/asomiyapratidin/media/media_files/2025/09/06/2-2025-09-06-17-49-19.jpg)
ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত গৰমৰ পৰা সকাহ পাবলৈ বেছিভাগ লোকেই ঠাণ্ডা পানী, চৰবত বা আইচক্ৰীম খায়। কিন্তু আপুনি জানেনে যে অত্যাধিক আইচক্ৰীম গ্ৰহণে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে ? হয়, এই দিনকেইটাত অত্যাধিক আইচক্ৰীম খোৱাৰ ফলত আপুনি মেদবহুলতা, ডায়েবেটিচ আৰু হৃদআক্ৰমণত আক্ৰান্ত হ'ব পাৰে। শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে যে আইচক্ৰীম খোৱাটোৱে ৰোগ প্ৰতিৰোধ প্ৰণালীক প্ৰভাৱিত কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি হ্ৰাস কৰে।
আইচক্ৰীম খোৱাৰ ফলত হোৱা স্বাস্থ্যৰ ক্ষতি
মেদবহুলতা
গ্ৰীষ্মকালত অত্যাধিক আইচক্ৰীম সেৱনে আপোনাৰ মেদবহুলতা বৃদ্ধি কৰিব পাৰে। আপুনি জানি আচৰিত হ’ব যে ২-৩ স্কুপ আইচক্ৰীমত ১০০০ তকৈ অধিক কেলৰি থাকে। এনে পৰিস্থিতিত যদি আপুনি বেছিকৈ আইচক্ৰীম খায়, তেনেহ'লে ই আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে।
ডায়েবেটিচ
আইচক্ৰীমত যথেষ্ট পৰিমাণৰ চেনী থাকে, যিয়ে আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে। যাৰ ফলত ডায়েবেটিচ ৰোগত আক্ৰান্ত হোৱাৰ ভয় থাকে। অৱশ্যে, ৰক্ত শৰ্কৰাৰ পৰিমাণ কম থকা লোকসকলৰ বাবে সীমিত পৰিমাণৰ আইচক্ৰীম খোৱাটো উপকাৰী হ'ব পাৰে।
হৃদআক্ৰমণ
এক গৱেষণাই প্ৰমাণ পোৱা মতে, একাপ ভেনিলা আইচক্ৰীমত সংপৃক্ত চৰ্বি আৰু ২৮ গ্ৰাম চেনী থাকে। দিনত এটা আইচক্ৰীম খোৱাৰ ফলত শৰীৰত ট্ৰাইগ্লিচাৰাইড আৰু কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হয়। সেয়েহে যদি আপুনি দিনে ৩-৪ কাপ আইচক্ৰীম খায়, তেনেহ'লে হৃদৰোগৰ আশংকা বৃদ্ধি হয়।
ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰা
যদিও আইচক্ৰীমে আমাক শীতলতাৰ অনুভৱ দিয়ে, কেতিয়াবা ইয়াৰ ফলত ডিঙিৰ বিষ, কাহ আৰু চৰ্দিও হয়। এনে পৰিস্থিতিত, শৰীৰত আন বহুতো ৰোগ হ'ব পাৰে, যি ৰোগ প্ৰতিৰোধ প্ৰণালী প্ৰভাৱিত কৰে।