কৰোনাৰ নতুন প্ৰকাৰ জেএন১ৰ লক্ষণবোৰ জানি লৈ সাৱধান হওঁক

আকৌ আহিল কৰোনাৰ সন্ত্ৰাস।হয়, কৰোনাৰ নতুন প্ৰকাৰ জেএন ১য়ে এতিয়া দেশখনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে।ক্ৰমান্বয়ে বাঢ়িছে এটাৰ পিছত আনটো ঘটনা। কেৰালাত কৰোনাৰ এই প্ৰকাৰত আক্ৰান্তৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পিছতে বহু ৰাজ্যই সতৰ্কবাণী জাৰি কৰিছে।

author-image
Asomiya Pratidin
New Update
কৰোনাৰ নতুন প্ৰকাৰ জেএন১ৰ লক্ষণবোৰ জানি লৈ সাৱধান হওঁক

ডিজিটেল ডেস্ক: আকৌ আহিল কৰোনাৰ সন্ত্ৰাস।হয়, কৰোনাৰ নতুন প্ৰকাৰ  জেএন ১য়ে এতিয়া দেশখনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে।ক্ৰমান্বয়ে বাঢ়িছে এটাৰ পিছত আনটো ঘটনা। কেৰালাত কৰোনাৰ এই প্ৰকাৰত আক্ৰান্তৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পিছতে বহু ৰাজ্যই সতৰ্কবাণী জাৰি কৰিছে।কৰোনাৰ এই বিপদজনক প্ৰকাৰটোৰ লক্ষণবোৰৰ বিষয়ে আজি জানো আহক-

Advertisment

কৰোনাৰ এই নতুন প্ৰকাৰটো প্ৰথমে লাক্সেমবাৰ্গত চিনাক্ত কৰা হৈছিল। ভাৰতত প্ৰথমে কেৰালাৰ এগৰাকী মহিলাৰ শৰীৰত এই কৰোনাৰ প্ৰকাৰটো চিনাক্ত হৈছে। এই মহিলাগৰাকীৰ শৰীৰত ইনফ্লুৱেঞ্জা সদৃশ ৰোগৰ লক্ষণে দেখা দিছে।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ইয়াৰ আন লক্ষণবোৰ হৈছে-

-ডিঙিৰ বিষ

- নাকৰ পৰা পানী ওলোৱা

-মূৰৰ বিষ

- জ্বৰ 

নিজকে কিদৰে সুৰক্ষা দিব ?

কৰোনাৰ যিকোনো প্ৰকাৰৰ পৰা বাচি থাকিবলৈ সঘনাই হাত ধুব। সদায়েই মাস্ক পৰিধান কৰিব আৰু সামাজিক দূৰত্ব বজাই চলিব। ভিৰ লাগি থকা ঠাই পৰিহাৰ কৰিব।তদুপৰি, যদি আপুনি কোভিডৰ এটাও ভেকছিন গ্ৰহণ কৰা নাই, তেন্তে সোনকালেই ভেকছিন ল’ব।

আনহাতে, যদি এই লক্ষণসমূহৰ এটায়েও আপোনাৰ শৰীৰত দেখা দিয়ে, তেন্তে লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব আৰু আন ব্যক্তিৰ পৰা নিজকে দূৰত ৰাখিব।

Also Read: সাৱধান হওঁক ! এইসমূহ এক গুৰুতৰ ৰোগৰ লক্ষণ