চকুৰ এই পৰিৱৰ্তনবোৰে কাঢ়িব পাৰে আপোনাৰ প্ৰাণ

ভুল খাদ্যাভ্যাস, দুৰ্বল জীৱনশৈলী তথা ব্যায়াম নকৰাৰ বাবে আজিকালি হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আগৰ দিনত কেৱল বৃদ্ধসকলহে এই ৰোগত আক্ৰান্ত হৈছিল যদিও এতিয়া বহু যুৱক-যুৱতী হৃদআক্ৰমণৰ বলি হৈছে।

author-image
Asomiya Pratidin
New Update
চকুৰ এই পৰিৱৰ্তনবোৰে কাঢ়িব পাৰে আপোনাৰ প্ৰাণ

ডিজিটেল ডেস্ক: ভুল খাদ্যাভ্যাস, দুৰ্বল জীৱনশৈলী তথা ব্যায়াম নকৰাৰ বাবে আজিকালি হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আগৰ দিনত কেৱল বৃদ্ধসকলহে এই ৰোগত আক্ৰান্ত হৈছিল যদিও এতিয়া বহু যুৱক-যুৱতী হৃদআক্ৰমণৰ বলি হৈছে। হৃদযন্ত্ৰৰ আক্ৰমণৰ আগতে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ লক্ষণ চকুতো দেখা দিয়ে।

Advertisment

বিশেষজ্ঞৰ মতে, বুকুৰ বিষ আৰু গধুৰ অনুভৱৰ দৰে হৃদযন্ত্ৰৰ আক্ৰমণ হ'লে চকুলৈ তেজৰ যোগান বন্ধ হ'বলৈ আৰম্ভ কৰে। এই লক্ষণ উপেক্ষা কৰি আপুনি প্ৰাণৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। 

ইফালে, হৃদযন্ত্ৰৰ আক্ৰমণৰ আগতে চকু হালধীয়া হৈ পৰে। এই সময়ছোৱাত চকুৰ পতাৰ চাৰিওফালটো হালধীয়া হয় । চকুৰ ৰক্তনলীৰ ক্ষতিও হৃদআক্ৰমণৰ লক্ষণ। এই সময়ছোৱাত আপোনাৰ চকু সম্পৰ্কীয় ৰোগ হ'ব পাৰে। 

আনহাতে, হৃদযন্ত্ৰৰ আক্ৰমণৰ আগতে চকুৰ ৰেটিনালৈ তেজৰ যোগান বন্ধ হ'ব পাৰে। তেজ গোট মৰা বিকাৰৰ ফলত চকুলৈ তেজ যোগান ধৰা শিৰাবোৰত বাধাও থাকে, যাৰ ফলত আপুনি চকুত বিষ আৰু চাপ অনুভৱ কৰিব পাৰে।
বি.দ্ৰ: যদি আপুনি চকুত এনে কোনো লক্ষণ দেখা পায়, পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ ল’ব।