হৃদৰোগৰ স্বাস্থ্য সজাগতাৰ মাহজোৰা কাৰ্যসূচীৰে GNRCৰ বিশ্ব হৃদযন্ত্ৰ দিৱস উদযাপন...

“হৃদযন্ত্ৰৰ ৰোগৰ বাবে প্ৰতি বছৰে ১৭.৯ নিযুত ব্যক্তিৰ মৃত্যু হয়”: বিশ্ব স্বাস্থ্য সংস্থা

author-image
Asomiya Pratidin
New Update
হৃদৰোগৰ স্বাস্থ্য সজাগতাৰ মাহজোৰা কাৰ্যসূচীৰে GNRCৰ বিশ্ব হৃদযন্ত্ৰ দিৱস উদযাপন...

হৃদৰোগৰ স্বাস্থ্য সজাগতাৰ মাহজোৰা কাৰ্যসূচীৰে GNRCৰ বিশ্ব হৃদযন্ত্ৰ দিৱস উদযাপন...  

ডিজিটেল সংবাদ গুৱাহাটীঃ ১৯৮৭ চনত প্ৰতিষ্ঠা হোৱাৰে পৰা অত্যাধুনিক স্বাস্থ্যসেৱা সেৱাৰ বাবে বিখ্যাত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ছুপাৰ স্পেচিয়েলিটি হাস্পতাল জিএনআৰচিয়ে অঞ্চলটোৰ হৃদস্বাস্থ্য উন্নত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। বিশ্ব হৃদযন্ত্ৰ দিৱস উপলক্ষে জিএনআৰচি হাৰ্ট ইনষ্টিটিউটে ২৬ বছৰীয়া অভিজ্ঞতাৰ সৈতে হৃদৰোগ, ইয়াৰ লক্ষণ, প্ৰতিৰোধ কৌশলৰ বিষয়ে জনসাধাৰণৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এক ধাৰাবাহিক পদক্ষেপ আৰম্ভ কৰিছে।

Advertisment

১৯৯৮ চনত প্ৰতিষ্ঠা হোৱা, প্ৰাক্তন ৰাজ্যপাল প্ৰয়াত ডাঃ এছ. কে. সিনহাৰ দ্ৱাৰা উদ্বোধিত, জিএনআৰচি হাৰ্ট ইনষ্টিটিউট সমগ্ৰ উত্তৰ-পূব ভাৰতত হৃদযন্ত্ৰৰ যত্ন প্ৰদানৰ ক্ষেত্ৰত আগৰণুৱা হৈ আহিছে। এইবাৰ বিশ্ব হৃদৰোগ দিৱস উপলক্ষে জিএনআৰচি হাস্পতালে হৃদস্বাস্থ্যৰ বিভিন্ন দিশৰ প্ৰতি জনসাধাৰণক সচেতন কৰাৰ বাবে এমাহজোৰা অভিযানৰ নেতৃত্ব দিছে।

এই অভিযানৰ অংশ হিচাপে জিএনআৰচিয়ে সমগ্ৰ অঞ্চলটোৰ বিভিন্ন প্ৰতিষ্ঠান আৰু সংস্থাসমূহৰ সহযোগত ধাৰাবাহিকভাৱে হৃদৰোগ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে। মুঠ ১২টা এনে শিবিৰত ২,৩২০ জন লোকে এই সেৱা গ্ৰহণ কৰিছে।

এই শিবিৰসমূহে হৃদৰোগৰ আগতীয়া নিৰ্ণয় আৰু প্ৰতিৰোধৰ গুৰুত্বৰ বিষয়ে সাধাৰণ জনতাক সচেতন কৰি তোলাত যথেষ্ট সহায় কৰিছে। ইয়াৰ উপৰিও জিএনআৰচি হাস্পতালে মাত্ৰ ২৫৯৯ টকাত এক বিশেষ পেকেজ আজিৰ পৰা আৰম্ভ কৰিছে।

এই পেকেজে সৰ্বসাধাৰণ ৰাইজক হৃদৰোগৰ সময়মতে উচিত চিকিৎসা পোৱাত সহায় কৰিব। জিএনআৰচি দিছপুৰত আজি অনুষ্ঠিত এক সংবাদমেলত হৃদৰোগ বিভাগৰ সঞ্চালক ডাঃ অনুপ কুমাৰ বড়োৰ লগতে জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ হবিবৰ ৰহমান, হৃদৰোগ বিশেষজ্ঞ ডাঃ শিল্পী লাহোটী, আৰু ডাঃ চন্দ্ৰ প্ৰকাশ ঠাকুৰ আৰু ডাঃ জয়ন্ত কুমাৰ গগৈয়ে, উত্তৰ-পূব ভাৰতত হৃদৰোগৰ স্বাস্থ্যৰ প্ৰসাৰৰ বাবে চিকিৎসালয়খনৰ অব্যাহত থকা প্ৰচেষ্টা সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰে।

ডাঃ ৰহমানে কয় যে, "ভাৰতত হৃদৰোগ মৃত্যুৰ অন্যতম কাৰণ। আমাৰ এমাহজোৰা পদক্ষেপৰ লক্ষ্য হৈছে সজাগতা সৃষ্টি কৰা, জনসাধাৰণক কেতিয়াও আওকাণ কৰিব নোৱাৰা লক্ষণসমূহৰ বিষয়ে সজাগ কৰা আৰু নিয়মীয়া স্ৱাস্থ্য় পৰীক্ষা আৰু সঠিক জীৱন যাপনেৰে প্ৰতিৰোধমূলক যত্নক উৎসাহিত কৰা।"

এই অনুষ্ঠানটোৱে হৃদৰোগ সোনকালে ধৰা পেলোৱা আৰু চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়ে। জি এন আৰ চিৰ এনে প্ৰচেষ্টাসমূহৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণক গুণগত স্বাস্থ্যসেৱা প্ৰদান আৰু সমগ্ৰ উত্তৰ-পূব ভাৰতত হৃদৰোগৰ স্বাস্থ্যৰ ফলাফল উন্নত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে।

Also Read: ডিব্ৰুগড় আৰক্ষীৰ চক্ৰপাণি, অৱয়ব, হিমাশ্ৰীক তলবঃ আৰু কোন কোন আছে তালিকাত...

হৃদযন্ত্ৰ দিৱস জি এন আৰ চি