আপোনাৰো এই বদ আভ্যাস আছে নেকি?

আপোনাৰো এই বদ আভ্যাস আছে নেকি?

ডিজিটেল ডেস্ক: শোৱাৰ সময়ত গাৰু এটা লোৱাটো সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ, বিশেষকৈ নিশা। বহুলোকে আকৌ এটাৰ সলনি দুই বা তাতোধিক গাৰু লৈ শুয়ে।কিন্তু আপোনাৰ এই অভ্যাসে ভয়ংকৰ বিপদ মাতিব পাৰে।হয়, এই গাৰু লৈ শুই আমি বহু ৰোগৰ পৰা বাচি থাকিব পাৰো যদিও এটাতকৈ বেছি গাৰু লৈ শুলে ই আমাৰ স্বাস্থ্যক বেয়াকৈ প্ৰভাৱিত কৰে।এটাতকৈ অধিক গাৰু লৈ শোৱাৰ স্বাস্থ্য অপকাৰিতাৰ বিষয়ে আজি জানো আহক-

ডিঙিৰ জঠৰতা বৃদ্ধি

এটাতকৈ বেছি গাৰু লৈ শুলে কান্ধ আৰু ডিঙিৰ পেশীত চাপ পৰে। যাৰ ফলত ডিঙিৰ বিষ আৰু জঠৰতা হ'ব পাৰে।

মেৰুদণ্ডৰ সমস্যা

বেছিকৈ গাৰু লৈ শুলে শৰীৰৰ ভংগী বেয়া হয় আৰু ইয়াৰ ফলত মেৰুদণ্ড ক্ষতিগ্ৰস্ত হ'ব পাৰে। ই মেৰুদণ্ডৰ আকৃতিও বেয়া কৰিব পাৰে আৰু বহু প্ৰকাৰৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে।

সোনকালে পৰিব পাৰে বয়সৰ চাপ 

প্ৰকৃততে, গাৰুৰ সংস্পৰ্শলৈ আহিলে মুখৰ ছাল টান খায় আৰু ইয়াৰ ওপৰত চাপ পৰে। ইয়াৰ ফলত মুখৰ ছালত কোঁচ, সূক্ষ্ম ৰেখা সোনকালে হ'ব পাৰে, যাক বয়স বৃদ্ধিৰ লক্ষণ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ছালৰ সংক্ৰমণৰ আশংকাও বৃদ্ধি হয়।সেয়েহে, এটাতকৈ অধিক গাৰু লৈ শোৱাৰ অভ্যাসটো এৰিব।

ছালৰ সমস্যা 

গাৰুৰ ক’ভাৰ দৈনিক ধোৱা নহয়। যাৰ ফলত লেতেৰা, ধূলিৰ লগতে যদি আপোনাৰ চুলিত উফি আছে, সেইবোৰ গাৰুৰ ক’ভাৰত লাগি থাকে। এই সকলোবোৰ মুখৰ ছালৰ সংস্পৰ্শলৈ অহাৰ ফলত ছালৰ বিভিন্ন সমস্যা হ’ব পাৰে।

উল্লেখ্য যে, এটা গাৰুত শোৱাৰ ফলত ককালৰ বিষ, মূৰৰ বিষ, ডিঙিৰ বিষ তথা চাপৰ পৰা সকাহ পাব পাৰি। আনহাতে, বহু অধ্যয়নত ইতিমধ্যে প্ৰমাণ হৈছে যে, এটা গাৰু লৈ শুলে নিশা টোপনি খুব ভাল হয়।

আপোনাৰো এই বদ আভ্যাস আছে নেকি?
কি খাদ্যয়ে এই ৰোগৰ পৰা আপোনাক বচাই ৰাখিব পাৰে জানেনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in