শৰীৰক বহু ৰোগৰ পৰা সকাহ দিয়ে কিচমিচে

শৰীৰক বহু ৰোগৰ পৰা সকাহ দিয়ে কিচমিচে

ডিজিটেল ডেস্ক: আমাৰ ৰন্ধন প্ৰণালীত সততে ব্যৱহাৰ হোৱা কিচমিচ সোৱাদৰ লগতে গুণাগুণৰ দিশৰ পৰাও অতুলনীয়। কিচমিচ এণ্টিঅক্সিডেণ্ট আৰু পুষ্টিৰে সমৃদ্ধ। ই কেৱল আপোনাক শক্তিৰে পৰিপূৰ্ণ কৰি ৰখাই নহয়, বহুতো গুৰুতৰ ৰোগৰ পৰাও আপোনাক সুৰক্ষিত কৰি ৰাখিব পাৰে কিচমিচে। ইয়াত আইৰণ, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম আৰু আঁহ থাকে। কিচমিচে মানৱ শৰীৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ প্ৰয়োজনীয় সকলোবোৰেই আমাক প্ৰদান কৰে।আজি কিচমিচৰ গুণাগুণৰ বিষয়ে জানো আহক-

ৰক্তহীনতা

মহিলাৰ ক্ষেত্ৰত ৰক্তহীনতা সমস্যা অধিক দেখা যায়। কিচমিচ আইৰণৰে সমৃদ্ধ।কিচমিচ খোৱাটোৱে ৰক্তহীনতাৰ দৰে সমস্যাৰ আশংকা নাইকিয়া কৰাৰ লগতে শৰীৰত তেজ বৃদ্ধি কৰাত সহায় কৰে। 

পিঠিৰ বিষ

কিচমিচত কেলচিয়াম থাকে, ই হাড় শক্তিশালী কৰাৰ কাম কৰে। প্ৰায়ে মহিলাসকলৰ পিঠিৰ বিষৰ সমস্যা দেখা যায়। এইটো হাড়ৰ ঘনত্ব কম হোৱাৰ বাবে হ'ব পাৰে। আমি কিচমিচ খাই এই সকলোবোৰ সমস্যাৰ সমাধান লাভ কৰিব পাৰে।

যকৃত

কিচমিছে যকৃতক বহুত লাভান্বিত কৰে। দৈনিক কিচমিচৰ পানী খালে যকৃত স্বাস্থ্যৱান হৈ থাকে। ইয়াৰ লগতে, কিচমিচে শৰীৰক সঠিকভাৱে কাম কৰিবলৈ উদগণি যোগোৱাৰ লগতে আপোনাৰ বিপাকৰ স্তৰ সন্তুলিত কৰাত সহায় কৰে।

টোপনি

পৰ্যাপ্ত টোপনি বা অনিদ্ৰাত ভুগি থকা লোকসকলে ৰাতিপুৱা খালী পেটত কিচমিচ খোৱাৰ অভ্যাস কৰিব লাগে। কিয়নো যদি ইয়াক নিয়মীয়াকৈ খোৱা হয়, শৰীৰৰ চাপ হ্ৰাস হয়। ই সঠিক মানসিক শক্তি বৃদ্ধি কৰে। ই ভাল টোপনিত সহায় কৰে।

স্বাস্থ্যকৰ চুলি

চুলি সৰাৰ সমস্যা দূৰ কৰাত কিচমিচ যথেষ্ট সহায়ক। ক'লা কিচমিচে চুলি সৰাৰ সমস্যাৰ সমাধান কৰে।ইয়াত ভিটামিন চি থাকে, যি মূৰৰ ছাল আৰু কোষৰ ক্ষতি প্ৰতিহত কৰাত সহায়ক।মুৰৰ খজুৱতি আৰু উফিৰ সমস্যাও আপুনি কিচমিচ খাই প্ৰতিৰোধ কৰিব পাৰে।

ছালৰ যত্ন

যদি আমি দৈনিক কিচমিচ গ্ৰহণ কৰো, তেনেহ'লে আমাৰ ছালেখনে পৰ্যাপ্ত পুষ্টি লাভ কৰি থাকে। কেৱল এয়াই নহয়, ই আমাৰ তেজ বিশুদ্ধ কৰে, যিয়ে ছালৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে, বিশেষকৈ মুখৰ ছাল কোচ খোৱা সমস্যা হ্ৰাস কৰাতো ই সহায়ক।

গ্ৰীষ্মকালত কিচমিচ কেনেদৰে খাব লাগে

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, তিয়াই থোৱা কিচমিচ শৰীৰৰ বাবে অধিক উপকাৰী। কিচমিচবোৰ গ্ৰীষ্মকালৰ আগদিনা ৰাতি তিয়াই ৰাখিব লাগে। তাৰ পিছতহে আপুনি ইয়াক খাব লাগে। কিয়নো কিচমিচ তিয়াই ইয়াত থকা পুষ্টি আৰু এণ্টিঅক্সিডেণ্টৰ পৰিমাণ বৃদ্ধি কৰে। কিচমিচে আপোনাক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাৰ লগতে ই আপোনাক উদ্যমী কৰি ৰাখে।

শৰীৰক বহু ৰোগৰ পৰা সকাহ দিয়ে কিচমিচে
ছালৰ কৰ্কট ৰোগৰ কাৰক মাছ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in