গুৰুতৰ ৰোগৰ পৰা বাচি থকাৰ সহজ উপায়

ইউৰিক এচিড হৈছে আমাৰ শৰীৰৰ পিউৰিনৰ পৰা সৃষ্টি হোৱা এক আৱৰ্জনা সদৃশ সামগ্ৰী। সাধাৰণতে ই প্ৰস্ৰাৱৰ জৰিয়তে নিষ্কাশন হয়। শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হ’লে আৰ্থ্ৰাইটিছ আৰু বৃক্কৰ পাথৰৰ দৰে সমস্যা হ'ব পাৰে।

author-image
Asomiya Pratidin
New Update
22

ডিজিটেল ডেস্ক: ইউৰিক এচিড হৈছে আমাৰ শৰীৰৰ পিউৰিনৰ পৰা সৃষ্টি হোৱা এক আৱৰ্জনা সদৃশ সামগ্ৰী। সাধাৰণতে ই প্ৰস্ৰাৱৰ জৰিয়তে নিষ্কাশন হয়। শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হ’লে আৰ্থ্ৰাইটিছ আৰু বৃক্কৰ পাথৰৰ দৰে সমস্যা হ'ব পাৰে। অৱশ্যে, খোৱা-লোৱাত কিছু সাৱধান হ'লেই এই সমস্যাৰ পৰা বাচি থাকিব পাৰি। হয়, কেইবিধমান পাচলি এনে আছে, যিয়ে ইউৰিক এচিডৰ স্তৰ বৃদ্ধি কৰিব পাৰে। সেইসমূহ হৈছে-

Advertisment

পালেং

পালেং শাক হৈছে এক পুষ্টি সমৃদ্ধ পাচলি। ইয়াত আইৰণ, ভিটামিন চি আৰু আঁহ থাকে যদিও যথেষ্ট পৰিমাণে পিউৰিনো থাকে। ইউৰিক এচিডৰ সমস্যাৰ সৈতে যুঁজি থকা লোকসকলে পালেং শাক খোৱাটো সীমিত কৰিব লাগে। কিয়নো ইয়াৰ অত্যাধিক গ্ৰহণে ইউৰিক এচিডৰ স্তৰ বৃদ্ধি কৰিব পাৰে।

কাঠফুলা

কাঠফুলা খালেও ইউৰিক এচিডৰ সমস্যা বৃদ্ধি হ'ব পাৰে। ইয়াতো যথেষ্ট পৰিমাণৰ পিউৰিন থাকে। অৱশ্যে, কাঠফুলা হৈছে প্ৰ'টিন আৰু এণ্টিঅক্সিডেণ্টৰ এক অতি ভাল উৎস। তথাপিও ইউৰিক এচিডৰ সমস্যা থকা ৰোগীসকলে কাঠফুলা সীমিত পৰিমাণে গ্ৰহণ কৰিব লাগে।

ফুলকবি

ইউৰিক এচিডৰ সমস্যাত ফুলকবিও অপকাৰী। ইয়াত থকা পিউৰিনৰ বাবে ইউৰিক এচিডৰ স্তৰ প্ৰভাৱিত হ'ব পাৰে। ফুলকবিত ভিটামিন চি আৰু ফাইবাৰ থাকে, কিন্তু ইউৰিক এচিডৰ সমস্যা থকা ৰোগীয়ে ইয়াক নিয়ন্ত্ৰিত পৰিমাণত গ্ৰহণ কৰিব লাগে।

ভেন্দি 

সুস্বাদু ভেন্দি আঁহ আৰু ভিটামিনসমৃদ্ধ। কিন্তু ইয়াত উচ্চ পৰিমাণৰ পিউৰিন থাকে, যিয়ে ইউৰিক এচিডৰ স্তৰ বৃদ্ধি কৰিব পাৰে। ইউৰিক এচিডৰ সমস্যা থকা ৰোগীসকলে সীমিত পৰিমাণত ভেন্দি গ্ৰহণ কৰিব লাগে।

বেঙেনা

ইউৰিক এচিডত ভোগাসকলৰ বাবে বেঙেনা খোৱাটোও উপকাৰী নহয়।  বেঙেনাতো পিউৰিন থাকে, যিয়ে ইউৰিক এচিডৰ স্তৰ বৃদ্ধি কৰিব পাৰে। যদিও বেঙেনা স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা হয়, ইউৰিক এচিডৰ সমস্যা থকা ৰোগীয়ে ইয়াক সীমিত পৰিমাণত গ্ৰহণ কৰিব লাগে।

ইউৰিক এচিড নিয়ন্ত্ৰণৰ উপায়

ইউৰিক এচিডৰ সমস্যাৰ পৰা বাচি থাকিবলৈ স্বাস্থ্যকৰ জীৱনশৈলী অনুসৰণ কৰি ওপৰত উল্লেখিত পাচলিসমূহ সীমিত পৰিমাণে গ্ৰহণ কৰিব। অধিক পানী খালেও ইউৰিক এচিড শৰীৰৰ পৰা বাহিৰ হৈ যোৱাত সহায় কৰে। সেয়েহে দিনে কমেও ৮-১০ গিলাচ পানী খোৱাটো নিশ্চিত কৰিব।

Also Read: আজিৰ পৰাই সাৱধান হওঁক এইসকল লোক