সাৱধান ! বৰ্তমানেও ওলোৱা নিপাহ ভাইৰাছৰ ঔষধ, শৰীৰত এনে লক্ষণ দেখা দিলে সচেতন হ’ব

সাৱধান ! বৰ্তমানেও ওলোৱা নিপাহ ভাইৰাছৰ ঔষধ, শৰীৰত এনে লক্ষণ দেখা দিলে সচেতন হ’ব

ডিজিটেল ডেস্ক: কৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ কথা ভাবিলে আজিও সকলোৰে বুকু কঁপে।আকৌ কৰোনাৰ দৰেই সন্ত্ৰাসৰ বাৰ্তা আনিছে আন এক ভাইৰাছে।হয়, এই ভাইৰাছ বিধৰ নাম নিপাহ ভাইৰাছ। ভাৰতৰ বহু ঠাইত ইতিমধ্যে নিপাহ ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে।  শেহতীয়াকৈ কেৰালাৰ কোজিকোড অঞ্চলত এই ভাইৰাছৰ ফলত দুজন লোকৰ মৃত্যু হৈছে। এই ভাইৰাছৰ বৰ্ধিত ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগেও ইতিমধ্যে সতৰ্কতা জাৰি কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, নিপাহ ভাইৰাছ হৈছে এক জুনোটিক ভাইৰাছ। ই জীৱ-জন্তুৰ জৰিয়তে মানুহলৈ বিয়পে। তদুপৰি, ই খাদ্য আৰু পানীয়ৰ জৰিয়তেও মানুহলৈ বিয়পিব পাৰে। এই ভাইৰাছ প্ৰথমে ১৯৯৯ চনত মালয়েছিয়াৰ চুঙ্গাই নিপাহ নামৰ এখন গাঁৱত আৱিৰ্ভাৱ হৈছিল।সেয়েহে ইয়াক নিপাহ ভাইৰাছ বুলি কোৱা হয়। প্ৰকৃততে, এই ভাইৰাছ কি আৰু শৰীৰত ইয়াৰ লক্ষণবোৰে কিদৰে দেখা দিয়ে, আজি জানো আহক-

নিপাহ ভাইৰাছ কেনেদৰে বিয়পে ? 

জীৱ-জন্তু হৈছে এই ভাইৰাছৰ মুখ্য উৎস। বিশেষজ্ঞসকলৰ মতে, এই ভাইৰাছ বাদুলিৰ জৰিয়তে মানুহলৈ বিয়পে। এই ভাইৰাছ গাহৰি, কুকুৰ, মেকুৰী, ঘোঁৰা আৰু ভেড়াৰ পৰাও বিয়পিব পাৰে।আনহাতে, এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলেও নিপাহ ভাইৰাছ বিয়পে।

ইয়াৰ লক্ষণসমূহ 

নিপাহ ভাইৰাছ বিয়পাৰ পিছত শৰীৰত বহুতো সমস্যা বৃদ্ধি হয়।ইয়াৰ ভিতৰত অন্যতম হৈছে এনকেফেলাইটিছ।ইয়াৰ আন লক্ষণসমূহ হৈছে-

. মুৰৰ বিষ 

. জ্বৰ

. কাঁহ

. উশাহ লোৱাত অসুবিধা

. বমি

. পেটত বিষ

. চিজাৰ

ইফালে, যদি এই ভাইৰাছৰ ফলত ব্যক্তিজনৰ অৱস্থাৰ অধিক অৱনতি ঘটে, তেন্তে তেওঁ ক'মালৈও যাব পাৰে। এই ভাইৰাছৰ লক্ষণবোৰে ৫-১৪ দিনৰ ভিতৰত শৰীৰত দেখা যায়।কিন্তু কিছুমানৰ ক্ষেত্ৰত ৪৫ দিনৰ পাছতো ইয়াৰ লক্ষণ দেখা যায়।

নিজকে কিদৰে সুৰক্ষা দিব? 

নিপাহ ভাইৰাছ ৰোধৰ বাবে এতিয়ালৈ কোনো ঔষধ বা ভেকছিন নাই। কেৱল সাৱধানতা অৱলম্বন কৰিয়েই আপুনি ইয়াৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে। এইসমূহ হৈছে-

. বাদুলি আৰু গাহৰিৰ সংস্পৰ্শ পৰিহাৰ কৰিব।

. মাটিৰ পৰা বা পোনপটীয়াকৈ গছৰ পৰা চিঙি ফল নাখাব। 

. মাস্ক পিন্ধিব।

. সময়ে সময়ে হাত ধুই থাকিব। 

. যদি শৰীৰত নিপাহ ভাইৰাছৰ কোনো লক্ষণে দেখা দিয়ে। লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।

সাৱধান ! বৰ্তমানেও ওলোৱা নিপাহ ভাইৰাছৰ ঔষধ, শৰীৰত এনে লক্ষণ দেখা দিলে সচেতন হ’ব
সাৱধান ! বহু ৰোগৰ কাৰণ পোহনীয়া কুকুৰ-মেকুৰী-মাছ-কাছ-চৰাই

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in