Heart Health: বহু স্বাস্থ্যজনিত সমস্যা দূৰ কৰাত সহায়ক এইবিধ ফল

Heart Health: বহু স্বাস্থ্যজনিত সমস্যা দূৰ কৰাত সহায়ক এইবিধ ফল

ডিজিটেল ডেস্ক: দুৰ্বল জীৱনশৈলী তথা অস্বাস্থ্যকৰ আহাৰক হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আটাইতকৈ ডাঙৰ কাৰণ বুলি গণ্য কৰা হয়।সেয়েহে আমাৰ খাদ্য তালিকাত কেতবোৰ স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভূক্ত আৰু জীৱনশৈলীৰ মান উন্নত কৰি আমি এনে বহু ভয়াৱহ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰো।হৃদৰোগীসকলৰ বাবে অতি উপযোগী খাদ্যসমূহৰ অন্যতম হৈছে আখৰোট। হয়, সকলো বয়সৰ লোকৰেই প্ৰিয় আখৰোট, হৃদযন্ত্ৰৰ পৰা আৰম্ভ কৰি বহু ৰোগৰ বাবে ৰামবানতকৈ কম নহয়।আখৰোটত প্ৰ'টিন, আঁহ, অমেগা-৩ ফেটি এচিড আৰু স্বাস্থ্যকৰ চৰ্বি অতি উচ্চ পৰিমাণত পোৱা যায়। কেৱল এয়াই নহয়, আখৰোট ভিটামিন ই আৰু এণ্টিঅক্সিডেণ্টৰো এক ভাল উৎস। সেয়েহে, ইয়াক হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।

আখৰোট খোৱাৰ লাভালাভ

১. আখৰোটে উচ্চ ৰক্তচাপ আৰু উচ্চ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে।২৮ গ্ৰাম আখৰোটত প্ৰায় ২.৫ গ্ৰাম অমেগা-৩ ফেটি এচিড পোৱা যায়।এই ফেটি এচিডে হৃদৰোগৰ অসুবিধা হ্ৰাস কৰে।

২. আখৰোটত থকা এণ্টিঅক্সিডেণ্ট গুণাগুণৰ বাবে ই শৰীৰক মুক্ত ৰেডিকেলৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে আৰু বেয়া কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে।

৩.আখৰোটত থকা পলিফেনল যৌগয়ে হৃদৰোগীৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে।

৪.মেদবহুলতা হৃদৰোগৰ বাবে এক ডাঙৰ সমস্যা। যদি আপুনি দৈনিক আখৰোট সেৱন কৰে, তেনেহ'লে এই সমস্যাৰ পৰাও আপুনি হাত সাৰি থাকিব পাৰে।

আখৰোট তিয়াই খাওঁক

শীতকালত আপুনি তিয়াই নোথোৱাকৈও আখৰোট খাব পাৰে। কিন্তু গ্ৰীষ্মকালত তিয়াই থোৱা আখৰোট খোৱাটোহে স্বাস্থ্যৰ বাবে উপকাৰী। আখৰোট ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা খাব।

Heart Health: বহু স্বাস্থ্যজনিত সমস্যা দূৰ কৰাত সহায়ক এইবিধ ফল
Kidney Health: অৱহেলা নকৰিব, লক্ষণ চিনি লৈ সাৱধানতা অৱলম্বন কৰক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in