টনচিল সোনকালে ভাল নোহোৱাটো গুৰুতৰ ৰোগৰ লক্ষণ

টনচিলৰ সমস্যাই যিকোনো বয়সৰ লোককে যাতনা দিয়ে।সাধাৰণতে এই সমস্যাৰ পৰা এক সপ্তাহ বা দহ দিন মানতে আমি সকাহ পাওঁ ।কিন্তু যেতিয়াই টনচিল দীঘলীয়া সময়ৰ বাবে ভাল নোহোৱাত পৰে, ই কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগৰ ৰূপ লয়।

author-image
Asomiya Pratidin
New Update
টনচিল সোনকালে ভাল নোহোৱাটো গুৰুতৰ ৰোগৰ লক্ষণ

ডিজিটেল ডেস্ক: টনচিলৰ সমস্যাই যিকোনো বয়সৰ লোককে যাতনা দিয়ে।সাধাৰণতে এই সমস্যাৰ পৰা এক সপ্তাহ বা দহ দিন মানতে আমি সকাহ পাওঁ ।কিন্তু যেতিয়াই টনচিল দীঘলীয়া সময়ৰ বাবে ভাল নোহোৱাত পৰে, ই কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগৰ ৰূপ লয়। টনচিলৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোয়ে  ঔষধ গ্ৰহণ কৰে যদিও বহু সময়ত সুফল লাভ নকৰে।এনে পৰিস্থিতিত আপুনি কেতবোৰ ঘৰুৱা প্ৰতিকাৰৰ সহায় ল’ব পাৰে। আজি সেই বিষয়ে জানো আহক-

Advertisment

এপল চাইডাৰ ভিনেগাৰ

টনচিলৰ সমস্যাৰ পৰা সমাধান লাভ কৰিবলৈ আপুনি ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে।কুহুমীয়া গৰম পানীত এপল চাইডাৰ ভিনেগাৰ মিহলি কৰি গাৰ্গল কৰিলে ডিঙিৰ সংক্ৰমণ নিৰাময় কৰে আৰু টনচিলৰ পৰা সকাহ দিয়ে।

আদা

টনচিলৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি আদা আৰু নেমু খাব পাৰে। ইয়াৰ বাবে, আপুনি অলপ গৰম পানীত নেমুৰ ৰস আৰু সতেজ আদা পিছি মিহলি কৰিব লাগিব। ইয়াৰ পিছত প্ৰতি আধা ঘণ্টাৰ পাছে পাছে এই পানীৰে গাৰ্গল কৰিব।এই উপায়ৰে আপুনি অতি সোনকালে টনচিলৰ পৰা পৰিত্ৰাণ পাব।

গাখীৰ

কেঁচা অমিতা মিহিকৈ পিছি লৈ গাখীৰৰ সৈতে মিহলাই গাৰ্গল কৰিও আপুনি টনচিলৰ পৰা সকাহ পাব পাৰে। তদুপৰি, এক কাপ গৰম গাখীৰত আধা চামুচ হালধি গুৰি মিহলি কৰি কেইদিনমান খালেও সোনকালে টনচিল আৰোগ্য হয়।

পিংক ছল্ট

ডিঙিৰ সমস্যাত পিংক ছল্টও যথেষ্ট উপকাৰী বুলি প্ৰমাণিত। কুহুমীয়া বা পাতল গৰম পানীত এক চামুচ পিংক ছল্ট মিহলি কৰি মুখখন ভালদৰে গাৰ্গল কৰিলে বেক্টেৰিয়াবোৰ নাশ হয়।

নহৰু

আপুনি ডিঙিৰ বিষৰ বাবে নহৰুও ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে কেইটুকুৰামান নহৰু পানীত ভালদৰে উতলাওঁক। যেতিয়া এই পানীখিনি ঠাণ্ডা হয়, ইয়াক ফিল্টাৰ কৰি গাৰ্গল কৰক। দৈনিক এইদৰে গাৰ্গল কৰিলে আপুনি যথেষ্ট উপকৃত হ’ব।

Also Read: ‘কিডনী ষ্ট’ন’ হ’লে কি খাব লাগে জানি লওঁক