এই লক্ষণক সাধাৰণ বুলি ভাবিলে হেৰুৱাব আপোনাৰ প্ৰাণ

health issues
health issues
Published on
Updated on

ডিজিটেল ডেস্ক: সৌন্দৰ্য বৰ্তাই ৰখাত আমাৰ দাঁতে খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেৱল সৌন্দৰ্যয়ে নহয়, দাঁতে আমাৰ শৰীৰৰ বহু গোপন কথাও প্ৰকাশ কৰে। হয়, দাঁতলৈ ভালকৈ মন কৰিলেই আপুনি সুস্থ নে অসুস্থ সেই বিষয়ে জানিব পাৰিব। আজি এই বিষয়ে জানো আহক-

হৃদযন্ত্ৰৰ স্বাস্থ্য

দাঁত আৰু আলুৰ স্বাস্থ্য হৃদযন্ত্ৰৰ স্বাস্থ্যৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত। মুখৰ স্বাস্থ্যৰ সমস্যাৰ সৈতে যুঁজি থকা লোকসকলৰ হৃদৰোগৰ আশংকা অধিক। গৱেষণাত প্ৰমাণ হৈছে যে দাঁতৰ আলুৰ সংক্ৰমণে হৃদযন্ত্ৰৰ ষ্ট্ৰ'ক আৰু হৃদ আক্ৰমণৰ আশংকা বৃদ্ধি কৰে। সেয়েহে, যদি আপোনাৰ দাঁতৰ আলুৰ পৰা তেজ ওলোৱা বা আন কিবা সমস্যা দেখে, লগে লগে দন্ত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।

পুষ্টিৰ অভাৱ

যদি আপোনাৰ মুখত সঘনাই আলচাৰ বা ফোঁহা হয়, ই ৰক্তহীনতাৰ লক্ষণ হ'ব পাৰে।শৰীৰত ভিটামিন বি১২ ৰ অভাৱৰ ফলতো এই লক্ষণবোৰে দেখা দিয়ে। যদি দন্ত চিকিৎসকে এই সমস্যা সমাধান কৰিবলৈ সক্ষম নহয়, তেনেহ'লে এবাৰ চিবিচি পৰীক্ষা কৰাটো প্ৰয়োজনীয়।

অন্ত্ৰৰ ৰোগ

প্ৰদাহজনক অন্ত্ৰৰ ৰোগ হৈছে অন্ত্ৰৰ এক গুৰুতৰ সমস্যা, যি আপোনাৰ মুখৰ পৰা অন্ত্ৰৰ স্বাস্থ্যলৈকে প্ৰভাৱিত কৰিব পাৰে। জিভাত বগা স্তৰ বা মুখ শুকাই থকা এই ৰোগৰ লক্ষণ হ'ব পাৰে।

ডিমেনচিয়া

শেহতীয়া এক গৱেষণাত প্ৰমাণ হৈছে যে দীৰ্ঘম্যাদী দুৰ্বল আলুৰ স্বাস্থ্য, যেনে আলুৰ ৰক্তক্ষৰণ বা দাঁত সৰা বা ভঙা ডিমেনচিয়াৰ লক্ষণ হ'ব পাৰে। ডিমেনচিয়া হৈছে এনে এক ৰোগ, য'ত এজন ব্যক্তিৰ স্মৃতিশক্তি দুৰ্বল হয়।এই ৰোগত আক্ৰান্ত ব্যক্তিৰ চিন্তা আৰু বুজি পোৱাৰ সামৰ্থ্যও নাইকিয়া হয়। 

টেনচন

যদি আপোনাৰ দাঁতৰ বিষ বা দাঁতবোৰ আগৰ পৰা ভাঙি যোৱাৰ দৰে হয়, ই আপুনি চাপত থকাৰ লক্ষণ হ'ব পাৰে।অত্যধিক চাপৰ বাবে মানুহে প্ৰায়ে গম নোপোৱাকৈয়ে জোৰেৰে চোবাবলৈ আৰম্ভ কৰে, যাৰ ফলত দাঁতৰ ক্ষতি হয়।তদুপৰি, ডিঙি, কঁকাল আৰু মূৰৰ বিষৰ দৰে সমস্যাবোৰো চাপৰ লক্ষণ হ'ব পাৰে।

যকৃতৰ স্বাস্থ্য

কুইন্স ইউনিভাৰ্চিটিৰ এক অধ্যয়ন অনুসৰি, যিসকল লোকে নিৰন্তৰ দাঁত, দাঁতৰ আলু আৰু মুখৰ আলচাৰৰ সমস্যাৰ সন্মুখীন হৈ আছে, তেওঁলোকৰ যকৃতৰ কৰ্কট ৰোগ হোৱাৰ আশংকা অধিক। এই অধ্যয়নটোৱে এক বেক্টেৰিয়া চিনাক্ত কৰিছে, যি প্ৰথমে দাঁতত গহ্বৰৰ সৃষ্টি কৰে আৰু পিছত কৰ্কট ৰোগত পৰিণত হ'ব পাৰে।

ৰজোনিবৃত্তি

মহিলাৰ ক্ষেত্ৰত ৰজোনিবৃত্তিৰ পিছত অষ্টিওপোৰোচিছৰ আশংকা বৃদ্ধি হয়, যিয়ে দাঁত আৰু দাঁতৰ আলুক প্ৰভাৱিত কৰে। এই সময়ছোৱাত, মহিলাৰ দাঁতৰ আলু ফুলা, জ্বলা-পোৰা আৰু আলচাৰৰ সমস্যা বৃদ্ধি হ'ব পাৰে। 

যদি আপুনি এই লক্ষণবোৰ শৰীৰত অনুভৱ কৰি আছে, সময়মতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ। সঠিক যত্ন আৰু নিয়মীয়া পৰীক্ষাৰ দ্বাৰা আপুনি কেৱল দাঁতেই নহয়, আপোনাৰ সামগ্ৰিক স্বাস্থ্য ভালে ৰাখিব পাৰে।

health issues
দাঁত ব্ৰাছ নকৰাকৈ খাদ্য খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in