শিশুৰ বাবে অতি উত্তম এক খাদ্য মগু দাইল

শিশুৰ বাবে অতি উত্তম এক খাদ্য মগু দাইল

ডিজিটেল ডেস্ক: ডাঙৰৰ লগতে সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ বাবেও মগু দাইল অতি উপকাৰী। বেছিভাগ শিশুৱে মগু দাইল খাবলৈও খুব ভাল পায়। মগু দাইল হজম কৰিবলৈ অতি সহজ। ইয়াৰ লগতে এই দাইলত যথেষ্ট পৰিমাণে কাৰ্বোহাইড্ৰেট, কেলচিয়াম, আঁহ, ফলিক আৰু প্ৰ'টিন থাকে।সেয়ে ইয়াক শিশুৰ বাবে বিশেষকৈ এক বছৰৰ তলৰ শিশুৰ বাবে অতি উত্তম খাদ্য বুলি গণ্য কৰা হয়।আপুনি পিছে শিশুটোক কি ধৰণৰে মগু দাইল খাবলৈ দিয়ে ? 

মগু দাইল শিশুসকলক বিভিন্ন ধৰণে দিব পাৰি।মগু দাইলৰ খিচিৰি, চুপ, দাইল পানী তথা এই  দাইলৰ পাতলকৈ পিঠা বনাই আপুনি শিশুসকলক দিব পাৰে।আপুনি শিশুটোৰ পছন্দ অনুসৰি বিভিন্ন ধৰণৰে মগু দাইল বনাই দিব পাৰে। সকলো বয়সৰ শিশুৰু বাবে উপযোগী মগু দাইল আপুনি তলত উল্লেখ কৰা ধৰণে বনাই আপুনি আপোনাৰ শিশুটোকো খুৱাব পাৰে।

আপোনাৰ শিশুটোৰ বাবে কিদৰে এই দাইল তৈয়াৰ কৰিব -

১. প্ৰথমে মগু দাইলখিনি ভালদৰে ধুই ল’ব।

২. ইয়াৰ পিছত দাইলখিনি ইয়াক প্ৰেছাৰ কুকাৰ এটাত লৈ তাত দুই গিলাচ পানী দিব।

৩. তাৰ পিছত অকনমান হালধি, সোৱাদ অনুসৰি নিমখ আৰু অলপ ঘিউ দি ৫ বাৰ হুইচেল  মাৰিবলৈ দিব।

৪. ইয়াৰ পিছত দাইলখিনি অলপ ঠাণ্ডা হ'বলৈ দিব।

৫. যেতিয়া দাইল কুহুমীয়া হয়, ইয়াক এখন ছেকনিৰে ছেকি পানীখিনি পৃথক কৰক।

৬. আপোনাৰ শিশুৰ বাবে স্বাস্থ্যকৰ দাইল পানী প্ৰস্তুত।

৭. এতিয়া শিশুটোক চুপৰ দৰে চামুচেৰে এই পানীয় খুৱাব পাৰিব।

শিশুৰ বাবে অতি উত্তম এক খাদ্য মগু দাইল
অভিভাৱকসকলে শিশুৰ এইসমূহ দিশত গুৰুত্ব দিব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in