এই খাদ্যৰে সকলো মাহ্কীয়া সমস্যা দূৰ কৰক

এই খাদ্যৰে সকলো মাহ্কীয়া সমস্যা দূৰ কৰক

ডিজিটেল ডেস্ক: ঋতুস্ৰাৱ অথবা মাহেকীয়াৰ সময়ত বহু সংখ্যক মহিলাই কেতবোৰ শাৰিৰীক সমস্যাত ভোগে।বহুলোকৰ কেতবোৰ অস্বস্তিকৰ লক্ষণ থাকে।কিন্তু সেই দিনকেইটাত খোৱা-লোৱাত বিশেষভাৱে মনোযোগ দিলে এই সমস্যাবোৰৰ পৰা একেবাৰেই হাত সাৰি থাকিব পাৰি। হয়, কিছুমান খাদ্যই এই সমস্যাবোৰ হ্ৰাস কৰিব পাৰে। আনহাতে আন কিছুমান খাদ্যই সমস্যাবোৰ দুগুণে বৃদ্ধি কৰিব পাৰে।

 ঋতুস্ৰাৱৰ সময়ত হোৱা সমস্যাবোৰ হৈছে- 

  •  পেটৰ বিষ

  •  মুৰৰ বিষ

  •  ওকালি অহা

  •  ভাগৰ

  •  পেট ফুলা

  •  ডায়েৰিয়া

যদি আপুনি এই লক্ষণবোৰৰ যিকোনো এটা অনুভৱ কৰে, তেন্তে আপোনাৰ খাদ্যৰ তালিকাত কিছুমান খাদ্য অন্তৰ্ভূক্ত কৰক।সেই সমূহ হৈছে-

পানী

সুস্বাস্থ্যৰ বাবে যথেষ্ট পৰিমাণে পানী খোৱাটো অত্যন্ত জৰুৰী। ঋতুস্ৰাৱৰ সময়তো খুব পানী খাব লাগে।শৰীৰটোয়ে লাগতীয়াল পানী পায় থাকিলে ডিহাইড্ৰেচনৰ সমস্যা নহয়। ডিহাইড্ৰেচনৰ ফলত মুৰৰ বিষ হয়, যি ঋতুস্ৰাৱৰো এক সচৰাচৰ লক্ষণ।

ফল

তৰমুজ, তিয়ঁহ আদি পানী সমৃদ্ধ ফলে শৰীৰটোক হাইড্ৰেটেড কৰি ৰাখে।কিন্তু মিঠাজাতীয় ফলবোৰ পৰাপক্ষত পৰিহাৰ কৰিব লাগে।মিঠাজাতীয় ফলবোৰে গ্লুকোজৰ স্তৰ বৃদ্ধি কৰিব পাৰে, যি স্বাস্থ্যৰ পক্ষে অতি ভয়াৱহ হব পাৰে।

সেউজীয়া শাক-পাচলি

ঋতুস্ৰাৱৰ সময়ত আইৰণৰ স্তৰ হ্ৰাস হোৱাটো প্ৰায় স্বাভাৱিক। যাৰ ফলত ভাগৰ, শাৰীৰৰ বিষ আৰু মূৰ ঘূৰোৱাৰ সমস্যাই গা কৰি উঠে। সেয়ে এই সময়ত আইৰণ সমৃদ্ধ শাক-পাচলি খাব লাগে। পালেং শাকে শৰীৰত আইৰণৰ স্তৰ বৃদ্ধি কৰিব পাৰে। পালেং শাকত মেগনেছিয়ামো থাকে।

আদা

আদা দিয়া এক কাপ খালে ঋতুস্ৰাৱৰ বহু সমস্যাৰ পৰা আপুনি হাত সাৰিব পাৰে। আদায়ে ওকালি অহা সমস্যা হ্ৰাস কৰিব পাৰে। এক অধ্যয়নত দেখা গৈছে যে গৰ্ভধাৰণৰ প্ৰথম তিনিমাহত আদাই কাৰ্যকৰীভাৱে ওকালি অহা আৰু বমি অহা হ্ৰাস কৰে।

মুৰ্গী মাংস

মুৰ্গী মাংস হৈছে এক অন্যতম আইৰণ আৰু প্ৰ'টিন সমৃদ্ধ খাদ্য। সামগ্ৰিক স্বাস্থ্যৰ বাবে প্ৰ'টিন খোৱাটো অত্যাৱশ্যকীয় আৰু ই আপোনাক ঋতুস্ৰাৱৰ সময়ত স্বাস্থ্য ভালে ৰখাত সহায় কৰে।

মাছ

আইৰণ, প্ৰ'টিন আৰু অমেগা ৩ ফেটি এচিডসমৃদ্ধ মাছ হৈছে এক অতি পুষ্টিকৰ খাদ্য। ২০১২ চনৰ এক অধ্যয়ন অনুসৰি অমেগা ৩য়ে ঋতুস্ৰাৱৰ বিষৰ তীব্ৰতা হ্ৰাস কৰিব পাৰে।আনহাতে, ২০১৪ চনৰ এক অধ্যয়নত দেখুওৱা হৈছিল যে অমেগা ৩য়ে হতাশাও হ্ৰাস কৰিব পাৰে। যিসকলে ঋতুস্ৰাৱৰ সময়ত হতাশা অনুভৱ কৰে তেওঁলোকৰ বাবে অমেগা ৩ সহায়ক হ'ব পাৰে।

ডাৰ্ক চকলেট

সুস্বাদু ডাৰ্ক চকলেট আইৰণ আৰু মেগনেছিয়াম সমৃদ্ধ। ২০১০ চনৰ এটা অধ্যয়নত দেখা গৈছিল যে মেগনেছিয়ামে ঋতুস্ৰাৱৰ লক্ষণবোৰৰ তীব্ৰতা হ্ৰাস কৰিব পাৰে।২০১৫ চনৰ এক অধ্যয়ন অনুসৰি, শৰীৰত মেগনেছিয়ামৰ অভাৱ থকা লোকসকলৰ ঋতুস্ৰাৱৰ সময়ত সকলো সমস্যা গুৰুতৰ হয়।

বাদাম

বেছিভাগ বাদামত অমেগা ৩ ফেটি এচিড থাকে, যি প্ৰ'টিনৰ এক উৎকৃষ্ট উৎস। সেইবোৰত মেগনেছিয়াম আৰু বিভিন্ন ভিটামিন থাকে। যদি আপুনি গোটা বাদাম খাব নোৱাৰে অথবা নিবিচাৰে, তেতিয়া বাদাম বাটাৰ বা বাদাম আধাৰিত গাখীৰ খাব পাৰে।

এই খাদ্যৰে সকলো মাহ্কীয়া সমস্যা দূৰ কৰক
Traditional Food of Assam: দেশী-বিদেশীৰ পছন্দৰ ১২ বিধ অসমীয়া খাদ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in