশুৰ আলু ফুলি যায়। যাৰ ফলত সিহঁতে খুব অস্বস্তি অনুভৱ কৰে। 

. এই সময়ছোৱাত তেওঁলোকে কিবা চোবাবলৈ মন কৰে।ফলত হাতত যি পায়, তাকে চোবাবলৈ ধৰে। সেয়েহে, শিশুটোয়ে যাতে অখাদ্য মুখলৈ নিব নোৱাৰে, তাৰ প্ৰতি চকু দিব।

. দাঁত গজাৰ সময়ত শিশুৰ জ্বৰ আৰু ডায়েৰিয়া হ'ব পাৰে। সেয়েহে, এই সময়ছোৱাত তেওঁলোকৰ আহাৰৰ বিশেষ যত্ন ল'ব। 

. এই সময়ছোৱাত শিশুয়ে নিশা কেইবাবাৰো সাৰ পায়। যাৰ বাবে তেওঁলোকৰ পৰ্যাপ্ত টোপনি নহয় আৰু সিহঁত খিংখিঙীয়া হৈ উঠে। 

বি. দ্ৰ: দাঁত গজাৰ সময়ত শিশুৰ এই সমস্যাবোৰ হ'ব পাৰে। কিন্তু যদি এই সমস্যাটো বৃদ্ধি হয় বা শিশুটোয়ে এই পদক্ষেপবোৰৰ পৰা সকাহ নাপায়, তেনেহ'লে পলম নকৰি চিকিৎসকৰ সৈতে যোগাযোগ কৰিব

এই বিষৰ পৰা সকাহ দিবলৈ অভিভাৱকসকলে কি কৰিব লাগে জানি লওঁক
এই অভ্যাসে সলনি কৰিব পাৰে শিশুৰ ভৱিষ্যত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in