/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/ba68a87f-8056-4f05-a94a-c02791a2ce80/4.jpg)
ডিজিটেল ডেস্ক: ইলাচীক স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত বহুতো ঔষধি গুণ পোৱা যায়, যিয়ে বিভিন্ন স্বাস্থ্য সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত আমাক সহায় কৰে।কিন্তু কিছুমান লোকৰ বাবে ইলাচী খোৱাটো খুবেই ক্ষতিকাৰক।কোনবোৰ লোকৰ বাবে ইলাচী খোৱাটো স্বাস্থ্যসন্মত নহয়, আজি জানো আহক-
শ্বাস-প্ৰশ্বাসৰ সমস্যা
যদি আপোনাৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা আছে, তেওঁলোকে ইলাচী ভুলতো নাখাব। হাঁপানি বা যিকোনো ধৰণৰ শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগি থকা লোকসকলৰ বাবে ইলাচী একেবাৰে মাৰাত্মক।
এলাৰ্জি
যিকোনো ধৰণৰ এলাৰ্জিৰ সৈতে যুঁজি থকা সকলেও ইলাচী নাখাব।ইলাচীত পোৱা গুণাগুণবোৰে দাগ আৰু খজুৱতিৰ সমস্যা বৃদ্ধি কৰিব পাৰে। ইলাচী খালে ডিঙি ফুলা বৃদ্ধি হোৱাৰ লগতে উশাহ লোৱাতো সমস্যা হ'ব পাৰে।
গৰ্ভৱতী মহিলা
বিশেষজ্ঞসকলৰ মতে, গৰ্ভৱতী মহিলাসকলে অত্যাধিক ইলাচী গ্ৰহণ কৰিব নালাগে। এই সময়ছোৱাত ইলাচী খালে গৰ্ভপাত হোৱাৰ আশংকা থাকে। কিয়নো ইলাচীৰ প্ৰভাৱ গৰম হয়। যিসকল মহিলাই গৰ্ভধাৰণৰ সময়ত ইলাচী খাবলৈ বিচাৰে, তেন্তে এবাৰ চিকিৎসকৰ পৰামৰ্শ লৈহে ইলাচী খাব।
ওকালি অহা
ওকালি অহাৰ সমস্যা থকা লোকসকলে ইলাচী খালে বমি আৰু ওকালি অহা সমস্যা বৃদ্ধি হ'ব পাৰে।তদুপৰি, যদি আপোনাৰ পেট ভাল নহয়, তেতিয়াও ইলাচী গ্ৰহণ নকৰিব।
কাহ
কাহ থাকিলেও ইলাচী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল নহয়। কাহৰ সময়ত ইলাচী খোৱাটোৱে আপোনাৰ সমস্যা আৰু অধিক বৃদ্ধি কৰিব পাৰে।
Also Read: ব্যায়াম কৰাৰ আগতে ভুলতো নাখাব এই খাদ্য