/asomiyapratidin/media/media_files/2025/09/15/seo-2025-09-15-13-48-26.jpg)
ডিজিটেল ডেস্ক: আমাৰ স্বাস্থ্যৰ অৱনতি ঘটিলে ই বহু ধৰণে সংকেত দিয়ে। এনে এটা গুৰুত্বপূৰ্ণ সংকেত আমাৰ চকুতো ধৰা দিয়ে। আপুনিও যদি আপোনাৰ চকুত কিছুমান পৰিৱৰ্তন মন কৰিছে, তেন্তে ইয়াক ভুলতো আওকাণ নকৰিব। কিয়নো ই বৃক্ক বা কিডনী অচল হোৱাৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। হয়, কিডনী বিকল হোৱাৰ প্ৰভাৱ আমাৰ চকুত পৰে। কিডনী হৈছে শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ, যিয়ে আমাৰ শৰীৰৰ পৰা বিষাক্ত উপাদান আঁতৰাই তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষাৰ কাম কৰে। যেতিয়া এই অংগটোৱে সঠিকভাৱে কাম নকৰে, তেতিয়া চকুত এইসমূহ লক্ষণে দেখা দিয়ে-
অনবৰতে চকু ফুলি থকা
যদি প্ৰতিদিনে পুৱা চকু দুটা সামান্য ফুলি উঠা দেখা যায়, তেন্তে সেয়া স্বাভাৱিক হ’ব পাৰে। কিন্তু যদি গোটেই দিনটো চকুৰ চাৰিওফাল বা চকুৰ পতা ফুলি থাকে, তেন্তে ই কিডনী বিকল হোৱাৰ লক্ষণ হ’ব পাৰে।
অস্পষ্ট দৃষ্টিশক্তি
যদি আপুনি হঠাতে দৃষ্টিশক্তি ম্লান হোৱা যেন অনুভৱ কৰে, বস্তুবোৰত মনোনিৱেশ কৰাত অসুবিধা পায় বা এটা বস্তুকে দুটাকৈ দেখে, তেন্তে এয়া চকুৰ সৰু সৰু ৰক্তবাহী নলীত হোৱা সমস্যাৰ লক্ষণ। এই সমস্যা হাইপাৰটেনচিভ ৰেটিনোপেথী বা ডায়েবেটিক ৰেটিনোপেথী হ’ব পাৰে। যি উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ ফলত হয় আৰু এই দুয়োটাকে কিডনী বিকল হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ বুলি ধৰা হয়।
চকুত অবিৰত খজুৱতি
গুৰুতৰ কিডনী ৰোগত আক্ৰান্ত বা ডায়েলাইছিছ কৰা ৰোগীৰ ক্ষেত্ৰত এইটো অতি সাধাৰণ। চকুত সঘনাই খজুৱতি, জ্বলা-পোৰা আৰু শুকান হোৱাটোৱে বিষাক্ত দ্ৰব্য আৰু কেলচিয়াম শৰীৰত জমা হোৱাৰ ইংগিত দিয়ে, যাৰ ফলত চকুৰ আৰ্দ্ৰতাত প্ৰভাৱ পৰে আৰু চকুলো কম হ’বলৈ আৰম্ভ কৰে।
চকু ৰঙা পৰা
কেতিয়াবা ভাগৰুৱা, এলাৰ্জী বা ভাইৰাছৰ সংক্ৰমণৰ বাবে চকু ৰঙা হ’ব পাৰে, কিন্তু যদি কোনো ঋতুভিত্তিক কাৰণ নোহোৱাকৈ চকু ৰঙা আৰু ফুলা দেখা যায়, তেন্তে ই উচ্চ ৰক্তচাপৰ লক্ষণ হ’ব পাৰে। ৰক্তবাহী নলীত চাপ বৃদ্ধিৰ বাবে চকুৰ কোষবোৰ ফাটিবলৈ আৰম্ভ কৰে আৰু চকু ৰঙা দেখাবলৈ আৰম্ভ কৰে। ই কিডনীয়ে ভালদৰে কাম নকৰাৰ লক্ষণো হ’ব পাৰে।
ৰং চিনি পোৱাত অসুবিধা
কিডনী বিকল হোৱাৰ বাবে কিছুমান লোকে বিশেষকৈ নীলা আৰু হালধীয়া ৰং চিনি পাবলৈ অসুবিধা পায়। চকুৰ স্নায়ুৰ ক্ষতি বা ৰেটিনাৰ পৰিৱৰ্তনৰ ফলত এই সমস্যা হ’ব পাৰে। উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা ইউৰিয়াৰ বিষাক্ত উপাদান (ইউৰেমিক টক্সিন) চকুত সোমাবলৈ আৰম্ভ কৰিলে এনে হয়।
এই লক্ষণসমূহ আওকাণ নকৰিব
মাজে মাজে চকুত ফুলা বা খজুৱতি হোৱাটো সাধাৰণ কথা, কিন্তু যদি এই সমস্যাবোৰ দীৰ্ঘসময়লৈকে থাকে আৰু তাৰ লগত ক্লান্তি, প্ৰস্ৰাৱৰ পৰিৱৰ্তন বা শৰীৰত ফুলা আদি লক্ষণে দেখা দিয়ে, তেন্তে ইয়াক আওকাণ কৰিলে আপুনি বিপদত পৰিব। এনে পৰিস্থিতিত তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী।
বিশেষজ্ঞৰ পৰামৰ্শ
বিশেষজ্ঞৰ মতে, চকুৰ কিছুমান লক্ষণে সময়ে সময়ে গুৰুতৰ ৰোগৰ খবৰ দিয়ে। নিয়মীয়াকৈ চকু পৰীক্ষা কৰা, শৰীৰৰ আন আন সংকেতবোৰৰ প্ৰতি মনোযোগ দি সময়মতে পৰীক্ষা কৰাব লাগে।
কমলা, আমলখিয়ে আপোনাক সহায় কৰিব
বিশেষজ্ঞৰ মতে, প্ৰতিদিনে এটা কমলা খালে শৰীৰত অত্যাৱশ্যকীয় ভিটামিন চি পোৱা যায় আৰু লগতে ওজন নিয়ন্ত্ৰণত থাকে। একে সময়তে আমলখি কেৱল হজম শক্তিৰ বাবেই উপকাৰী নহয়, ই ওজন কমাবলৈ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। ১০০ গ্ৰাম আমলখিত কেৱল মাত্ৰ ৪৪ কেলৰি থাকে।
বি.দ্ৰ: এই লেখাটো তথ্যৰ ভিত্তিত লেখা হৈছে। যিকোনো শাৰীৰিক অসুবিধা হ'লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।