শিশুৰ ছালক সকলো দিশৰ পৰাই সুৰক্ষা দিয়ে জনছনছৰ সামগ্ৰীয়ে

শিশু এটাক সম্পূৰ্ণ সুস্থ-সবলভাৱে ডাঙৰ কৰাটো প্ৰত্যাহ্বানতকৈ কোনো গুণে কম নহয়। বিশেষকৈ সৰুতে শিশুৰ ছালৰ বিশেষ যত্ন লোৱাটো খুবেই জৰুৰী। শিশুৰ ছালখন অতি সংবেদনশীল। যাৰ বাবে যত্নত কিছু হেমাহি হ’লেই সিহঁতৰ ছালত বিভিন্ন সমস্যাই দেখা দিব পাৰে।

author-image
Asomiya Pratidin
New Update
Skincare routine

Photograph: (Johnson's baby)

শিশু এটাক সম্পূৰ্ণ সুস্থ-সবলভাৱে ডাঙৰ কৰাটো প্ৰত্যাহ্বানতকৈ কোনো গুণে কম নহয়।  বিশেষকৈ সৰুতে শিশুৰ ছালৰ বিশেষ যত্ন লোৱাটো খুবেই জৰুৰী। শিশুৰ ছালখন অতি সংবেদনশীল। যাৰ বাবে যত্নত কিছু হেমাহি হ’লেই সিহঁতৰ ছালত বিভিন্ন সমস্যাই দেখা দিব পাৰে। শীতকালত শিশুক আৰু অধিক যত্নৰ প্ৰয়োজন।  বহু অধ্যয়নত ইতিমধ্যে প্ৰমাণ হৈছে যে প্ৰাপ্তবয়স্ক ছালতকৈ শিশুৰ ছাল অধিক সক্ৰিয়। ই নিৰন্তৰ বিকশিত হৈ থাকে। সেয়েহে, শিশুৰ সংবেদনশীন ছালৰ আদ্ৰতা বজাই ৰাখিবলৈ বা সকলো ফালৰ পৰাই সুৰক্ষা দিবলৈ সিহঁতৰ ছালৰ যত্নৰ বিশেষ ৰুটিন অনুসৰণ কৰিব লাগে। শীতকালত শিশুৰ ছাল সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ সমস্যা তথা সেইসমূহ সমাধানৰ উপায়ৰ বিষয়ে আজি জানো আহক-

Advertisment

মৃদু পৰিস্কাৰক ব্যৱহাৰ কৰিব
শিশুৰ কোমল ছালখন চাফা কৰি ৰাখিবলৈ আপুনি মৃদু পৰিস্কাৰকৰ সহায় ল’ব পাৰে। ইয়াৰ বাবে আপুনি জনছনছৰ টপ-টু-ট' ৱাছ বা জনছনছ চাবোন ব্যৱহাৰ কৰিব। যিয়ে একো অপকাৰ নকৰাকৈ শিশুৰ ছালখন কোমল তথা স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। 

ছালখন হাইড্ৰেটেড ৰাখিব
গা ধোৱাৰ পিছত শিশুৰ ছালত ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰাটো খুব দৰকাৰী। শিশুৰ কোমল ছালে প্ৰাপ্তবয়স্ক ছালতকৈ দ্ৰুতগতিত পানী শোষণ কৰাৰ বিপৰীতে দ্ৰুতগতিত পানী হেৰুৱাবও পাৰে। সেয়েহে নিয়মীয়াকৈ শিশুৰ ছাল ময়েশ্চাৰাইজ কৰাটো জৰুৰী। ইয়াৰ বাবে আপুনি জনছনছ বেবী ল’চন আৰু জনছনছ বেবী ক্ৰীম ব্যৱহাৰ কৰিব। যিয়ে শিশুৰ ছাল কোমল আৰু মসৃণ কৰে।

মালিচ
বিশ্বাস মতে, মালিচে শিশু এটিক সুস্থভাৱে বিকাশ হোৱাত যথেষ্ট সহায় কৰে। সেয়ে হয়তো শিশুক মালিচ কৰাৰ প্ৰথা অতিজৰে পৰা চলি আহিছে। মালিচে শিশুক বহু আৱেগিক আৰু শাৰীৰিক লাভালাভো প্ৰদান কৰে। সেইসমূহ হৈছে-

* যেতিয়া এটি শিশু বিচলিত হয় বা খং উঠে, তেওঁক সিহঁতক শান্ত কৰাৰ বাবে মালিচ উপযোগী হ’ব পাৰে। মালিচে তেজৰ প্ৰবাহত চাপ হৰমন কৰ্টিচোলৰ সঞ্চালন হ্ৰাস কৰে।
* শিশুৰ সুস্থতাৰ অনুভূতি বৃদ্ধি কৰিবলৈও মালিচৰ সহায় ল’ব পাৰি। যিয়ে শিশুৰ মনোভাৱ ভাল কৰিব পাৰে।
* গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যা সমাধানতো মালিচ অতি কাৰ্যকৰী।
* মালিচ কৰাৰ ফলত শিশুৰ শৰীৰৰ পৰা বিষ আৰু শিথিলতা দূৰ হয়।

সতেজতা
গা ধুওৱাৰ লগতে ডায়েপাৰ সলনি কৰিলেও শিশু এটাই সতেজ অনুভৱ কৰে। এটি শিশুক সকলো সময়তে সতেজ অনুভৱ কৰাবলৈ আপুনি জনছনছ বেবী পাউডাৰ ব্যৱহাৰ কৰিব। ই শিশুৰ ছালৰ পৰা অতিৰিক্ত আৰ্দ্ৰতা শোষণ কৰি ছালখনক কোমল আৰু মসৃণ কৰি ৰাখে। 

ৱাইপ
শিশু এটাক গা ধুৱাবলৈ অসুবিধাৰ সন্মুখীন হ’লে আপুনি ৱাইপ ব্যৱহাৰ কৰিব পাৰে। শিশুক ছাল পৰিস্কাৰ, কোমল, সতেজ তথা স্বাস্থ্যৱান কৰি ৰাখিবলৈ আপুনি জনছনছ বেবী ৱাইপ ব্যৱহাৰ কৰিব।

Johnson's baby