আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ কি, কেনেকৈ খাব লাগে জানি লওঁক

আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ কি, কেনেকৈ খাব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: বয়স বঢ়াৰ লগে লগে আমাৰ শৰীৰত বহু সমস্যাই দেখা দিয়ে। সেই সমস্যাসমূহৰ ভিতৰত অন্যতম এক সমস্যা হৈছে আঁঠুৰ বিষ। আৰ্থ্ৰাইটিছৰ সমস্যা, মেদবহুলতা, শৰীৰত পুষ্টি, ভিটামিন-চি, ভিটামিন-ডি, কেলচিয়ামৰ অভাৱ আদিৰ বাবে আঁঠুৰ বিষৰ সমস্যা হয়। বহুতেই আঁঠুৰ বিষৰ চিকিৎসা কৰি ভাগৰি পৰে যদিও ইয়াৰ পৰা এই বিষে লগ নেৰে।কিন্তু কিছুমান ঘৰুৱা প্ৰতিকাৰৰ জৰিয়তে আঁঠুৰ বিষৰ পৰা চিৰদিনলৈ পৰিত্ৰাণ পাব পাৰি।আজি আঁঠুৰ বিষৰ ঘৰুৱা প্ৰতিকাৰসমূহৰ বিষয়ে জানো আহক-

হালধি গাখীৰ

আঁঠুৰ বিষৰ পৰা সকাহ পাবলৈ আপুনি হালধি দি গাখীৰ খাব পাৰে। এগিলাচ গৰম গাখীৰত আধা চামুচ হালধি গুৰি মিহলি কৰি ৰাতি শুবলৈ যোৱাৰ আগতে খাব।এনেদৰে খালে খুব সোনকালেই আপুনি বিষৰ পৰা সকাহ পাব। হালধি গুৰিৰ সলনি কেঁচা হালধি পিছিও আপুনি গাখীৰৰ সৈতে খাব পাৰে। 

এল’ভেৰা 

আপুনি এল’ভেৰা ব্যৱহাৰ কৰিও আঁঠুৰ বিষৰ পৰা সকাহ পাব পাৰে। এল’ভেৰাৰ বাকলি খিনি আঁতৰাই ইয়াত হালধি গুৰি মিহলি কৰি অলপ গৰম কৰিব।ইয়াৰ পাছত বেদনাদায়ক স্থানত এইখিনি প্ৰয়োগ কৰিব। ই আপোনাক বিষ আৰু ফুলাৰ পৰা যথেষ্ট সকাহ দিব। 

মৌ, ঘিউ আৰু ত্ৰিফালা

মৌৰ সৈতে ত্ৰিফলা পাউডাৰ সেৱনে বিষৰ পৰা সকাহ দিয়ে। ত্ৰিফলা পাউডাৰ ১/২ চাহ চামুচৰ সৈতে ১ চাহ চামুচ মৌ মিহলি কৰিব। তাৰ পিছত ইয়াত ১/২ চাহ চামুচ ঘিউ দি প্ৰতি ৰাতিপুৱা খোৱা আৰম্ভ কৰিব। এনেদৰে কেইদিনমান খালেই আপুনি বিষৰ পৰা সকাহ পাব। 

মেথি গুটি

মেথিগুটিও বিষ উপশম কৰাৰ বাবে উপকাৰী। আহাৰ গ্ৰহণৰ পিছত ৰাতিপুৱা আৰু সন্ধিয়া এক গিলাচ গৰম পানীৰ সৈতে ১/২ চাহ চামুচ মেথিৰ গুটিৰ গুৰি মিহলি কৰি খাব।এনেদৰে খোৱাৰ ফলত খুব সোনকালেই আপুনি বিষৰ পৰা সকাহ পাব।

তুলসীৰ ৰস 

তুলসীৰ ৰসেও বিষ খুব সোনকালে উপশম কৰিব পাৰে।ইয়াৰ বাবে আপুনি ১ চাহ চামুচ তুলসীৰ পাতৰ ৰস উলিয়াই ইয়াক কুহুমীয়া পানীৰ সৈতে মিহলি কৰি দিনত দুবাৰকৈ খাব।নিজেই আপুনি শৰীৰত পাৰ্থক্য দেখিবলৈ পাব।

আদা 

বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি আদাও খাব পাৰে।চাহ, পাচলি, চাটনি বা আচাৰৰ জৰিয়তে আপুনি আদা আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে। ই কেৱল আঁঠুৰ বিষতে নহয়, গাঁঠিৰ বিষ, কাহ, চৰ্দি আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগতো যথেষ্ট উপকাৰী। 

আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ কি, কেনেকৈ খাব লাগে জানি লওঁক
ঔষধ খাব নালাগে, কিৱি খালেই দূৰ হয় হতাশা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in