ভৰিৰ বিষে জ্বলা-কলা খুৱাইছে যদি এইসমূহ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰক

অধিকাংশ লোককে ভৰিৰ বিষে যমৰ যাতনা ভোগায়।যিকোনো বয়সৰ লোকৰে এই সমস্যা হ'ব পাৰে, আনকি শিশুসকলেও এই বিষত খুব কষ্ট ভোগে। ভৰিৰ বিষৰ কাৰণ বহু।

author-image
Asomiya Pratidin
New Update
ভৰিৰ বিষে জ্বলা-কলা খুৱাইছে যদি এইসমূহ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰক

ডিজিটেল ডেস্ক: অধিকাংশ লোককে ভৰিৰ বিষে যমৰ যাতনা ভোগায়।যিকোনো বয়সৰ লোকৰে এই সমস্যা হ'ব পাৰে, আনকি শিশুসকলেও এই বিষত খুব কষ্ট ভোগে। ভৰিৰ বিষৰ কাৰণ বহু। ইয়াৰ ভিতৰত পেশীত চাপ পৰা, সঠিক ৰক্ত সঞ্চালনৰ অভাৱ আদি অন্যতম। শৰীৰৰ হাড় দুৰ্বল হলেও ভৰিৰ বিষ হ'ব পাৰে। কেতিয়াবা এই বিষে ইমানেই গুৰুতৰ ৰূপ লয় যে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই পেইন কিলাৰ খায়।যিয়ে নিশ্চিতভাৱে কিছু সময়ৰ বাবে বিষৰ পৰা সকাহ দিয়ে যদিও পুনৰ বিষ হয়।পেইন কিলাৰ স্বাস্থ্যৰ পক্ষেও অতি ক্ষতিকাৰক। এনে পৰিস্থিতিত, ভৰিৰ বিষৰ সমস্যা দূৰ কৰিবলৈ আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰৰ সহায় ল'ব পাৰে। সেই সমূহ হৈছে-

Advertisment

নিম পাতৰ ব্যৱহাৰ

শুনিবলৈ আচৰিত যেন লাগিলেও নিম পাতে ভৰিৰ বিষত ঔষধৰ দৰে কাম কৰে। ইয়াৰ বাবে আপুনি অলপ নিম পাত পানীত উতলাই তাত ৩-৪ চামুচ ফিটকিৰি গুৰি মিহলি কৰিব।পানীখিনি কুহুমীয়া গৰম হ’লে ইয়াত আপোনাৰ ভৰি দুটা অলপ সময়ৰ বাবে তিয়াই ৰাখিব।এই ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰা খুব সোনকালেই ভৰিৰ বিষৰ পৰা সকাহ পাব।

নিয়মীয়া ব্যায়াম

নিয়মীয়া ব্যায়াম তথা যোগ কৰাৰ ফলত ভৰিৰ তেজ চলাচল নিয়মীয়া হয়।যিয়ে ভৰিৰ বিষৰ পৰা আমাক সকাহ দিয়ে।

লং তেলৰ সৈতে মালিচ 

তিল তেলৰ সৈতে লেভেণ্ডাৰ তেল আৰু লং তেল মিহলি কৰি মালিচ কৰিলেও আপুনি খুব সোনকালে ভৰিৰ বিষৰ পৰা পৰিত্ৰাণ পাব।

ঘিউ খাব

দেশী ঘিউৰ সৈতে গিলয় বা অমৰ লতাৰ ৰস খালেও আপুনি ভৰিৰ বিষৰ পৰা সকাহ পাব পাৰে।

ষ্ট্ৰেচিং

সময়ে সময়ে ভৰি ষ্ট্ৰেচিং বা প্ৰসাৰিত কৰিও আপুনি ভৰিৰ বিষৰ যাতনাৰ পৰা মুক্তি লাভ কৰিব পাৰে।

Also Read: এইদৰে নিমিষতে দূৰ কৰক অসহ্য মূৰৰ বিষ