চকলেট খোৱা বন্ধ কৰক, গৱেষণাত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য

গোটেই পৃথিৱীখনতে চকলেট বেয়া পোৱা মানুহ হয়তো এজনো নোলাব। ওলালেও ইয়াৰ সংখ্যা নিশ্চিতভাৱে তেনেই তাকৰ হ’ব।কিন্তু আপুনি জানি হয়তো আচৰিত হ'ব যে চকলেটত পোৱা উপাদানসমূহ স্বাস্থ্যৰ পক্ষে একেবাৰে ক্ষতিকাৰক। আপোনাৰো যদি চকলেট প্ৰিয়, তেনেহ'লে আপুনি চকলেট খাই আপোনাৰ শৰীৰৰ ভিতৰত যথেষ্ট গধুৰ ধাতু প্ৰদান কৰি আছে, যি স্বাস্থ্যক ভয়ানকভাৱে ক্ষতি কৰে।

author-image
Asomiya Pratidin
New Update
চকলেট খোৱা বন্ধ কৰক, গৱেষণাত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য

ডিজিটেল ডেস্ক: গোটেই পৃথিৱীখনতে চকলেট বেয়া পোৱা মানুহ হয়তো এজনো নোলাব। ওলালেও ইয়াৰ সংখ্যা নিশ্চিতভাৱে তেনেই তাকৰ হ’ব।কিন্তু আপুনি জানি হয়তো আচৰিত হ'ব যে চকলেটত পোৱা উপাদানসমূহ স্বাস্থ্যৰ পক্ষে একেবাৰে ক্ষতিকাৰক। আপোনাৰো যদি চকলেট প্ৰিয়, তেনেহ'লে আপুনি চকলেট খাই আপোনাৰ শৰীৰৰ ভিতৰত যথেষ্ট গধুৰ ধাতু প্ৰদান কৰি আছে, যি স্বাস্থ্যক ভয়ানকভাৱে ক্ষতি কৰে।

Advertisment

হয়, শেহতীয়া এক অধ্যয়নত প্ৰমাণ পোৱা গৈছে যে চকলেটত সীহ আৰু কেডমিয়ামৰ দৰে বহুতো ক্ষতিকাৰক গধুৰ ধাতু অতি উচ্চ পৰিমাণত পোৱা গৈছে। ৰয়টাৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰত এটা বেচৰকাৰী সংগঠনে বিভিন্ন চকলেট পৰীক্ষা কৰিছিল। এই প্ৰতিবেদনত দেখা গৈছে যে পৰীক্ষা কৰা ৪৮ টা চকলেটৰ প্ৰায় এক-তৃতীয়াংশত সীহ আৰু কেডমিয়ামৰ দৰে গধুৰ ধাতুৰ বিপদজনক স্তৰ আছে। সংগঠনটোৱে আমেৰিকাৰ অন্যতম বৃহৎ চকলেট নিৰ্মাতা হাৰ্ছেছক তেওঁলোকৰ সামগ্ৰীত এই গধুৰ ধাতুবোৰৰ পৰিমাণ হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছে। অধ্যয়নটোৱে মুঠ ৪৮ টা সামগ্ৰীৰ ৭ টা শ্ৰেণী পৰীক্ষা কৰিছিল, যাৰ ভিতৰত আছে ডাৰ্ক চকলেট, গাখীৰ চকলেট, ক’ক’ পাউডাৰ, চকলেট চিপচ। ইয়াৰ ভিতৰত ১৬টা সামগ্ৰীত সীহ, কেডমিয়াম বা দুয়োটাৰ সম্ভাৱ্য ক্ষতিকাৰক পৰিমাণ থকা দেখা গৈছিল।

এই অধ্যয়নত এইটোও পোৱা গৈছিল যে কিছুমান চকলেটত সীহ আৰু কেডমিয়ামৰ দৰে গধুৰ ধাতুৰ পৰিমাণ বহুত বেছি। ইয়াৰ ফলত মস্তিষ্কৰ ৰোগ, বৃক্কৰ ক্ষতি আৰু উচ্চ ৰক্তচাপৰ দৰে স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। একে সময়তে, যদি এই ধাতুবোৰ দীঘলীয়া সময়ৰ বাবে আপোনাৰ শৰীৰলৈ গৈ থাকে, তেন্তে হাড়ৰ খহনীয়া, হাঁওফাঁও আৰু যকৃতো ক্ষতিগ্ৰস্ত হ'ব পাৰে। তদুপৰি, ই কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰো অন্যতম কাৰণ হ'ব পাৰে। আনহাতে, চকলেটত থকা এই গধুৰ ধাতুটো গৰ্ভৱতী মহিলা তথা সন্তানৰ স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক। ই গৰ্ভৰ শিশুটোৰ শাৰীৰিক আৰু মানসিক বিকাশত বেয়া প্ৰভাৱ পেলায়।

Also Read: সাৱধান! চকলেট খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়াৱহ বিপদ