ডেংগুৰ সময়ত এই ৫বিধ খাদ্যৰ পৰা দূৰত থাকিব

‘বিগ বছ অ'টিটি’ৰ প্ৰথম ‘ৰানাৰ-আপ’ অভিষেক মালহান আৰু অভিনেত্ৰী জেৰিন খানৰ লগতে দেশৰ হাজাৰ-হাজাৰ লোক ডেংগুত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।ডেংগু এডিছ মহৰ কামোৰৰ দ্বাৰা বিয়পে।এই ৰোগ সংক্ৰমিত হোৱাৰ লগে লগে ইয়াৰ লক্ষণবোৰ ৩ দিনৰ পৰা ১৪ দিনলৈ থাকে। যদি সময়মতে ডেংগুৰ চিকিৎসা কৰা নহয়, তেতিয়া ৰোগীৰ মৃত্যুও হ'ব পাৰে।

author-image
Asomiya Pratidin
New Update
ডেংগুৰ সময়ত এই ৫বিধ খাদ্যৰ পৰা দূৰত থাকিব

ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল ঋতুত ডেংগুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে।শেহতীয়াকৈ ‘বিগ বছ অ'টিটি’ৰ প্ৰথম ‘ৰানাৰ-আপ’ অভিষেক মালহান আৰু অভিনেত্ৰী জেৰিন খানৰ লগতে দেশৰ হাজাৰ-হাজাৰ লোক ডেংগুত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।ডেংগু এডিছ মহৰ কামোৰৰ দ্বাৰা বিয়পে।এই ৰোগ সংক্ৰমিত হোৱাৰ লগে লগে ইয়াৰ লক্ষণবোৰ ৩ দিনৰ পৰা ১৪ দিনলৈ থাকে। যদি সময়মতে ডেংগুৰ চিকিৎসা কৰা নহয়, তেতিয়া ৰোগীৰ মৃত্যুও হ'ব পাৰে। একে সময়তে, কেতবোৰ খাদ্য পৰিহাৰ কৰিও আপুনি ডেংগুৰ পৰা বাচি থাকিব পাৰে। আজি সেই বিষয়ে জানো আহক-

Advertisment

ডেংগুৰ লক্ষণ

ডেংগুৰ প্ৰধান লক্ষণ হৈছে জ্বৰ। কিন্তু এই জ্বৰ কিশোৰ তথা শিশুৰ ক্ষেত্ৰত সহজে চিনাক্ত কৰিব নোৱাৰি। ডেংগুত ১০৪ ফাৰেনহাইট ডিগ্ৰীৰ জ্বৰ হয়।ইয়াৰ বাহিৰেও আন লক্ষণকেইটা হৈছে- 

-মূৰৰ বিষ।

- পেশী, হাড় আৰু গাঁঠিৰ বিষ।

-অসুস্থ অনুভৱ কৰা।

- বমি।

- চকুৰ পিছফালে বিষ।

- গ্ৰন্থি ফুলা।

- ছালত ৰঙা দাগ।

ডেংগুত এই খাদ্যবোৰ পৰিহাৰ কৰিব

মচলাযুক্ত খাদ্য

ডেংগু ৰোগীসকলে মচলাযুক্ত খাদ্য খোৱা পৰিহাৰ কৰিব লাগে। এই ধৰণৰ খাদ্যই ডেংগু চিকিৎসাৰ প্ৰভাৱ হ্ৰাস কৰে।আনহাতে, মচলাযুক্ত খাদ্য খালে ব্যক্তিজনৰ পেটত গেছ, এচিডিটিৰ সমস্যা হ'ব পাৰে। যিয়ে ডেংগুৰ সমস্যা আৰু বৃদ্ধি কৰে।

জাংক ফুড

ভজা আৰু জাংক ফুড স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ডেংগু ৰোগীয়েও এই খাদ্যৰ পৰা দূৰত থাকিব লাগে। এনে খাদ্য খোৱাৰ ফলত ব্যক্তি এজনৰ ৰক্তচাপ অধিক হ'ব পাৰে আৰু ডেংগুৰ পৰা আৰোগ্য হোৱাত পলম হ'ব পাৰে।

আমিষ খাদ্য

ডেংগু ৰোগীসকলে আমিষ খাদ্য খোৱা পৰিহাৰ কৰিব লাগে।কিয়নো এনে খাদ্য ৰন্ধাৰ সময়ত বহু প্ৰকাৰৰ মচলা ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও আমিষ খাদ্য হজম কৰিবলৈ অধিক সময় লাগে, যি ৰোগীৰ স্বাস্থ্যৰ সমস্যা বৃদ্ধি কৰে।

কফি

কফিৰ দৰে কেফেইনযুক্ত পানীয় খালে শৰীৰক ডিহাইড্ৰেট কৰিব পাৰে, যাৰ ফলত প্লেটলেট পুনৰুদ্ধাৰ নহয় আৰু ডেংগু গুৰুতৰ হ'ব পাৰে।

সুৰা

ডেংগুত ভুগি থকা লোকসকলে ভুলতো সুৰা সেৱন কৰিব নালাগে। সুৰা পান কৰিলে শৰীৰটো ডিহাইড্ৰেট হয়, যাৰ ফলত ৰোগীৰ প্লেটলেট কম হোৱাৰ সমস্যা হ'ব পাৰে।

উল্লেখ্য যে, ডেংগু হ'লে প্লেটলেট বৃদ্ধি কৰিবলৈ আপুনি নাৰিকল পানী খাব পাৰে।

Also Read: এইসমূহ হৈছে ডেংগুৰ কাৰণ-লক্ষণ, জানি লওঁক প্ৰতিৰোধৰ উপায়