এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে দূৰ কৰক নাকৰ খজুৱতিৰ সমস্যা

এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে দূৰ কৰক নাকৰ খজুৱতিৰ সমস্যা

ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল বতৰ বা যিকোনো এলাৰ্জিৰ বাবে কেতিয়াবা নাকত খজুৱতি হয়। নাকত ধূলি-মাটি সোমালেও খজুৱতি হয়।কিন্তু যদি এই খজুৱতি দীৰ্ঘদিনলৈ থাকে, তেন্তে ই বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে।ইয়াৰ ফলত উশাহ লোৱাত অসুবিধা হয়। নাকত খজুৱতি কিয় হয় আৰু এই সমস্যা ঘৰতে কিদৰে ঠিক কৰিব পাৰি, আজি সেই বিষয়ে জানো আহক-

নাকত খজুৱতি হোৱাৰ কাৰণ- 

. সুগন্ধি বা যিকোনো সামগ্ৰীৰ পাৰ্শ্বক্ৰিয়াৰ বাবে নাকত খজুৱতি হ'ব পাৰে। 

. বহুসময়ত নাকত ধূলি সোমাই যায়। ফলত পিছত নাকটো খজুৱাই থাকিব পাৰে। 

. চিগাৰেট বা বিড়িৰ ধোঁৱাইও এই সমস্যাৰ সৃষ্টি কৰিব পাৰে। 

এই ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰা সকাহ পাব

অমিতা 

অমিতা খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। ইয়াৰ উপৰিও অমিতাত পোৱা ব্ৰোমেলাইন নামৰ এনজাইমে নাক ফুলা, খজুৱতিৰ সমস্যা আঁতৰ কৰে। যদি আপোনাৰ নাকৰ খজুৱতি হয়, তেন্তে সপ্তাহত ৩-৪ বাৰ অমিতা খাব। 

জালুক 

আপুনি ক'লা জালুক খাইও নাকৰ খজুৱতি দূৰ কৰিব পাৰে।যদি এলাৰ্জিৰ বাবে নাকত খজুৱতি হয়, তেনেহ'লে জালুক ইয়াৰ বাবে খুবেই উপকাৰী। ইয়াত থকা গুণাগুণবোৰেও নাক ফুলা সমস্যা দূৰ  কৰাত সহায় কৰে। কুহুমীয়া পানীত জালুকৰ গুৰি আৰু মৌ মিহলি কৰি খালে নাকৰ খজুৱতিৰ সমস্যাৰ পৰা সোনকালে সকাহ পাব পাৰি। 

মৌ আৰু তুলসী 

বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলতো নাকত খজুৱতি হ'ব পাৰে। এনে পৰিস্থিতিত, আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তুলসী ব্যৱহাৰ কৰিব পাৰে। তুলসীৰ পেষ্ট আৰু মৌ কুহুমীয়া পানীত মিহলি কৰি খালে খজুৱতি দূৰ হোৱাৰ লগতে ছালৰ সমস্যাবোৰো আঁতৰ হয়। 

কপালভাতী প্ৰাণায়াম 

নাকত খজুৱতি হ'লে আপুনি কপালভাটি প্ৰাণায়াম কৰিব পাৰে। নাকৰ পথ অৱৰুদ্ধ হোৱাৰ ফলত খজুৱতি হ'ব পাৰে, যাৰ বাবে নাক খোল খোৱাটো প্ৰয়োজনীয়। ১৫ মিনিটৰ বাবে কপালভাটি প্ৰাণায়াম কৰক। খজুৱতিৰ পৰা আপুনি যথেষ্ট সকাহ পাব। 

হালধি 

ছালৰ খজুৱতি আঁতৰাবলৈ আপুনি হালধিও ব্যৱহাৰ কৰিব পাৰে।কুহুমীয়া পানী বা গাখীৰৰ সৈতে ১ চাহ চামুচ হালধি মিহলি কৰি ৰাতি খালে নাকৰ খজুৱতি নাইকিয়া হয়। 

বি.দ্ৰ: যদি আপোনাৰ নাকত খজুৱতি হয়, আপুনি প্ৰথমে চিকিৎসকৰ পৰামৰ্শ ল’ব। 

এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে দূৰ কৰক নাকৰ খজুৱতিৰ সমস্যা
যিকোনো সময়ত যিকোনো খাদ্য গ্ৰহণ কৰোতে সচেতন হ’ব

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in