Norovirus : শিশুৰ মাজত দ্ৰুতগতিত বিয়পিছে এই ভাইৰাছ, লক্ষণ জানি লৈ আপুনিও সাৱধান হওঁক

Norovirus : শিশুৰ মাজত দ্ৰুতগতিত বিয়পিছে এই ভাইৰাছ, লক্ষণ জানি লৈ আপুনিও সাৱধান হওঁক

ডিজিটেল ডেস্ক: কৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ কথা ভাবিলে আজিও হয়তো সকলোৰে বুকু কঁপি উঠে। কিন্তু কৰোনা ভাইৰাছৰ প্ৰভাৱ শেষ হওঁতেই পুনৰ ভাৰতত ভয়ানক ৰূপ লৈছে আন এক ভাইৰাছে। এই নতুন ভাইৰাছৰ নাম ন’ৰ’ ভাইৰাছ।সম্প্ৰতি দক্ষিণ ভাৰতত বিশেষকৈ কেৰালাত এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।

দিনক দিনে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত কেৰালা চৰকাৰ-প্ৰশাসনৰ সন্মুখত এইটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে। কেৰালাৰ এৰ্নাকুলাম জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ প্ৰায় ৬২ জন শিক্ষাৰ্থী শেহতীয়াকৈ এই ৰোগত আক্ৰান্ত হৈছে।

জিলাখনৰ এজন জ্যেষ্ঠ চিকিৎসা বিষয়াৰ মতে, দুজন শিক্ষাৰ্থীৰ ক্ষেত্ৰত এই ৰোগৰ লক্ষণ দেখি পৰীক্ষাগাৰলৈ দুটা নমুনা প্ৰেৰণ কৰা হৈছে। য'ত দুয়োটা প্ৰতিবেদন ইতিবাচক হৈছে।শিশু দুটিৰৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃৰ দেহতো ন’ৰ’ ভাইৰাছৰ লক্ষণে দেখা গৈছে। এই ৰোগ শিশুৰ ক্ষেত্ৰত অধিক বিয়পি আছে।

কি এই ন’ৰ’ ভাইৰাছ ?

‘ইউএছ নেশ্যন ফাউণ্ডেচন ফৰ ইনফেকচিয়াছ ডিজিজ’ৰ মতে, বহুতো ভাইৰাছৰ এটা গোটক ন’ৰ’ ভাইৰাছ বুলি কোৱা হয়। ই অধিক সংক্ৰামক। এই ৰোগ এজন ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে ই পাকস্থলী আৰু অন্ত্ৰৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায়। এই ভাইৰাছত সংক্ৰমিত ৰোগীৰ প্ৰথমে কলেষ্টেৰলৰ সমস্যা আৰম্ভ হয়। কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে প্ৰায় ২.১ নিযুত লোক এই গুৰুতৰ ৰোগত আক্ৰান্ত হৈছে।

ইফালে, বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, সমগ্ৰ বিশ্বতে প্ৰতি বছৰে প্ৰায় ৬৮ জন লোক ন’ৰ’ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়। সংক্ৰমিত লোকসকলৰ ভিতৰত ৫ বছৰতকৈ কম বয়সৰ শিশুৰ সংখ্যা সৰ্বাধিক। এই ৰোগত আক্ৰান্ত শিশুৰ সংখ্যা ২০ কোটি। এই বিপদজনক ভাইৰাছৰ ফলত প্ৰতি বছৰে প্ৰায় ২০ নিযুত লোকৰ মৃত্যু হয়।

ন’ৰ’ ভাইৰাছৰ লক্ষণবোৰ কি ?

ন’ৰ’ ভাইৰাছ ৰোগে যিকোনো বয়সৰ লোকক সংক্ৰমিত কৰিব পাৰে। সংক্ৰমিত শিশু, বৃদ্ধ বা বৃদ্ধলোকৰ হঠাতে বমি বা পেট ফুলা ইয়াৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। সংক্ৰমিত লোকৰ তীব্ৰ জ্বৰ, শৰীৰৰ বিষ আৰু মুৰৰ বিষৰ সমস্যা হ'ব পাৰে। ন’ৰ’ ভাইৰাছৰ লক্ষণবোৰ ২-৩ দিনৰ ভিতৰত দেখা দিয়া আৰম্ভ হয়। ইয়াৰ সংক্ৰমণ প্ৰথমে অন্ত্ৰত দেখা দিবলৈ আৰম্ভ কৰে। এই ৰোগত আক্ৰান্ত লোকসকল দীৰ্ঘদিন ধৰি অসুস্থ হৈ থাকে। আনহাতে, 'চেণ্টাৰ ফৰ ডিজিজ অফ আমেৰিকা'ৰ তথ্য অনুসৰি, ন’ৰ’ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকসকলৰ প্ৰথমতে পেটৰ সমস্যা আৰম্ভ হয়। আপুনি ইয়াক পেটৰ ফ্লু বুলিও ক'ব পাৰে।আনহাতে, বহু গৱেষণাৰ মতে, ই পাকস্থলী ফ্লু ইনফ্লুৱেঞ্জা ভাইৰাছৰ সৈতে সম্পৰ্কিত। 

ন’ৰ’ ভাইৰাছ বিয়পে নেকি ?

লেতেৰা পানী আৰু বেয়া খাদ্যৰ বাবে ন’ৰ’ ভাইৰাছ বিয়পে।এক গৱেষণাত প্ৰমাণ পোৱা মতে, এজন ব্যক্তি এবাৰ ন’ৰ’ ভাইৰাছত আক্ৰান্ত হ’লে তেওঁ আৰু সুস্থ হৈ নুঠে।ন’ৰ’ ভাইৰাছৰ ওপৰত ছেনিটাইজাৰৰ কোনো প্ৰভাৱ নপৰে। 

ন’ৰ’ ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰিনে ?

ন’ৰ’ ভাইৰাছ ৰোগী এজনক চিকিৎসকৰ পৰামৰ্শ লৈ ঘৰতে আৰোগ্য কৰিব পাৰি। যদি আপুনি ইয়াৰ সংক্ৰমণ পৰিহাৰ কৰিব বিচাৰে, তেন্তে চাবোন আৰু গৰম পানীৰে নিয়মীয়াকৈ হাত ধুব। যদি আপুনি বাহিৰৰ পৰা যিকোনো সামগ্ৰী আনিছে, ইয়াক কমেও ১৫ মিনিটৰ বাবে গৰম পানীত ৰাখিব। 

Norovirus : শিশুৰ মাজত দ্ৰুতগতিত বিয়পিছে এই ভাইৰাছ, লক্ষণ জানি লৈ আপুনিও সাৱধান হওঁক
Zombie Virus: ক’ৰোনা গ’ল ! এইবাৰ আহিছে জম্বি ভাইৰাছ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in