এই সমস্যাৰ পৰা কিদৰে হাত সাৰিব পাৰি জানি লওঁক

ঋতুগত পৰিৱৰ্তন বা পৰ্যাপ্ত পুষ্টিৰ অভাৱত আমাৰ শৰীৰৰ ছাল শুকান হৈ পৰে।যাৰ ফলত শৰীৰৰ আন অংশৰ লগতে হাত-ভৰিৰ তলুৱাৰ ছাল বোৰ স্তৰে স্তৰে ছিঙিবলৈ আৰম্ভ কৰে।এই সমস্যাটো সৰু যেন লাগিলেও ইয়াক উপেক্ষা কৰিলে গুৰুতৰ স্বাস্থ্য সমস্যাই দেখা দিব পাৰে।

author-image
Asomiya Pratidin
New Update
এই সমস্যাৰ পৰা কিদৰে হাত সাৰিব পাৰি জানি লওঁক

ডিজিটেল ডেস্ক: ঋতুগত পৰিৱৰ্তন বা পৰ্যাপ্ত পুষ্টিৰ অভাৱত আমাৰ শৰীৰৰ ছাল শুকান হৈ পৰে।যাৰ ফলত শৰীৰৰ আন অংশৰ লগতে হাত-ভৰিৰ তলুৱাৰ ছাল বোৰ স্তৰে স্তৰে ছিঙিবলৈ আৰম্ভ কৰে।এই সমস্যাটো সৰু যেন লাগিলেও ইয়াক উপেক্ষা কৰিলে গুৰুতৰ স্বাস্থ্য সমস্যাই দেখা দিব পাৰে। এনে পৰিস্থিতিত কিছুমান ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰি আপুনি এই ৰোগটোৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব পাৰে। আজি এই বিষয়ে জানো আহক-

Advertisment

পানীৰ অত্যাধিক ব্যৱহাৰ

কেতিয়াবা আমি পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে বাৰে পানীৰ ব্যৱহাৰ কৰি থাকো। বহু সময় ধৰি পানী হাত বা ভৰিত লাগি থাকিলে আমাৰ ছালবোৰ কোমল হৈ ওলাই আহিবলৈ আৰম্ভ কৰে।কেতিয়াবা অত্যাধিক ঘাম বা কেইবা সপ্তাহ ধৰি সূৰ্যৰ সৈতে সম্পৰ্ক স্থাপন নহ’লেও এইদৰে ছাল ছিঙি থকা সমস্যাই দেখা দিয়ে।

নিয়াচিনৰ অভাৱ

আমাৰ শৰীৰত ভিটামিন বি৩ হ্ৰাস হ’লে নিয়াচিনৰ অভাৱ হয়। যাৰ ফলত ছাল ডাঠ হয় আৰু ৰঙচুৱা হৈ ছিঙিবলৈ আৰম্ভ কৰে।

ৰাসায়নিক পদাৰ্থ থকা সামগ্ৰীৰ ব্যৱহাৰ

ৰাসায়নিক সামগ্ৰীৰ সংস্পৰ্শলৈ অহাৰ ফলতো আমাৰ হাত-ভৰিৰ ছাল ছিঙিবলৈ ধৰে। সংবেদনশীল ছাল থকা লোকসকল ইয়াৰ দ্বাৰা সহজে প্ৰভাৱিত হয়। সেয়েহে, অধিক ৰাসায়নিক থকা সামগ্ৰী পৰিহাৰ কৰাটো ভাল।

এই ৰোগৰ চিকিৎসা

১.এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি নিয়মিতভাৱে শৰীৰত সুগন্ধি-মুক্ত, হাইপ’এলাৰজেনিক ময়েশ্চাৰাইজিং ক্ৰীম বা মলম ব্যৱহাৰ কৰিব।

২. ছালখন হাইড্ৰেটেড ৰাখিবলৈ যিমান সম্ভৱ সিমান পানী খাব।

৩. গৰম পানীৰে গা নুধুব।গৰম পানীয়ে ছাল শুকান কৰে।

৪. বায়ুত আৰ্দ্ৰতা বজাই ৰাখিবলৈ হিউমিডিফায়াৰ ব্যৱহাৰ কৰক।

৫. ভৰিত ছেণ্ডেলৰ সলনি জোতা পিন্ধিব, কিন্তু মোজা দৈনিক সলনি কৰিব।

Also Read: এইসমূহ খাদ্য খালে হাড় দুৰ্বল হয়