/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/cd1af857-af20-4097-9906-457071e1faa5/AP_FOR_WEB_cancer.jpg)
ডিজিটেল ডেস্ক: কৰ্কট হৈছে এনে এবিধ মাৰাত্মক ৰোগ, যি কেৱল প্ৰাপ্তবয়স্কৰে নহয়, শিশুৰ ক্ষেত্ৰতো হ'ব পাৰে।আনকি শিশুৰ চকুতো কৰ্কট ৰোগ হ'ব পাৰে। ইয়াৰ ফলত এটা শিশু চিৰদিনৰ বাবে অন্ধ হ'ব পাৰে। চিকিৎসাৰ ভাষাত এই কৰ্কট ৰোগক ৰেটিন’ব্লাষ্টোমা বুলি কোৱা হয়। ই চকুৰ ৰেটিনাত সৃষ্টি হয়।
আমেৰিকা যুক্তৰাষ্ট্ৰত শেহতীয়াকৈ বেনী নামৰ এটা পাঁচমহীয়া শিশু এই বিপদজনক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। শিশুটোৰ মাতৃয়ে জানিবলৈ দিয়া মতে, প্ৰথমে বেনীৰ চকুৰ মণিটো বগা হৈছিল। কিন্তু চিকিৎসাৰ পিছত গম পোৱা গল তেওঁৰ ৰেটিন’ব্লাষ্টোমা নামৰ ৰোগ আছে। সম্পূৰ্ণ চিকিৎসা লাভ কৰি বেনী কিছু সুস্থ হৈছে। শিশুৰ এই ৰোগ তথা ইয়াৰ লক্ষণসমূহৰ বিষয়ে আজি জানো আহক-
ৰেটিন’ব্লাষ্টোমা কি?
এই কৰ্কট ৰোগ পাঁচ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত দেখা যায়।এক গৱেষণা অনুসৰি, প্ৰতি বছৰে চাৰিৰ পৰা পাঁচ হাজাৰ শিশু এই কৰ্কট ৰোগৰ চিকাৰ হয়, যাৰ ভিতৰত ১৫০০শিশু ভাৰতীয়। চিকিৎসকৰ মতে, কিছুমান পুষ্টিৰ অভাৱৰ বাবে এই ৰোগ হয়।এই ৰোগ ধৰা পৰিলে যদি সময়মতে চিকিৎসা কৰা হয়, তেন্তে ইয়াৰ চিকিৎসা সম্ভৱ। প্ৰকৃততে ই এক প্ৰকাৰৰ টিউমাৰ, যি চকুৰ পৰা বিয়পি পৰে আৰু শৰীৰৰ বহুতো অংশ আৱৰি ধৰে। ই মগজু আৰু হাড়কো প্ৰভাৱিত কৰিব পাৰে।
ৰেটিন’ব্লাষ্টোমাৰ লক্ষণ
. চকু বগা পৰা
. ৰং চিনাক্ত কৰিবলৈ সক্ষম নোহোৱা
. চকু দুটা কঁপি থকা
. চকুৰ বগা অংশত ৰঙা পৰা
. দুৰ্বল দৃষ্টিশক্তি
. চকুত বিষ বা ফুলা
ৰেটিন’ব্লাষ্টোমাৰ চিকিৎসা
যদি আপুনি শিশুৰ ক্ষেত্ৰত এনে কোনো লক্ষণ লক্ষ্য কৰে, লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব। এম আৰ আই আৰু আল্ট্ৰাচাউণ্ড পৰীক্ষাৰ পিছত ইয়াক চিনাক্ত কৰিব পাৰি।
Also Read: এইসমূহ ৰোগ যদি কৰিবলৈ বিচাৰিছে দূৰ, খাওঁক মাখনা আৰু গুড়