বহু ৰোগত ঔষধৰ দৰে কাম কৰে এই মিশ্ৰণে

সকলোয়ে সুস্বাস্থ্যৰ বাবে গাখীৰ খায়। গাখীৰ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।কিন্তু যদি আপুনি গাখীৰৰ পৰা অধিক লাভালাভ বিচাৰে, তেন্তে গাখীৰৰ সৈতে ঘিউ মিহলাই খাব।হয়, গাখীৰত ঘিউ মিহলাই খাই আপুনি বহু স্বাস্থ্য সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।

author-image
Asomiya Pratidin
New Update
বহু ৰোগত ঔষধৰ দৰে কাম কৰে এই মিশ্ৰণে

ডিজিটেল ডেস্ক: সকলোয়ে সুস্বাস্থ্যৰ বাবে গাখীৰ খায়। গাখীৰ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।কিন্তু যদি আপুনি গাখীৰৰ পৰা অধিক লাভালাভ বিচাৰে, তেন্তে গাখীৰৰ সৈতে ঘিউ মিহলাই খাব।হয়, গাখীৰত ঘিউ মিহলাই খাই আপুনি বহু স্বাস্থ্য সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।আজি গাখীৰত ঘিউ মিহলি কৰি খোৱাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

Advertisment

উন্নত হয় হজম শক্তি

বিশেষজ্ঞৰ মতে, গাখীৰৰ সৈতে এক চামুচ ঘিউ মহলাই খালে হজম শক্তি উন্নত হয়।এনেদৰে খালে পেটৰ সমস্যাৰ পৰা মুক্তি পোৱাৰ লগতে ওজন হ্ৰাস কৰাতো ই সহায়ক হয়। আনহাতে, যদি আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে, তেতিয়া গৰুৰ গাখীৰৰ সৈতে ঘিউ মিহলি কৰি খোৱাটো আপোনাৰ বাবে ঔষধতকৈ কোনোগুণে কম নহয়।

শক্তিশালী হয় ৰোগ প্ৰতিৰোধ ক্ষমতা 

গাখীৰত ঘিউ মিহলি কৰি খালে আলচাৰ আৰু এচিডিটিৰ সমস্যা নাইকিয়া হয়। তদুপৰি, ই ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে। ঘিউ অন্ত্ৰৰ বাবে অত্যন্ত উপকাৰী।

ঠাণ্ডাৰ পৰা সকাহ 

আয়ুৰ্বেদৰ মতে, ঘিউ আৰু গাখীৰৰ মিশ্ৰণ অমৃততকৈ কম নহয়। ইয়াক সেৱন কৰিলে চৰ্দি, ঠাণ্ডা লগাৰ সমস্যা দূৰ হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়। এই মিশ্ৰণটো নিয়মীয়াকৈ গ্ৰহণ কৰিলে শৰীৰৰ আন বহু লাভালাভ হয়। 

 দূৰ হয় গাঁঠিৰ বিষ

যদি আপোনাৰ গাঁঠিত বিষ হয়, তেন্তে গাখীৰত ঘিউ মিহলি কৰি খাব। ঘিউৱে গাঁঠিৰ লুব্ৰিকেচন বৃদ্ধি কৰে আৰু প্ৰদাহ হ্ৰাস কৰে। ইয়াত অমেগা-৩ আৰু অমেগা-৬ ফেটি এচিড পোৱা যায়। তদুপৰি, গাখীৰত থকা কেলচিয়ামে হাড় শক্তিশালী কৰে। ই ভৰিৰ জঠৰতাও আঁতৰ কৰে। 

শৰীৰে লাভ কৰে শক্তি

গাখীৰৰ সৈতে দেশী ঘিউ খালে শাৰীৰৰ শক্তিও বৃদ্ধি হয়। ইয়াক সেৱন কৰি আপুনি দীৰ্ঘসময়ৰ বাবে সক্ৰিয় হৈ থাকিব পাৰে,। গাখীৰ খালে হাড়, পেশী আৰু দাঁত শক্তিশালী আৰু স্বাস্থ্যৱান হৈ থাকে।

Also Read: ক'লা আঙুৰৰ চমৎকাৰী স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানেনে ?