জনছনছ বেবী শ্বেম্পুৰে শিশুৰ চুলিৰ সঠিক যতন

পিতৃ-মাতৃসকলে শীতকালৰ উপযোগী নিৰ্দিষ্ট নিয়মীয়া চুলিৰ যতনৰ ৰুটিন মানি চলা উচিত আৰু এনে ৰুটিনৰ মূল উপকৰণবিধ শিশুটিৰ কোমল ছালখন আৰু চুলিৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা জনছনছ বেবী শ্বেম্পুৰ দৰে মৃদু পৰিচৰ্যাকাৰী পৰিষ্কাৰক হোৱা উচিত৷

author-image
Asomiya Pratidin
New Update
Shampoo

Photograph: (Pack Shot)

শীতকালৰ সময়ছোৱাত শিশুৰ পিতৃ-মাতৃয়ে শিশুটিক ঘৰুৱা পৰিবেশত ৰাখি উমাল কৰি ৰাখিবলৈ বিচাৰে৷ পিচে, একেটা সময়তে শীতৰ প্ৰকোপত শিশুটিৰ কোমল মূৰৰ ছাল আৰু চুলি ক্ষতিগ্ৰস্ত নোহোৱাটোও সমানেই গুৰুত্বপূৰ্ণ হৈ পৰে৷ শিশুৰ চুলি আৰু মূৰৰ ছালৰ বাবে গোটেই বছৰ জুৰি আদৰুৱা যতনৰ প্ৰয়োজন হয় যদিও শীতকালত শুকান বাতাৱৰণে শিশুটিৰ মূৰৰ ছালত শুষ্কতা আৰু খজুৱতিৰ সৃষ্টি কৰিব পাৰে৷ শুকান ছালে শিশুটিক অসুবিধাৰ সন্মুখীন কৰিব পাৰে, সেয়েহে এনে ক্ষেত্ৰত শিশুটিয়ে মূৰৰ ছালখন সঘনাই খজুওৱা, শুকান ছালখন বাৰে বাৰে স্পৰ্শ কৰা বা অসন্তুষ্টি প্ৰকাশ কৰা আদি আপোনাৰ চকুত পৰিব পাৰে৷ এনে কাৰণতে পিতৃ-মাতৃসকলে শীতকালৰ উপযোগী নিৰ্দিষ্ট নিয়মীয়া চুলিৰ যতনৰ ৰুটিন মানি চলা উচিত আৰু এনে ৰুটিনৰ মূল উপকৰণবিধ শিশুটিৰ কোমল ছালখন আৰু চুলিৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা জনছনছ বেবী শ্বেম্পুৰ দৰে মৃদু পৰিচৰ্যাকাৰী পৰিষ্কাৰক হোৱা উচিত৷

Advertisment

শীতকালত শিশুৰ চুলিৰ যতন কিয় গুৰুত্বপূৰ্ণ

জলীয় বাষ্প হ্ৰাস পোৱা আৰু ঘৰৰ ভিতৰখন তপত কৰি ৰখাৰ প্ৰভাৱত শীতকালছোৱা শিশুৰ ছালখন আৰু মূৰৰ ছালৰ বাবে প্ৰতিকূল হৈ পৰিব পাৰে, যাৰ পৰিণতিত এই দুয়োটা কাৰকৰ প্ৰভাৱত শিশুটিৰ ছালখনে প্ৰাকৃতিক আদ্ৰৰ্তা হেৰুওৱাই শুকান হৈ পৰিব পাৰে৷ একোটি শিশু বা কেঁচুৱাৰ ছালখন প্ৰাপ্তবয়স্কৰ তুলনাত বহুত বেছি স্পৰ্শকাতৰ হৈ পৰিব পাৰে, যাৰ অৰ্থ হৈছে ই শুকান হোৱা, ছটাছটে এৰোৱাৰ আৰু ইয়াত খজুৱতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ তেনেদৰেই নৱজাতকৰ মসৃণ, কোমল চুলিৰ বাবেও বিশেষ যতন লোৱা আৰু ইয়াত আউল নলগা কৰি আৰু লগতে ইয়াক স্বাস্থ্যকৰ কৰি ৰাখিবলগীয়া হয়৷ তীব্ৰ প্ৰকৃতিৰ একোবিধ পৰিষ্কাৰক ব্যৱহাৰ কৰিলে মূৰৰ ছালত থকা প্ৰাকৃতিক তেল আঁতৰাই পেলাব পাৰে, যাৰ ফলত ই অধিক শুকান হৈ পৰি অসুবিধাৰ সৃষ্টি কৰিব পাৰে৷ ঠিক এইখিনিতেই জনছনছ বেবী শ্বেম্পুৱে শীতকালত শিশুৰ মূৰৰ ছাল আৰু চুলিৰ মাজৰ আলসুৱা ভাৰসাম্য অটুট ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

জনছনছ বেবী শ্বেম্পু : মসৃণ, নৰম আৰু ফলপ্ৰসূ

জনছনছ বেবী শ্বে¥পুক আনকি শীতকালৰ মাহবোৰত বাৰে বাৰে গা ধুৱাবলগীয়া হোৱাৰ ফলত শুষ্কতা হেৰুওৱা ৰোধ কৰিবলৈ দৈনিক ব্যৱহাৰৰ বাবে পৰ্যাপ্তভাৱে কোমল আৰু স্নিগ্ধ হোৱাকৈ প্ৰস্তুত কৰা হৈছে৷ ইয়াত আছে অদ্বিতীয় অধিক অশ্ৰুৰোধক ফৰ্মুলা, যি ইয়াক কৰি তুলিছে বিশুদ্ধ পানীৰ দৰে মৃদু, যাৰ ফলত শিশুটিক গা ধুওৱাৰ সময়ত শিশুটি আৰু পিতৃ-মাতৃৰ বাবে উদ্বেগমুক্ত আৰু অশ্ৰুমুক্ত এক অভ্যাস হৈ পৰে৷ শ্বেম্পুবিধে মূৰৰ ছালৰ বাবে আৱশ্যকীয় প্ৰাকৃতিক তেল আঁতৰ নকৰাকৈয়ে মসৃণভাৱে পৰিষ্কাৰ কৰে, যি কাম শীতকালৰে সৈতে প্ৰায়েই সাঙোৰ খোৱা শুষ্কতা ৰোধৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ৷ নাৰিকলভিত্তিক মৃদু পৰিষ্কাৰকেৰে সমৃদ্ধ এইবিধ শ্বেম্পুৱে মূৰৰ ছাল পৰিষ্কাৰ কৰি আপোনাৰ শিশুটিৰ পাতল চুলিখিনিক এনে উপাদানেৰে পুষ্টি যোগায়, যি আদ্ৰৰ্তা অটুট ৰখাত সহায় কৰে, যাৰ ফলত ধুওৱাৰ পাচতো প্ৰত্যেকবাৰেই আপোনাৰ শিশুটিৰ চুলিখিনি কোমল, মসৃণ আৰু উজ্জ্বল হৈ থাকে৷ ই শিশুটিৰ ছালখনক ক্ষতিগ্ৰস্ত কৰিব পৰা তীব্ৰ ৰাসায়নিক দ্ৰব্য যেনে, পেৰাবীন, ছালফেট বা কৃত্ৰিম ৰঙৰ পৰা সম্পূৰ্ণ মুক্ত৷

জনছনছ বেবী শ্বেম্পুত থকা এবিধ মূল উপাদান হৈছে গ্লিচাৰিন যি মূৰৰ ছালখনক আদ্ৰৰ্ কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ গ্লিচাৰিনে আদ্ৰৰ্তা বৰ্ধক হিচাপে কাম কৰি বতাহৰ পৰা আদ্ৰৰ্তা আহৰণ কৰি ইয়াক ছালত আবদ্ধ কৰি ৰাখে, যাৰ ফলত মূৰৰ ছালখন আদ্ৰৰ্ হৈ ৰয়৷ বিশেষকৈ শীতকালত শিশুটিৰ কোমল ছালখনৰ লগতে মূৰৰ ছালৰ প্ৰাকৃতিক আদ্ৰৰ্তা সহজেই নোহোৱা হৈ পৰাৰ হেতুকে ই বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰে৷ গ্লিচাৰিনৰ ব্যৱহাৰে খজুৱতি আৰু ছাল এৰোৱা বা ছাল ফপৰা হোৱা ৰোধ কৰি মূৰৰ ছালখনক স্বাস্থ্যকৰ আৰু আৰামদায়ক কৰি ৰাখে৷

শীতকালত কিমান দিনৰ মূৰে মূৰে শিশুৰ চুলি ধোৱা উচিত?

ভালেমান পিতৃ-মাতৃয়ে চিন্তা কৰি থাকে যে, কিমান দিনৰ মূৰে মূৰে, বিশেষকৈ গা ধুওৱাৰ ক্ষেত্ৰত প্ৰত্যাহ৩ানপূৰ্ণ হৈ পৰা শীতকালত কিমান দিনৰ মূৰে মূৰে শিশুটিৰ চুলি ধুওৱা উচিত৷ ইণ্ডিয়ান একাডেমী অব পেডিয়াট্ৰিকছ [আই এ পি]ৰ মতে  সাধাৰণতে একোটি শিশুৰ চুলিখিনি প্ৰয়োজন অনুযায়ী এক সপ্তাহত এবাৰ বা দুবাৰকৈ ধুওৱাৰ পৰামৰ্শ দিয়া যায়৷ অৱশ্যে জনছনছ বেবী শ্বেম্পুৰ দৰে এবিধ মৃদু শ্বেম্পুৰে নিয়মীয়াকৈ গা ধুৱালে মলি, তেল আৰু চোকোৰা বন্ধাৰ দৰে সমস্যাবোৰ ৰোধ কৰি শিশুটিক পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ মূৰৰ ছালৰ অধিকাৰী কৰিব পাৰি৷ ক্ৰেডল কেপৰ সম্ভাৱনা থকা শিশুৰ ক্ষেত্ৰত অধিক সঘনাই গা ধুওৱাৰ প্ৰয়োজন হ’ব পাৰে৷ তেনে ক্ষেত্ৰত জনছনছ বেবী শ্বেম্পুৰ দৰে এবিধ মৃদু, আদ্ৰৰ্তাদায়ক শ্বেম্পুৰ ব্যৱহাৰে চামনিসমূহ শিঠিল কৰি মূৰৰ ছালখনক আদ্ৰ কৰি ৰাখিব৷

শীতকালৰ বাবে এবিধ প্ৰস্তুত চুলিৰ যতনৰ ৰুটিন

এবিধ মৃদু শ্বেম্পু বাছনি কৰাৰ উপৰি পিতৃ-মাতৃসকলে তেওঁলোকৰ শিশুটিৰ শীতকালৰ যতনৰ ৰুটিনত অন্যান্য উপাদানো অন্তভুৰ্ক্ত কৰিব পাৰে৷ কেৱল কেঁচুৱাৰ বাবে সুৰক্ষিত এবিধ তেলেৰে ধুওৱাৰ আগতে আৰু পাচত মূৰৰ চুলিৰ পৰিচৰ্যা কৰিলে মূৰৰ ছালৰ পুষ্টি বৃদ্ধি পায় আৰু তাত তেজৰ চলাচল অধিক হয়৷ ধুওৱাৰ পাচত, এখন কোমল ফণিৰে ফণিয়ালে চুলিত গাঁঠি লগা বা জঁট বন্ধা এৰাই চলিব পাৰি, যাৰ ফলত শীতকালৰ মাহবোৰত শিশুটিৰ চুলিখিনি কোমল হৈ থকাৰ উপৰি ইয়াৰ আপদাল কৰাও সহজ হৈ পৰে৷ জনছনছ বেবী শ্বেম্পু ব্যৱহাৰ কৰি পিতৃ-মাতৃসকলে  নিশ্চিত হ’ব পাৰিব যে, তেওঁলোকে শিশুটিৰ আছুতীয়া প্ৰয়োজনসমূহ পূৰণ কৰাৰ বাবে নিৰ্দিষ্টভাৱে তৈয়াৰ কৰা এবিধ উৎপাদনকেই ব্যৱহাৰ কৰিছে৷ ইয়াৰ মৃদু, আদ্ৰৰ্তাদায়ক ফৰ্মুলাই মসৃণ পৰিষ্কৰণ আৰু সিক্তকৰণৰ ক্ষেত্ৰত সঠিক ভাৰসাম্য ৰক্ষা কৰি চলে, যাৰ ফলত শিশুটিৰ চুলি আৰু মূৰৰ ছাল স্বাস্থ্যকৰ, আৰামদায়ক আৰু শীতকালৰ কঠোৰ জাৰৰ দিনকেইটাতো সযত্নপালিত হৈ থাকে৷

Johnson's baby