বহু গুৰতৰ ৰোগৰ ঔষধ আদা

বহু গুৰতৰ ৰোগৰ ঔষধ আদা

ডিজিটেল ডেস্ক: ভাৰতীয় লোকৰ প্ৰতিটো পাকঘৰতে ৰন্ধন প্ৰক্ৰিয়াৰ বাবে আদা ব্যৱহাৰ কৰা হয়।আদাত থকা এনজাইমে আমাৰ খাদ্য সঠিকভাৱে হজম কৰা আৰু শৰীৰৰ বিপাক উন্নত কৰাত সহায় কৰে। কেৱল এয়াই নহয়, ই পেটৰ বিষ, পেট ফুলা আৰু এচিডিটিৰ সমস্যাৰ  পৰাও সকাহ দিয়ে। আজি আদাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

চৰ্দি-কাহৰ পৰা সকাহ দিয়ে

আদা হৈছে চৰ্দি আৰু কাহৰ আয়ুৰ্বেদিক ঔষধ। চৰ্দি-কাহ হলে আপুনি এক গিলাচ পানীত সম পৰিমাণৰ আদা আৰু ডালচেনি মিহলি কৰিব। এই পানীখিনি এটা পাত্ৰত উতলাই কুহুমীয়া কৰি লৈ তাত অলপ নেমুৰ ৰস মিহলি কৰি খাব।তদুপৰি আপুনি আদাৰ সৈতে মৌ, ডালচেনি আৰু ইলাচী মিহলোৱা পানীও উতলাই ঠাণ্ডা কৰি খাব পাৰে।

গাঁঠিৰ বিষ নাইকিয়া কৰে

আদায়ে গাঁঠিৰ বিষৰ পৰা সকাহ দিয়ে। আপুনি পানীৰ সৈতে মিহলি কৰা আদা গুৰি খাব পাৰে বা পানীত অলপ আদা দি সেয়া উতলাই ঠাণ্ডা কৰি খাব পাৰে।

সংক্ৰমণৰ পৰা ৰক্ষা কৰে

সতেজ আদা খাই আপুনি সংক্ৰমণৰ পৰাও হাত সাৰি থাকিব পাৰে। আদাৰ বেক্টেৰিয়া-ৰোধী গুণাগুণ আছে। নিয়মিত আদা খালে ই বেক্টেৰিয়াক আমাৰ শৰীৰৰ পৰা দূৰতে ৰাখে আৰু দাঁতৰ সংক্ৰমণৰ পৰাও সকাহ দিয়ে।

হজমৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাওঁক

আদাই হজম সম্পৰ্কীয় সমস্যা যেনে কোষ্ঠকাঠিন্য, পাকস্থলীত গেছ, এচিডিটি আৰু বমি আদিৰ পৰাও সকাহ দিয়ে।খাদ্য খোৱাৰ আগতে সতেজ আদাৰ টুকুৰা এটাত কেইটোপালমান নেমুৰ ৰস আৰু এক চিমুটি নিমখ দি চোবোৱাটো অতি লাভজনক।

ঋতুস্ৰাৱৰ বিষৰ পৰা সকাহ

আদাৰ বিষ উপশমকাৰী আৰু প্ৰদাহ হ্ৰাসকাৰী গুণাগুণ আছে। যি ঋতুস্ৰাৱৰ সময়ত বিষ উপশম কৰাত যথেষ্ট সহায়ক।আদায়ে পেশীৰ চাপ আৰু পেশী টান হৈ যোৱা সমস্যাৰো সমাধান দিয়ে।

প্ৰদাহ হ্ৰাস কৰাত সহায়ক

অষ্টিওআৰ্থ্ৰাইটিছৰ ফলত হোৱা প্ৰদাহৰ চিকিৎসাৰ বাবে মুখৰে আদা চোবাই খোৱাটো বৰ উপকাৰী।আদাৰ ফাইটোকেমিকেল গুণাগুণ আছে, যিয়ে প্ৰদাহৰ সৈতে যুঁজিব পাৰে। সেয়েহে, কেঁচা আদা খোৱাটো বৰ দৰকাৰী।

মাইগ্ৰেইনৰ চিকিৎসা

মাইগ্ৰেইনৰ সমস্যা থকা লোকসকলৰ বাবে আদা হৈছে এক ৰামবান। যেতিয়াই মাইগ্ৰেইনৰ সমস্যাত ভোগে, আদাৰে চাহ বনাই খাব।এনেদৰে চাহ খালে মাইগ্ৰেইনৰ বিষ আৰু বমিৰ পৰা যথেষ্ট পৰিমাণে সকাহ পাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in