/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ddc89e3e-b9da-4961-a87b-cde6207b1531/4 (31).jpg)
ডিজিটেল ডেস্ক: আজি-কালি অধিকাংশ লোকেই পেটৰ সমস্যাত ভোগে।বিশেষকৈ গেছ, এচিডিটিৰ সমস্যাই আমাক প্ৰায় প্ৰতিটো দিনতে অশান্তি দিয়ে। সেয়েহে, প্ৰতিদিনেই ভালকৈ থাকিবলৈ আমাৰ পেটটো ভালে ৰখাটো খুবেই জৰুৰী হৈ পৰিছে।গেছ-এচিডিটিৰ কাৰণ বহু। অধিক টেঙা, জ্বলা, মচলাযুক্ত খাদ্য খোৱা, নিশা পলমকৈ শোৱা, কম পানী খোৱা, খং, উদ্বিগ্নতা, দীঘলীয়া সময়ৰ বাবে এটা ঠাইত বহি থকা আদি হৈছে ইয়াৰ অন্যতম মূখ্য কাৰণ। গেছৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সদায়েই ঔষধ খাওঁ ঠিকেই, কিন্তু ঔষধে আমাক কিছু সময়ৰ বাবেহে সকাহ দিয়ে।অৱশ্যে কেতবোৰ ঘৰুৱা উপায় অৱলম্বন কৰি আপুনি গেছৰ পৰা চিৰদিনলৈ সকাহ পাব পাৰে। ঘৰতে কি কি খাই আপুনি ক্ষন্তেকতে গেছৰ সমস্যা দূৰ কৰিব পাৰে, আজি জানো আহক-
ছ'ফ
গেষ্ট্ৰিকৰ সমস্যা সমাধানত ছ'ফ গুটি গুটি অতি উপকাৰী। আহাৰৰ পিছত ছ'ফ খালে হজম উন্নত হয়। ইয়াত এনে কিছুমান গুৰুত্বপূৰ্ণ যৌগ থাকে, যিয়ে সহজে খাদ্য হজম কৰে। ই বদহজম আৰু কোষ্ঠকাঠিন্যৰ সমস্যাও দূৰ কৰে।
লং
গেছৰ সমস্যা দূৰ কৰিবলৈ আপুনি লং খাব পাৰে। ইয়াক মৌৰ সৈতে খাই কোষ্ঠকাঠিন্যৰ সমস্যাও দূৰ কৰিব পাৰি। তদুপৰি, দৈনিক লং খালে ই পেটত গেছ জমা হ’বলৈ নিদিয়ে। হজমৰ সমস্যাৰ চিকিৎসাৰ বাবে আপুনি লং তেলৰে পেটটো লাহে লাহে মালিচ কৰিব পাৰে।
আদা
পেটত গেছ হ’লে আদা সৰু সৰুকৈ কাটি তাত নিমখ লগাই সময়ে সময়ে খাই থাকিব।এনেদৰে খালে আপুনি গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে শৰীৰটো পাতল অনুভৱ কৰিব।খুব কম সময়তে গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ ই এক অন্যতম সৰ্বশ্ৰেষ্ঠ উপায়।
আপেল চাইডাৰ ভিনেগাৰ
ই পাচন নলী শক্তিশালী কৰে আৰু গেছৰ ফলত পেটৰ বিষ, পেট ফুলা আৰু অন্যান্য লক্ষণ হ্ৰাস কৰে। দৈনিক এগিলাচ পানীত দুই চাহ চামুচ আপেল চাইডাৰ ভিনেগাৰ মিহলি কৰি খালে ই গেষ্ট্ৰিক-এচিডিটিৰ সমস্যাৰ পৰা আপোনাক সকাহ দিব।
আজৱাইন
আজৱাইনত থাইমল নামৰ এবিধ যৌগ থাকে, যিয়ে গেষ্ট্ৰিকৰ ৰস নিঃসৰণ কৰে আৰু হজম কৰাত সহায় কৰে। গেছৰ সমস্যা হ’লে আপুনি পানীৰ সৈতে প্ৰায় আধা চাহ চামুচ আজৱাইন খাব পাৰে। ই আপোনাক সকাহ দিব।
পুদিনা
যদি আপুনি গেছৰ সমস্যাৰ বাবে যথেষ্ট অসুবিধাত পৰে, তেনেহ'লে পুদিনা পাতৰ চাহ খাই দিব। ই আপোনাক গেছৰ ফলত হোৱা পেটৰ বিষত সকাহ দিব। পুদিনা চাহ তৈয়াৰ কৰিবলৈ আপুনি পুদিনা পাত পানীত উতলাই তাত ১ চাহ চামুচ মৌ মিহলি কৰিব।
নাৰিকলৰ পানী
যদি আপুনি প্ৰায়ে গেছৰ সমস্যাৰ সন্মুখীন হয়, তেনেহ'লে নাৰিকল পানী খাই এই সমস্যাৰ পৰা সকাহ পাব পাৰে। নাৰিকল পানীত এনে ঔষধি গুণ আছে, যিয়ে বদহজমৰ পৰা সকাহ দিয়াৰ লগতে গেছ আৰু এচিডিটি উপশম কৰে।
Also Read: সাৱধান ! তলপেটৰ বিষ বহু গুৰুতৰ ৰোগৰ কাৰণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us