শৰীৰত পুষ্টিৰ অভাৱ হ’লে গঢ়ি উঠে এই বদ অভ্যাস, অভিভাৱকে কি কৰিব লাগে জানি লওঁক

শৰীৰত পুষ্টিৰ অভাৱ হ’লে গঢ়ি উঠে এই বদ অভ্যাস, অভিভাৱকে কি কৰিব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: সৰুতে অধিকাংশ শিশুয়েই কেতবোৰ বেয়া অভ্যাসৰ চিকাৰ হয়। পিতৃ-মাতৃৰ কঠোৰ প্ৰচেষ্টাৰ পাছতো তেওঁলোকে এই অভ্যাসবোৰ ত্যাগ কৰাৰ নাম নলয়।শিশু এনে এক অতি স্বাভাৱিক বেয়া অভ্যাস হৈছে মাটি খোৱা। মাটি খোৱাৰ ফলত শিশুৰ শৰীৰত বেক্টেৰিয়া সংক্ৰমণৰ লগতে পেটৰ গুৰুতৰ সমস্যা হ'ব পাৰে। যদি আপোনাৰ সন্তানেও মাটি খায়, তেন্তে কিছুমান বিশেষ পদ্ধতি গ্ৰহণ কৰি আপুনি এই অভ্যাসৰ পৰা তেওঁলোকক হাত সৰাব পাৰে। আজি এই বিষয়ে জানো আহক-

গালি নিদিব

শিশুৱে মাটি খোৱা দেখি অভিভাৱকসকলে খঙতে তেওঁলোকক গালি দিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত পিতৃ-মাতৃৰ ভয়ত শিশুটোয়ে গোপনে মাটি খোৱা আৰম্ভ কৰে। সেয়েহে গালি দিয়া বা মৰাৰ সলনি তেওঁলোকক মৰমেৰে বুজাবলৈ চেষ্টা কৰক আৰু মাটি খোৱাৰ অপকাৰিতাসমূহৰ বিষয়ে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব।

মৌ-কল খুৱাব

এই অভ্যাসৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি আপোনাৰ সন্তানক মৌ আৰু কল খুওৱা আৰম্ভ কৰক। এনে কৰাৰ ফলত শিশুৱে খুব সোনকালে মাটি খোৱা বন্ধ কৰিব।

ব্যস্ত কৰি ৰাখিব 

সৰু ল'ৰা ছোৱালীবোৰে প্ৰায়ে তেওঁলোকৰ মুক্ত সময়ত মাটি খোৱা আৰম্ভ কৰে।সেয়েহে, তেওঁলোকক ব্যস্ত কৰি ৰাখিব লাগে। ইয়াৰ দ্বাৰা তেওঁলোকে লাহে লাহে মাটিৰ সৈতে খেলা অভ্যাস ত্যাগ কৰিব। 

লং পানী দিব

লঙৰ পানী খুৱালে শিশুৰ মাটি খোৱাৰ আসক্তি কম হয়।ইয়াৰ বাবে ৬-৭ টা লং গুৰি কৰি এক গিলাচ পানীত মিহলাই পানীত উতলাই ঠাণ্ডা কৰি ৰাখিব। দিনত সময়ে সময়ে তেওঁলোকক এক চামুচকৈ খাবলৈ দিব।

কেলচিয়াম সমৃদ্ধ আহাৰ 

যদি শিশুৰ শৰীৰত কেলচিয়ামৰ অভাৱ হয়, তেন্তে সিহঁতে মাটি খোৱা আৰম্ভ কৰে।এনে পৰিস্থিতিত শিশুসকলক কেলচিয়াম সমৃদ্ধ আহাৰ প্ৰদান কৰি তেওঁলোকৰ শৰীৰত কেলচিয়ামৰ অভাৱ পূৰণ কৰিব পাৰে। শিশুটোক কেলচিয়ামযুক্ত খাদ্য দিয়াৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ ল’ব।

শৰীৰত পুষ্টিৰ অভাৱ হ’লে গঢ়ি উঠে এই বদ অভ্যাস, অভিভাৱকে কি কৰিব লাগে জানি লওঁক
আপোনাৰ সন্তানেও আপোনাক মিছা কথা কয় নেকি ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in