গাখীৰ, আমিষ খাদতকৈও অধিক ফলপ্ৰসু ছয়াবিন

গাখীৰ, আমিষ খাদতকৈও অধিক ফলপ্ৰসু ছয়াবিন

ডিজিটেল ডেস্ক: আপোনাৰ-মোৰ লগতে বহু লোকৰে প্ৰিয় ছয়াবিন। ছয়াবিনত প্ৰচুৰ পৰিমাণে প্ৰ'টিন থাকে।প্ৰ'টিনৰ উপৰিও ই ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ।ইয়াত উচ্চ পৰিমাণৰ ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন ই থাকে।শৰীৰ নিৰ্মাণত সহায়ক বুলি প্ৰমাণিত এমিনো এচিডো ছয়াবিনত পোৱা যায়। ডায়েবেটিচ আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰাতো ছয়াবিন অতি উপকাৰী।আজি ছয়াবিন খোৱাৰ লাভালাভৰ বিষয়ে জানো আহক-

১. যদি আপোনাৰ কোনো মানসিক ৰোগ আছে, তেন্তে আপুনি আপোনাৰ আহাৰত ছয়াবিন অন্তৰ্ভুক্ত কৰক। ছয়াবিনে মানসিক ভাৰসাম্য ৰক্ষা কৰি মনটো তীক্ষ্ণ কৰি ৰখাত সহায় কৰে।

২. ছয়াবিন হৃদৰোগীৰ বাবে অতি উপকাৰী।সেয়েহে আপুনি সঘনাই ছয়াবিন খাই হৃদৰোগৰ পৰা বাচি থাকিব পাৰে।

৩. যদি আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেন্তে দৈনিক ছয়াবিন খাব। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায়ক।

৪. যকৃতৰ বাবে উপকাৰী লেচিথিনো ছয়াবিনত পোৱা যায়।

৫. ছয়াবিন খালে কোষৰ বিকাশ হোৱাৰ লগতে ক্ষতিগ্ৰস্ত কোষবোৰ মেৰামতি হয়।

৭. ছয়াবিনত চৰ্বিৰ পৰিমাণ বহুত কমকৈ থাকে। প্ৰতি ১০০ গ্ৰাম ছয়াবিনত প্ৰায় ২০ গ্ৰামহে চৰ্বি থাকে।

৮. ছয়াবিন ফাইবাৰ সমৃদ্ধ। ছয়াবিনে দেহৰ কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

৯. ছয়াবিনত দাইলতকৈও অধিন প্ৰ’টিন থাকে।প্ৰতি ১০০ গ্ৰাম ছয়াবিনত ৪৩ গ্ৰাম প্ৰ’টিন পোৱা যায়।

১০.মহিলাসকলৰ ডায়েটত যথেষ্ট পৰিমাণে ছয়াবিন ৰখাটো উচিত।ছয়াবিনে স্তন কেন্সাৰৰ আশংকাও দূৰ কৰে।

মনত ৰাখিব, ছয়াবিন সদায় পানীত কিছুসময় তিয়াই থৈ ভালকৈ ধুই লৈহে ৰান্ধিব লাগে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in