সলনি কৰক খাদ্যতালিকা, দূৰ হ'ব চছমা

চকু আমাৰ শৰীৰৰ আটাইতকৈ সূক্ষ্ম অংশ। যদি চকুৰ সঠিক যত্ন লোৱা নহয়, তেনেহলে দৃষ্টিশক্তি হ্ৰাস হৈ আপুনি চশমাৰ ওপৰত ভৰষা কৰিবলগীয়া হ'ব পাৰে।সম্প্ৰতি, অধিকাংশ লোকেই ম'বাইল, টিভি আৰু লেপটপত অধিক সময় অতিবাহিত কৰে।

author-image
সংগীতা দাস
New Update
দৃষ্টিশক্তি web (1)

ডিজিটেল ডেস্ক: চকু আমাৰ শৰীৰৰ আটাইতকৈ সূক্ষ্ম অংশ। যদি চকুৰ সঠিক যত্ন লোৱা নহয়, তেনেহলে দৃষ্টিশক্তি হ্ৰাস হৈ আপুনি চশমাৰ ওপৰত ভৰষা কৰিবলগীয়া হ'ব পাৰে।সম্প্ৰতি, অধিকাংশ লোকেই ম'বাইল, টিভি আৰু লেপটপত অধিক সময় অতিবাহিত কৰে। যি হৈছে  চকু দুৰ্বল হোৱাৰ মূখ্য কাৰণ। চকুৰ জ্বলা-পোৰা, সঘনাই চকুপানী ওলোৱা, মূৰৰ বিষ আদি হৈছে চকু দুৰ্বল হোৱাৰ মূল লক্ষণ। যদি আপুনি এই লক্ষণবোৰৰ যিকোনো এটা অনুভৱ কৰে, লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব। একে সময়তে, আপুনি কিছুমান খাদ্য খাই প্ৰাকৃতিক ভাৱে দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰে। দৃষ্টিশক্তি বৃদ্ধি কৰা এই খাদ্যসমূহৰ বিষয়ে আজি জানো আহক-

কাঠবাদাম,মিঠা আলু

Advertisment

ৰাতিপুৱা উঠি খালী পেটত তিয়াই থোৱা কাঠবাদাম খোৱাৰ অভ্যাস কৰক।আনহাতে, সন্ধিয়া মিঠা আলু খাব। এই দুয়োবিধেই আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰি আপুনি আপোনাৰ দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰে।

কমলা, গাজৰৰ ৰস

কমলা আৰু গাজৰৰ ৰস চকুৰ বাবে যথেষ্ট উপকাৰী। খোৱাৰ পিছত বা যিকোনো সময়তে ১ টা কমলা আৰু গাজৰ খোৱাৰ ফলত দৃষ্টিশক্তি বৃদ্ধি হয়। সেয়েহে পাৰিলে সদায় এই খাদ্য গ্ৰহণ কৰাৰ অভ্যাস কৰক। এই ৰস খালে এক মাহতে দৃষ্টি শক্তি ঘূৰাই পাই বুলি বিশ্বাস কৰা হয়। 

মেথিগুটি

ৰাতিপুৱা খালী পেটত মেথিগুটিৰ পানী খাই আপুনি চশমাৰ পৰা দূৰত থাকিব পাৰে। ইয়াৰ বাবে ৰাতি পানীত মেথিগুটি তিয়াই পূৱা খাব।

পালেং শাক

পালেং শাকৰ পুষ্টিকৰ গুণৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। পালেঙত আইৰণ, জিংক, ভিটামিন এ, চি আৰু কে থাকে, যি দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায়ক। সেয়েহে চকুৰ লগতে সুস্বাস্থ্যৰ বাবে পালেং ঘনাই খাব।

কণী

কণীত প্ৰচুৰ পৰিমাণে জিংক থাকে। যিয়ে আপোনাৰ শৰীৰক কণীৰ কুহুমত পোৱা লুটিন আৰু জিএক্সান্থিন ব্যৱহাৰ কৰাত সহায় কৰে। 

চকুৰ স্বাস্থ্যৰ বাবে মূল পুষ্টিকৰ উপাদান

ভিটামিন চি
ভিটামিন ই
লুটিন
জিএক্সান্থিন
জিংক অক্সাইড
এই পুষ্টিকৰ উপাদানসমূহ নিয়মিতভাৱে আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰিলে আপুনি নিশ্চিত হৈছে যে আপোনাৰ চকুৱে প্ৰয়োজনীয় সকলোখিনি পাইছে।