শৰীৰত এই লক্ষণে দেখা দিলে ভুলতো উপেক্ষা নকৰিব

টাইফইড হৈছে এক সংক্ৰামক ৰোগ, যি লেতেৰা পানী আৰু খাদ্যৰ পৰা বিয়পে।টাইফইড জ্বৰ চালমোনেলা টাইফি নামৰ বেক্টেৰিয়াৰ ফলত হয়।এই বেক্টেৰিয়া খাদ্য বা পানীৰ জৰিয়তে পাকস্থলীলৈ গৈ সংক্ৰমণৰ সৃষ্টি কৰে।৩-৫ দিনৰ ভিতৰত শৰীৰত ইয়াৰ লক্ষণবোৰে দেখা দিয়া আৰম্ভ হয়।

author-image
Asomiya Pratidin
New Update
শৰীৰত এই লক্ষণে দেখা দিলে ভুলতো উপেক্ষা নকৰিব

ডিজিটেল ডেস্ক: টাইফইড হৈছে এক সংক্ৰামক ৰোগ, যি লেতেৰা পানী আৰু খাদ্যৰ পৰা বিয়পে।টাইফইড জ্বৰ চালমোনেলা টাইফি নামৰ বেক্টেৰিয়াৰ ফলত হয়।এই বেক্টেৰিয়া খাদ্য বা পানীৰ জৰিয়তে পাকস্থলীলৈ গৈ সংক্ৰমণৰ সৃষ্টি কৰে।৩-৫ দিনৰ ভিতৰত শৰীৰত ইয়াৰ লক্ষণবোৰে দেখা দিয়া আৰম্ভ হয়। আজি টাইফইডৰ লক্ষণবোৰৰ বিষয়ে জানো আহক-

Advertisment

শৰীৰত বিষ  

টাইফইড জ্বৰৰ ফলত আপোনাৰ শৰীৰত বিষ হ'ব পাৰে। যেতিয়া এই বেক্টেৰিয়াবোৰ শৰীৰৰ ভিতৰত থাকে, আমাৰ শৰীৰে ইয়াৰ সৈতে যুঁজিবলৈ চেষ্টা কৰি থাকে।ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে শৰীৰৰ বিভিন্ন অংশৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, যাৰ বাবে শৰীৰত বিষ হয়।

প্ৰচণ্ড জ্বৰ 

তীব্ৰ জ্বৰ হোৱাটোও টাইফইডৰ লক্ষণ। এই জ্বৰ দীঘলীয়া সময়ৰ বাবে থাকে।ইয়াৰ ফলত  আপুনি সকলো সময়তে ভাগৰুৱা অনুভৱ, গাঁঠি আৰু আঁঠুৰ বিষ হয়।

পেটৰ বিষ 

টাইফইডৰ আন এটা লক্ষণ হৈছে পেটৰ বিষ। এই বেক্টেৰিয়াই সমগ্ৰ পাচন তন্ত্ৰটো নষ্ট কৰে। টাইফইড হলে সহজে হজম নহয়। ফলত আপোনাৰ অত্যাধিক পেটৰ বিষ হ’ব পাৰে।

বমি-ওকালি অহা 

বমি আৰু ওকালি অহা দুয়োটাই টাইফইডৰ লক্ষণ। ইয়াৰ ফলত শৰীৰটো ডিহাইড্ৰেটেড হ'বলৈ আৰম্ভ কৰে আৰু ক্ষন্তেকতে আপোনাৰ অৱস্থা গুৰুতৰ হ'ব পাৰে। 

মূৰৰ বিষ 

টাইফয়ডৰ এক অন্যতম মূল লক্ষণ হৈছে মূৰৰ বিষ। এই সময়ছোৱাত শৰীৰৰ তাপমাত্ৰা দ্ৰুতগতিত বৃদ্ধি হয় আৰু মুৰৰ বিষে গুৰুতৰ ৰূপ লয়।তদুপৰি, টাইফইডৰ সময়ত যিহেতু শৰীৰত দুৰ্বলতা থাকে, সেয়েহে মূৰৰ বিষ আৰু অধিক বৃদ্ধি হ'ব পাৰে। 

Also Read: সাৱধান হওঁক ! এইসমূহ এক গুৰুতৰ ৰোগৰ লক্ষণ