উপবাস ৰখাৰ লগতে এইসমূহৰ বিষয়েও সচেতন হওক

উপবাসৰ সময়ত তেওঁলোকে গোটেই দিনটো একো নোখোৱাকৈ থাকে, আনকি পানীও নাখায়।ই স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে।ৰমজানৰ সময়ত নিজকে স্বাস্থ্যৱান ৰাখিবলৈ আপুনি কি কৰিব লাগে, আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
উপবাস ৰখাৰ লগতে এইসমূহৰ বিষয়েও সচেতন হওক

ডিজিটেল ডেস্ক: নৱৰাত্ৰিৰ লগতে পবিত্ৰ ৰমজান মাহো আৰম্ভ হৈছে। ইছলামিক বৰ্ষপঞ্জীৰ নৱম মাহটোক ৰমজান বুলি কোৱা হয়। এই গোটেই মাহটোত ইছলামধৰ্মী লোকসকলে উপবাস কৰি নেদেখাজনক উপাসনা কৰে।উপবাসৰ সময়ত তেওঁলোকে গোটেই দিনটো একো নোখোৱাকৈ থাকে, আনকি পানীও নাখায়।ই স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে।ৰমজানৰ সময়ত নিজকে স্বাস্থ্যৱান ৰাখিবলৈ আপুনি কি কৰিব লাগে, আজি সেই বিষয়ে জানো আহক-

Advertisment

‘হাইড্ৰেটেড’ হৈ থাকক 

এই সময়ছোৱাত নিজকে ‘হাইড্ৰেটেড’ কৰি ৰাখিব লাগে।সেয়েহে, আপুনি আপোনাৰ আহাৰত সতেজ ফলৰ ৰস, স্মুথী, প্ৰ’টিন শ্বেক আৰু বিভিন্ন প্ৰকাৰৰ তৰল অন্তৰ্ভুক্ত কৰিব পাৰে।ই আপোনাৰ শৰীৰক ‘হাইড্ৰেটেড’ কৰি ৰাখিব আৰু আপুনি স্বাস্থ্যৱানো হৈ থাকিব।কিন্তু চাহ আৰু কফি নাখাব। 

পৰ্যাপ্ত টোপনি যাব 

উপবাস ৰখাৰ সময়ত পৰ্যাপ্ত টোপনি যাব।পৰ্যাপ্ত টোপনি নহ’লে ই স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। এই সময়ছোৱাত নিজকে ইতিবাচক কৰি ৰাখিব। 

অত্যাধিক তেলেতীয়া খাদ্য নাখাব 

ৰমজানৰ সময়ত বহুতো তেলেতীয়া ব্যঞ্জন প্ৰস্তুত কৰা হয়।দিনজোৰা উপবাসৰ পাছত তেলেতীয়া ব্যঞ্জন খালে কলেষ্টেৰল আৰু ৰক্তচাপৰ স্তৰ বৃদ্ধি হোৱাৰ যথেষ্ট আশংকা থাকে।ইয়াৰ ফলত হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগেও শৰীৰটোক আক্ৰমণ কৰিব পাৰে।সেয়েহে খাদ্য গ্ৰহণৰ সময়ত অলপ সচেতন হোৱাটো অতি দৰকাৰ।

খেজুৰ খাওঁক

আপুনি আপোনাৰ আহাৰত ভিটামিন-কে সমৃদ্ধ খেজুৰ অন্তৰ্ভুক্ত কৰিব পাৰে।খেজুৰে শৰীৰৰ কোষবোৰক সংৰক্ষণ কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও, ই গ্লুুক'জ সমৃদ্ধ।সেয়েহে, খেজুৰ  আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰি স্বাস্থ্যৱান হৈ থাকিব পাৰে।

দৈ 

পৰিৱৰ্তনশীল ঋতুত ‘ডিহাইড্ৰেচন’ পৰিহাৰ কৰিবলৈ আপুনি আপোনাৰ আহাৰত দৈ অন্তৰ্ভুক্ত কৰিব পাৰে। আপুনি ছেহৰীৰ খাদ্যৰ সৈতে দৈ খাব। ই পাকস্থলী স্বাস্থ্যৱান কৰি ৰখাত আৰু এচিডিটি উপশম কৰাত যথেষ্ট সহায় কৰে।

এইসমূহ কথা মনত ৰাখিব 

. সন্ধিয়া উপবাস খোলাৰ পিছত লাহে লাহে পাতল খাদ্য খাব।

. উপবাসৰ পিছত আপুনি ফলৰ ৰস খাব পাৰে। ই স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। 

. অত্যাধিক মচলা নাখাব। 

Also Read: আজিয়েই আপোনাৰ শিশুটিৰ বাবে আনক এই দুবিধ খাদ্য সামগ্ৰী

ৰমজান