লক্ষণ, প্ৰতিৰোধৰ উপায়সমূহ জানি লৈ সাৱধান হওক

লক্ষণ, প্ৰতিৰোধৰ উপায়সমূহ জানি লৈ সাৱধান হওক

ডিডিটেল ডেস্ক: কৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ পাছতে ভাইৰাছ বুলি ক’লেই এতিয়া সেই ভয়াৱহ দিনৰ ছবিখনেই মনলৈ আহে।ভাৰতৰ কোনো কোনো ঠাইত আকৌ আৱিৰ্ভাৱ হৈছে কৰোনা ভাইৰাছ। এই আতংকৰ সময়তে এইবাৰ আহিছে মাৰবাৰ্গ ভাইৰাছ।এই ভয়ানক ভাইৰাছৰ লক্ষণবোৰে হঠাতে দেখা দিয়ে আৰু ব্যক্তিৰ প্ৰাণ কাঢ়ি নিয়ে।ভাৰতত এই ভাইৰাছৰ প্ৰভাৱ বৰ্তমানেও পৰা নাই যদিও দক্ষিণ আফ্ৰিকাত মাৰবাৰ্গ ভাইৰাছত ৯ জন লোকৰ প্ৰাণ গৈছে।

মাৰবাৰ্গ ভাইৰাছৰ লক্ষণ 

বমি

বুকুৰ বিষ

ডিঙিৰ বিষ

পনীয়া পাইখানা 

পেশীৰ বিষ

মাৰবাৰ্গ ভাইৰাছত আক্ৰান্ত হোৱাৰ পাঁচৰ পৰা সাত দিনৰ পিছত মানুহৰ শৰীৰত এই গুৰুতৰ লক্ষণবোৰে দেখা দিয়ে।স্বাস্থ্য বিশেষজ্ঞৰ মতে, এই ভাইৰাছত আক্ৰান্ত হ’লে এজন ব্যক্তিৰ ওজন দ্ৰুত গতিত হ্ৰাস, যকৃত বিকল হোৱা, অগ্ন্যাশয়ৰ প্ৰদাহ আৰু মাল্টিঅৰ্গান বিকাৰ হৈ পাৰে।

মাৰবাৰ্গ ভাইৰাছ কিদৰে প্ৰতিৰোধ কৰিব

-বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ সংক্ৰমিত ৰোগীক সঘনাই পানী খাবলৈ দিব লাগে।

-এই ভাইৰাছ বিয়পাটো প্ৰতিহত কৰিবলৈ বাদুলি তথা অন্যান্য জন্তুৰ সংস্পৰ্শলৈ একেবাৰে আহিব নালাগে।

-মাৰবাৰ্গ ভাইৰাছ ৰোগত আক্ৰান্ত লোকৰ যত্ন লওঁতে নিজকে সম্পূৰ্ণৰূপে বচাই ৰাখিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।

-যদি কোনো ব্যক্তি আফ্ৰিকা ভ্ৰমণ কৰি আহিছে, তেন্তে তেওঁৰ লক্ষণবোৰৰ প্ৰতি মনোযোগ দি কিছুদিনৰ বাবে তেওঁৰ পৰা দূৰত্ব বজাই ৰখা উচিত।

উল্লেখ্য যে, মাৰবাৰ্গ ভাইৰাছ ভাৰতলৈ অহা নাই যদিও আমি সাৱধানতা অৱলম্বন কৰাটো অতি দৰকাৰী। এনে লক্ষণবোৰ যদি দেখা দিয়ে সোনকালে চিকিৎসকৰ ওচৰলৈ যাব আৰু চিকিৎসা কৰাব। 

লক্ষণ, প্ৰতিৰোধৰ উপায়সমূহ জানি লৈ সাৱধান হওক
ভয়াৱহ ৰোগৰ কাৰণ হ’ব পাৰে বিস্কুট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in