ৰাতিপুৱা উঠি কি কৰিব-কি নকৰিব, সকলো জানি লওঁক

ৰাতি ভালদৰে টোপনি যোৱাৰ পিছত ৰাতিপুৱা উঠি গোটেই দিনটোৰ কাম কৰাৰ বাবে শৰীৰটোয়ে শক্তি লাভ কৰে।

author-image
Asomiya Pratidin
New Update
ৰাতিপুৱা উঠি কি কৰিব-কি নকৰিব, সকলো জানি লওঁক

ডিজিটেল ডেস্ক: ৰাতি ভালদৰে টোপনি যোৱাৰ পিছত ৰাতিপুৱা উঠি গোটেই দিনটোৰ কাম কৰাৰ বাবে শৰীৰটোয়ে শক্তি লাভ কৰে। ইয়াৰ লগতে ৰাতিপুৱা আমি কৰা কামে আমাৰ দিনটোৰ কাৰ্যকলাপত বহুখিনি প্ৰভাৱ পেলায়।সেয়েহে স্বাস্থ্যৱান হৈ থাকিবলৈ ৰাতিপুৱা ভাল অভ্যাস থকাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বিপৰীতে এনে কিছুমান অভ্যাস আছে, যিয়ে স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে। স্বাস্থ্যৰ সৈতে সম্পৰ্কিত পুৱাৰ এনে কিছুমান ভাল আৰু বেয়া অভ্যাসৰ বিষয়ে আজি সৱিশেষ জানো আহক-

Advertisment

 ৰাতিপুৱা কি কৰিব

সোনকালে উঠাৰ অভ্যাস কৰক

দিনটো ভালদৰে পাৰ কৰিবলৈ ৰাতিপুৱা সোনকালে উঠাটো খুবেই দৰকাৰী।বিশেষকৈ সূৰ্য্যোদয়ৰ আগতে উঠিব পাৰিলে খুবেই ভাল। ই আপোনাক গোটেই দিনটো সতেজ অনুভৱ কৰোৱাৰ লগতে বহু ৰোগৰ পৰা সুৰক্ষাও দিয়ে। সোনকালে উঠিলে আপুনি গোটেই দিনটোত বহু কাম কৰিব পৰাকৈ অধিক সময় পাব।

তামৰ পাত্ৰৰ পানী খাব

তামৰ কেলচিয়াম, আইৰণ, জিংক, এণ্টি অক্সিডেণ্ট, এণ্টি বেক্টেৰিয়া আদিৰ দৰে গুণ আছে। সেয়েহে ৰাতিপুৱা তামৰ পাত্ৰত খোৱা পানী শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ই পেটৰ সমস্যাসমূহ আঁতৰ কৰি উন্নত শাৰীৰিক বিকাশত সহায় কৰে। 

যোগ-ধ্যান কৰক

  Milan Zeremski
Milan Zeremski

জীৱনটো স্বাস্থ্যৱান হৈ উপভোগ কৰিবলৈ যোগ আৰু ধ্যান হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প। সেয়েহে, সদায় ৰাতিপুৱা মুকলি বতাহত আধা ঘণ্টাৰ বাবে যোগ আৰু ধ্যান কৰিব। ই মনক শান্ত কৰি শাৰীৰিক আৰু মানসিক উন্নত বিকাশত সহায় কৰে। তদুপৰি যোগ আৰু ধ্যান কৰিলে খং নিয়ন্ত্ৰণ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।আনহাতে, নিয়মিত ধ্যান কৰিলে মুখমণ্ডললৈ এক প্ৰাকৃতিক উজ্জ্বলতা আহে। 

তেল মালিছ

ৰাতিপুৱা শৰীৰত তেল মালিছ কৰিলে ছিদ্ৰবোৰ খোলে আৰু উন্নত ৰক্ত সঞ্চালন হয়।যাৰ ফলত ছালখনে গভীৰ পুষ্টি লাভ কৰে। সেয়েহে, গা ধোৱাৰ আগতে দৈনিক তেল মালিছ কৰাটো অভ্যাসত পৰিণত কৰিব লাগে। 

দৈ খাব

দৈ খোৱাটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। দৈ খালে শৰীৰৰ পৰা ভাগৰ, দুৰ্বলতা নাইকিয়া হয় আৰু গোটেই দিনটো উদ্যমী অনুভৱ কৰাত সহায় কৰে।পুষ্টি আৰু এণ্টি অক্সিডেণ্ট গুণাগুণেৰে সমৃদ্ধ দৈয়ে শৰীৰত পানীৰ অভাৱো দূৰ কৰে।

ৰাতিপুৱা কি কৰিব নালাগে

কফি গ্ৰহণ

ৰাতিপুৱা খালী পেটত কফি খোৱা পৰিহাৰ কৰিব লাগে। ইয়াত থকা উপাদানবোৰে শৰীৰৰ দ্ৰুত ওজন বৃদ্ধিৰ লগতে পাকস্থলী সম্পৰ্কীয় ৰোগৰ বৃদ্ধি কৰে। 

ৰাতিপুৱাৰ আহাৰ বাদ দিয়া 

বহুতো মানুহে ৰাতিপুৱা নোখোৱাকৈ কামলৈ যায়। কিন্তু ইয়াৰ ফলত শৰীৰটো লেহেমীয়া আৰু দুৰ্বল হয়। ৰাতিপুৱা স্বাস্থ্যকৰ আহাৰ খালে শৰীৰটোক গোটেই দিনটোৰ বাবে শক্তি প্ৰদান কৰে। ইয়াৰ লগতে এই আহাৰে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।সেয়েহে কেতিয়াও ৰাতিপুৱাৰ আহাৰ বাদ নিদিব। 

অধিক মচলাযুক্ত-তেলেতীয়া খাদ্য গ্ৰহণ কৰা

ৰাতিপুৱাৰ আহাৰত অধিক মচলাযুক্ত আৰু তৈলাক্ত বস্তু খোৱাৰ ফলত শৰীৰত ৰোগৰ আশংকা বৃদ্ধি হয়। ইয়াৰ ফলত শৰীৰত ওজন বৃদ্ধি আৰু অলসতা হয়।সেয়েহে, ৰাতিপুৱাৰ আহাৰ আটাইতকৈ স্বাস্থ্যকৰ আৰু পুষ্টিকৰ হ'ব লাগে। যাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু গোটেই দিনটো শৰীৰটোয়ে শক্তি লাভ কৰে।

ধূমপান 

ৰাতিপুৱা সাৰ পোৱাৰ পাছতে বহুলোকৰ ধূমপান কৰাৰ অভ্যাস আছে।ই শৰীৰৰ যথেষ্ট ক্ষতি কৰে।সেয়েহে ৰাতিপুৱা বা যিকোনো সময়তে ধূমপান পৰিহাৰ কৰিব লাগে। ধূমপান কৰাৰ ফলত শৰীৰত কৰ্কট ৰোগৰ কোষ বিকশিত হয়।যাৰ ফলত এইধৰণৰ গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা দ্ৰুতগতিত বৃদ্ধি হয়।

Also Read: Cucumber Benefits: তিয়ঁহৰ স্বাস্থ্য উপকাৰিতা