শিশুৰ কোমল ছালখনৰ আপুনি কিদৰে যত্ন লয় ?

যেতিয়া শিশু এটা মাতৃৰ গৰ্ভৰ পৰা ওলাই আহে, তেওঁলোক লাহে লাহে পৃথিৱীৰ পৰিৱেশৰ সৈতে খাপ খোৱাৰ ফলত ছালখনৰ অৱনতি হ'বলৈ আৰম্ভ কৰে।কিন্তু যদি আপোনাৰ শিশুটোৰ ছালখন পৰিস্কাৰ নহয়, তেনেহ'লে আপুনি ঘৰতে কেতবোৰ উপায় অৱলম্বন কৰি আপোনাৰ ছালখন উজ্জ্বল কৰি তুলিব পাৰে।আজি এই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
শিশুৰ কোমল ছালখনৰ আপুনি কিদৰে যত্ন লয় ?

শিশুৰ কোমল ছালখনৰ আপুনি কিদৰে যত্ন লয় ?

ডিজিটেল ডেস্ক: শিশুৰ ছাল অতি কোমল।সেয়েহে তেওঁলোকৰ ছালত যিকোনো ধৰণৰে  ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰাটো একেবাৰে অনুচিত। শিশুসকলৰ ছালৰ ৰঙো অতি সোনকালে সলনি হয়।ছালখন কোমল তথা খুব সংবেদনশীন হোৱাটোয়েই ছালৰ ৰং সলনি হোৱাৰ মুখ্য কাৰণ। যেতিয়া শিশু এটা মাতৃৰ গৰ্ভৰ পৰা ওলাই আহে, তেওঁলোক লাহে লাহে পৃথিৱীৰ পৰিৱেশৰ সৈতে খাপ খোৱাৰ ফলত ছালখনৰ অৱনতি হ'বলৈ আৰম্ভ কৰে।কিন্তু যদি আপোনাৰ শিশুটোৰ ছালখন পৰিস্কাৰ নহয়, তেনেহ'লে আপুনি ঘৰতে কেতবোৰ উপায় অৱলম্বন কৰি আপোনাৰ ছালখন উজ্জ্বল কৰি তুলিব পাৰে।আজি এই বিষয়ে জানো আহক-

Advertisment

দৈ-বিলাহীৰে মালিচ

আপুনি শিশুটোৰ ছালখন পৰিস্কাৰ কৰিবলৈ দৈ আৰু বিলাহী ব্যৱহাৰ কৰিব পাৰে।এটা বিলাহী পেষ্ট কৰি ইয়াক এটা বাটিত লৈ তাত ২ চাহ চামুচ দৈ ভালদৰে মিহলি কৰক।এই পেষ্টটোৰে লাহে লাহে আপোনাৰ শিশুটোৰ সমগ্ৰ শৰীৰটো মালিচ কৰিব।এনে কৰাৰ ফলত মৃত কোষবোৰ জীৱিত হ'ব আৰু ছালখন উজ্জ্বল হৈ পৰিব। দৈয়ে ছালক হাইড্ৰেটেড কৰাত সহায় কৰে আৰু বিলাহীয়ে ছালত ব্লিচিং এজেণ্টৰ দৰে কাম কৰে।সেয়েহে আপোনাৰ শিশুটোৰ ছাল খন উজ্জ্বল কৰি তোলাত এই বিধি যথেষ্ট সহায়ক হয়।

নাৰিকল তেল 

ছালখন হাইড্ৰেটেড ৰাখিবলৈ তথা ছালৰ শুষ্কতা আঁতৰাবলৈ আপুনি শিশুটিৰ ছালখন নাৰিকল তেলৰে মালিচ কৰিব পাৰে। নাৰিকল তেলৰে ছাল মালিচ কৰিলে তেজৰ সঞ্চালন সঠিক হোৱাৰ উপৰিও ছালৰ আৰ্দ্ৰতা অটুট থাকে। নাৰিকল তেলে ছালৰ ৰং উন্নত কৰাতো সহায় কৰে।সেয়েহে গা ধোৱাৰ আগতে আপোনাৰ শিশুটোক প্ৰতিদিনে ১০ মিনিট সময়ৰ বাবে নাৰিকল তেলৰে মালিচ কৰিব। ই ছালৰ দাগ আঁতৰ কৰি ছালখন উন্নত কৰি তুলিব। 

গাখীৰ, হালধি

শিশুৰ ছাল উজ্জ্বল কৰাত গাখীৰ আৰু হালধি অতি উপকাৰী। কেঁচা গাখীৰত হালধি আৰু বেচন মিহলি কৰি এটা পেষ্ট প্ৰস্তুত কৰি শিশুটোৰ গোটেই শৰীৰত প্ৰয়োগ কৰিব।এনেদৰে  ১০মিনিট সময় থাকিবলৈ দিব।ইয়াৰ পাছত কোমল কাপোৰেৰে শৰীৰটো পৰিস্কাৰ কৰিব। আন এখন পৰিস্কাৰ কাপোৰ পানীত তিয়াই চেপি লৈ আপুনি শিশুটোৰ শৰীৰ ভালদৰে পৰিস্কাৰ কৰি দিব। হালধিত পোৱা এণ্টিবেক্টেৰিয়েল, এণ্টি-ইনফ্লেমেটৰী গুণাগুণে শিশুটোৰ ছাল উন্নত কৰাত সহায় কৰে।গাখীৰত ভিটামিন-এ, ভিটামিন-ডি, লেক্টিক এচিড আৰু বায়’টিন পোৱা যায়, যিয়ে প্ৰাকৃতিক ক্লিনজাৰ হিচাপে কাম কৰে। ই ছালৰ লেতেৰা আঁতৰ কৰে আৰু ছালখনক হাইড্ৰেটেড কৰি ৰাখে।

ওটছ স্ক্ৰাব 

শিশুৰ ছালখন উজ্জ্বল কৰিবলৈ আপুনি ওটছ স্ক্ৰাব ব্যৱহাৰ কৰিব পাৰে। অলপ ওটছ লৈ তাত মৌ মিহলি কৰিব। যদি মিশ্ৰণটো ডাঠ হয়, তেন্তে আপুনি ইয়াত কুহুমীয়া পানী যোগ দিব পাৰে। ইয়াৰ পিছত এই স্ক্ৰাবৰে লাহে লাহে শিশুটোৰ শৰীৰ মালিচ কৰিব। ৫-১০ মিনিট এনেদৰে ঘঁহি ঘঁহি পাছত গা ধুৱাই দিব। মৌয়ে ছাল ময়েশ্চাৰাইজ কৰাৰ লগতে এই বিধিয়ে আপোনাৰ শিশুটোৰ ছাল উজ্জ্বল কৰি তুলিব।


বি. দ্ৰ: যদি আপোনাৰ শিশুটোৰ ছাল সম্পৰ্কীয় যিকোনো সমস্যা আছে, তেন্তে নিশ্চিতভাৱে এবাৰ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Also Read: অভিভাৱকসকল সাৱধান হওঁক, কাহ হ’লেই শিশুক কফ চিৰাপ খুৱাই নিদিব