/asomiyapratidin/media/media_files/2025/09/06/food-2025-09-06-12-25-27.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডই দেশৰ উৎপাদন খণ্ডৰ ৭.৭% অৱদান আগবঢ়াই আহিছে। এই খণ্ডটোৱে ৭ মিলিয়নৰো অধিক লোকক কৰ্মসংস্থান প্ৰদান কৰে। ২০২৫-২৬ বিত্তীয় বৰ্ষত এই খণ্ডটো ৫৩৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে ফাই ইণ্ডিয়া আৰু প্ৰ’পাক ইণ্ডিয়া অনুষ্ঠানত মত প্ৰকাশ কৰিছে।
এআই অটোমেচন আৰু স্মাৰ্ট পেকেজিঙে উদ্যোগটোক পুনৰ সংজ্ঞায়িত কৰাৰ লগে লগে ভাৰতে খাদ্য আৰু পেকেজিং সামগ্ৰীৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে। আনহাতে, ভাৰতৰ জৈৱিক খাদ্য বজাৰ ২০৩৩ চনৰ ভিতৰত ২০.১৩ শতাংশ বাৰ্ষিক বৃদ্ধিৰ হাৰত (CAGR) বৃদ্ধি পাই ১০.৮ বিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰকল্প কৰা হৈছে। একেদৰে খাদ্য উপাদানৰ বজাৰখন ৭-৮% CAGR ৰে বৃদ্ধি পাইছে বুলি বিশেষজ্ঞ সকল মত প্ৰকাশ কৰিছে।
এই সন্দৰ্ভত চেম্বাৰ ফৰ এডভান্সমেণ্ট অৱ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ৰ সভাপতি নীলেশ লেলেই সদৰি কৰে যে, “ইণ্ডিয়া টিআইচি কাউন্সিলৰ ভাইচ চেয়াৰ হিচাপে মই ইয়াত প্ৰদৰ্শিত খাদ্য উপাদানসমূহে যাতে বিশ্বব্যাপী মানদণ্ড পূৰণ কৰে আৰু স্বাস্থ্য আৰু পুষ্টিৰ ক্ষেত্ৰত ইতিবাচক অৰিহণা যোগায় তাৰ বাবে পৰীক্ষা, পৰিদৰ্শন, আৰু প্ৰমাণীকৰণৰ গুৰুত্বপূৰ্ণ ভূমিকাও দেখিছোঁ।”