গৱেষণাত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য, এইসমূহ সাৱধানতা অৱলম্বন কৰি ষ্ট্ৰ’কৰ পৰা বাচি থাকক

গৱেষণাত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য, এইসমূহ সাৱধানতা অৱলম্বন কৰি ষ্ট্ৰ’কৰ পৰা বাচি থাকক

ডিজিটেল ডেস্ক: বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ষ্ট্ৰ’ক হৈছে বিশ্বব্যাপী মৃত্যুৰ এক মূখ্য কাৰণ। শেহতীয়া এক গৱেষণা অনুসৰি, ষ্ট্ৰ’কৰ ফলত ২০৫০ চনৰ ভিতৰত বছৰত ১০ নিযুত লোকৰ মৃত্যু হ'ব পাৰে। ষ্ট্ৰ’ক হৈছে এনে এক বিপদজনক ৰোগ, য'ত মস্তিষ্কৰ কোষবোৰলৈ তেজৰ যোগান বন্ধ হয়। যাৰ ফলত মস্তিকৰ কোষবোৰে সম্পূৰ্ণ পৰিমাণৰ অক্সিজেন লাভ নকৰি মৰিবলৈ আৰম্ভ কৰে। অক্সিজেনৰ অভাৱৰ বাবে মগজুত ৰক্তক্ষৰণ বা ধমনী অৱৰুদ্ধ হৈ পৰে।

গৱেষণাটোৱে ২০২০ ৰ পৰা ২০৫০ চনৰ ভিতৰত ষ্ট্ৰ’কৰ ফলত বৰ্ধিত স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰভাৱৰ আকলন কৰিছে।গৱেষণাৰ প্ৰতিবেদন অনুসৰি, ২০৫০ চনলৈ ষ্ট্ৰ’কৰ ফলত হোৱা মৃত্যু ৯১% লৈ বৃদ্ধি হ'ব।এই ভয়াৱহ ষ্ট্ৰ’কৰ বাবে প্ৰকৃততে কোনবোৰ কাৰক দায়ী, আজি সেই বিষয়ে জানো আহক-

দুৰ্বল জীৱনশৈলী 

অফিচৰ নিদ্দিষ্ট এটা ঠাইত দীঘলীয়া সময় ধৰি বহি কাম কৰি থাকিলে এই ৰোগৰ আশংকা যথেষ্ট বৃদ্ধি হ'ব পাৰে। নিয়মীয়াকৈ ব্যায়াম নকৰাটোও ষ্ট্ৰ’কৰ এক অন্যতম কাৰণ। আনহাতে, মেদবহুলতা, উচ্চ ৰক্তচাপ, ডায়েবেটিচৰ দৰে ৰোগেও ষ্ট্ৰ’ক আশংকা বহু পৰিমাণে বৃদ্ধি কৰে। 

ধপাত-সুৰা সেৱন 

ধূমপান আৰু অত্যাধিক সুৰাপানেও ষ্ট্ৰ’কৰ সমস্যা বৃদ্ধি কৰে। ধঁপাতৰ ফলত ৰক্তনলী ক্ষতিগ্ৰস্ত হয়। আনহাতে, অত্যাধিক সুৰাপান কৰিলে উচ্চ ৰক্তচাপ হয়। যাৰ ফলত হৃদস্পন্দনৰ হাৰ অনিয়মীয়া হ'ব পাৰে। 

টোপনিৰ অভাৱ 

ব্যস্ত জীৱনশৈলীৰ বাবে আজিকালি অধিকাংশ লোকেই ভালদৰে শুব নোৱাৰে। টোপনিৰ অভাৱৰ বাবে মেদবহুলতা, ডায়েবেটিচ আৰু কাৰ্ডিওভাস্কুলাৰ ৰোগৰ আশংকা বৃদ্ধি হয়, যি ষ্ট্ৰ’কৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি কৰে। 

চাপ বৃদ্ধি

বৰ্ধিত চাপৰ ফলত বহুতো সমস্যা বৃদ্ধি পাইছে। দীৰ্ঘম্যাদী চাপৰ বাবে অধিকাংশ লোক ধূমপান আৰু অত্যাধিক খোৱাৰ দৰে অভ্যাসৰ প্ৰতি আসক্ত হৈ পৰিছে। যিয়ে উচ্চ ৰক্তচাপ ৰোগৰ জন্ম দিয়ে। এনে পৰিস্থিতিত ই ষ্ট্ৰ’কৰো অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে।

বৰ্ধিত প্ৰদূষণ 

বৰ্ধিত প্ৰদূষণো ষ্ট্ৰ’ক হোৱাৰ অন্যতম মুখ্য কাৰণ। ধোঁৱা, গাড়ী তথা কাৰখানাৰ সূক্ষ্ম কণাৰ দৰে পদাৰ্থ শৰীৰত প্ৰৱেশ কৰাৰ ফলত শৰীৰত প্ৰদাহ হয়, যিয়ে ষ্ট্ৰ’কৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি কৰে। 

অস্বাস্থ্যকৰ আহাৰ 

অত্যাধিক ফাষ্ট ফুড, সংসাধিত আহাৰ আৰু উচ্চ চেনীযুক্ত খাদ্য সেৱনেও স্বাস্থ্যৰ ওপৰত যথেষ্ট বেয়া প্ৰভাৱ পেলায়। সংসাধিত খাদ্যত নিমখৰ পৰিমাণ যথেষ্ট বেছিকৈ থাকে।তদুপৰি, সংপৃক্ত চৰ্বি আৰু ট্ৰেন্স চৰ্বিয়ে উচ্চ কলেষ্টেৰল আৰু উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি কৰে। এই দুয়োটাকে ষ্ট্ৰ’কৰ মুখ্য কাৰণ বুলি গণ্য কৰা হয়।

বিশেষজ্ঞসকলৰ মতে, যদি শৰীৰত ষ্ট্ৰ’কৰ কোনো লক্ষণে দেখা দিয়ে, তেন্তে ইয়াক উপেক্ষা নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ দৰে ৰোগ সময়মতে নিয়ন্ত্ৰণ কৰি আপুনি ষ্ট্ৰ’কৰ পৰা বাচি থাকিব পাৰে।

গৱেষণাত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য, এইসমূহ সাৱধানতা অৱলম্বন কৰি ষ্ট্ৰ’কৰ পৰা বাচি থাকক
‘কিডনী ষ্ট’ন’ হ’লে কি খাব লাগে জানি লওঁক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in